পদাৰ্থ : ধাতু আৰু অধাতু

১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকৰলৈ নিব পাৰি ?

ক) জিংক

খ) ফছফৰাছ

গ) গন্ধক

ঘ) অক্সিজেন

উত্তৰ: ক) জিংক

২) তলত দিয়া কোনটো উক্তি শুদ্ধ ?

ক) সকলো ধাতু নমনীয় ।

খ) সকলো অধাতু নমনীয় ।

গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

ঘ) কিছুমান অধাতু নমনীয় ।

উত্তৰ: গ) সাধাৰণতে ধাতু সমূহ নমনীয় ।

৩) খালী ঠাই পূৰ কৰা –

ক) ফছফৰাছ এবিধ অতি ________ অধাতু ।

উত্তৰ: সক্ৰিয় 

খ) ধাতু সমূহ তাপ আৰু ________ ৰ ________ পৰিবাহী ।

উত্তৰ: বিদ্যুতৰ , ভাল

গ) তামতকৈ লো ________ সক্ৰিয় ।

উত্তৰ: অধিক

ঘ) ধাতু সমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি ________ গেছ উৎপন্ন কৰে ।

উত্তৰ: হাইড্ৰ’জেন

৪) উক্তিবোৰ শুদ্ধ হলে ‘ শু ‘ আৰু অশুদ্ধ হলে ‘ অ ‘ ৰে চিহ্নিত কৰিবা 

ক) সাধাৰণতে, অধাতু সমূহে  অম্লৰ সৈতে বিক্ৰিয়া কৰে ।

উত্তৰ: অশুদ্ধ

খ) ছ‘ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।

উত্তৰ: শুদ্ধ 

গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে ।

উত্তৰ: অশুদ্ধ

ঘ) কয়লা টানি তাঁৰৰ ৰূপ দিব পাৰি ।

উত্তৰ: অশুদ্ধ

৫) তলৰ তালিকাখনত কিছুমান ধৰ্ম উল্লেখ কৰা হৈছে । এই ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা –

 ধৰ্ম

ধাতু

অধাতু

১। বাহ্যিক ৰূপ

চিকমিকিয়া

অনুজ্বল

২। কঠিনতা

কঠিন

কোমল

৩। ঘাতসহনীয়তা

ঘাতসহনশীল 

ঠুনুকা 

৪। নমনীয়তা

ধাতুক টানি তাঁৰৰ আকাৰ দিব পাৰি

অধাতুক টানি তাঁৰৰ আকাৰ দিব নোৱাৰি

৫। তাপ পৰিবাহিতা

সুপৰিবাহী

কু-পৰিবাহী

৬। বিদ্যুত পৰিবাহিতা

সুপৰিবাহী

কু-পৰিবাহী

৬) কাৰণ দৰ্শোৱা –

ক) খাদ্য – সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয় ।

খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত ।

গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে ।

ঘ) ছ‘ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয় ।

৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে ? ব্যাখ্যা কৰা ।

৮) স্তম্ভ ‘ ক ‘ ত থকা পদাৰ্থ সমূহক স্তম্ভ ‘ খ ‘ ত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা ।

(i) সোণ

(ক) থাৰ্মমিটাৰ ।

(ii) লো

(খ) বৈদ্যুতিক তাঁৰ ।

(iii) এলুমিনিয়াম

(গ) খাদ্য মেৰোৱা ।

(iv) কাৰ্বন

(ঘ) আ – অলংকাৰ ।

(v) তাম

(ঙ) যন্ত্ৰ – পাতি ।

(vi) পাৰা

(চ) ইন্ধন ।

৯) কি ঘটিব যেতিয়া –

ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এচিড ঢলা হয় ?

খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয় ?

১০) শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে ।

ক) তেওঁ কেনেদৰে গেছ টোৰ প্ৰকৃতি জানিব পাৰিব ?

খ) এই প্ৰক্ৰিয়াত সংঘটিত হোৱা সকলোবোৰ বিক্ৰিয়াৰ শব্দ – সমীকৰণ লিখা

১১) এদিনা খন ৰীতাই মাকৰ লগত গহনাৰ দ দোকানলৈ গৈছিল । তেওঁৰ মাকে সোণাৰী জনক এডাল পুৰণি সোণৰ গহনা পালিচ কৰিব দিলে । পাছদিনা, তেওঁলোকে যেতিয়া গহনা ডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনা ডালৰ ওজন সামান্য কমিছে । ওজন হ্ৰাসৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে ?

Scroll to Top