পোহৰ
1. ধৰা হওঁক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবোৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবোৰ দেখিবানে? ব্যাখ্যা কৰা।
উত্তৰঃ অন্ধকাৰ কোঠাত থাকিলে কোঠাটোৰ ভিতৰত বস্তু দেখা নাপাওঁ। অৱশ্যে কোঠাটোৰ বাহিৰৰ বস্তুবোৰ আমাৰ চকুত দেখা যায়। কোনো বস্তু দৃশ্যমান হয় যেতিয়া সেই বস্তুটোৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰে। কোঠাটোত পোহৰ নাথাকিলে কোঠাটোৰ ভিতৰৰ বস্তুবোৰে পোহৰ প্ৰতিফলিত কৰিব নোৱাৰে। গতিকে অন্ধকাৰ কোঠা এটাত আমি দেখা নাপাওঁ। কোঠাটোৰ বাহিৰত পোহৰ থাকিলে আমি কোঠাটোৰ বাহিৰত বস্তুবোৰ দেখা পাওঁ।
2. নিয়মিত আৰু বিক্ষিপ্ত প্রতিফলনৰ পাৰ্থক্যবোৰ লিখা। বিক্ষিপ্ত প্রতিফলনে প্ৰতিফলনৰ সূত্ৰসমূহ বিফল হোৱা বুজাই নেকি?
3। তলত উল্লেখ কৰা পৃষ্ঠ সমূহত পোহৰৰ ৰশ্মিগুচ্ছ আপতিত হ’লে নিয়মিত নে বিক্ষিপ্ত প্ৰতিফলন ঘটিব উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাৰ্থত প্ৰতিষ্ঠা কৰা।
(ক) চিক্চিকিয়া কাঠৰ টেবুল।
উত্তৰঃ চিক্চিকিয়া কাঠৰ টেবুলত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ চিক্চিকিয়া কাঠৰ টেবুলৰ পৃষ্ঠ খন মিহি।
(খ) চক্ পাউদাৰ।
উত্তৰঃ চক্ পাউদাৰ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ চকৰ গুড়িৰ পৃষ্ঠ খহটা আৰু অসমান, যাৰ ফলত ই পোহৰক বিভিন্ন দিশত সিঁচৰিত কৰে।
(গ) ডাঠ কাগজৰ পৃষ্ঠ।
উত্তৰঃ ডাঠ কাগজৰ পৃষ্ঠ ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ডাঠ কাগজৰ পৃষ্ঠ অসমান।
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া।
উত্তৰঃ তিতি থকা মাৰ্বলৰ মজিয়াত সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ তিতি থকা মাৰ্বলৰ মজিয়া পৃষ্ঠ খন মিহি।
(ঙ) দাপোন।
উত্তৰঃ দাপোনত সদায় সুষম বা নিয়মিত প্ৰতিফলন ঘটিব। কাৰণ দাপোনৰ পৃষ্ঠ খন সমান আৰু মিহি।
(চ) কাগজৰ টুকুৰা।
উত্তৰঃ কাগজৰ টুকুৰা ক্ষেত্ৰত বিষম বা বিক্ষিপ্ত প্ৰতিফলন ঘটিব। কাৰণ ই মিহি পৃষ্ঠ সৃষ্টি নকৰে।
৪। প্ৰতিফলনৰ সূত্ৰ সমূহ লিখা।
উত্তৰঃ প্ৰতিফলনৰ সূত্ৰ সমূহ হ’ল-
১) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে।
২) আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয়।