বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া
১) খালী ঠাই পূৰ কৰাঃ
ক) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদাৰ্থই ___________, ___________, _____________ ৰ দ্ৰৱ ।
উত্তৰঃ এছিড, ক্ষাৰ, লৱণ ।
খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ______________ ক্ৰিয়াৰ সৃষ্টি কৰে ।
উত্তৰঃ ৰাসায়নিক ।
গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰিলে বেটাৰিৰ _______________ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব ।
উত্তৰঃ ঋণ ।
ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক ________________ বোলে ।
উত্তৰঃ বিদ্যুৎ লেপন ।
২) যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায় । তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰঃ যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব্যত ডুবাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বৰ্তনীটো সম্পূৰ্ণ কৰে । বৰ্তনী সম্পূৰ্ণ হলে বিদ্যুৎ চালিত হয় । বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটোৱাই ।
৩) তিনি বিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰ ১৪.৯ ত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপণ ঘটিব পাৰে ।
উত্তৰঃ তিনি বিধ জুলীয়া পদাৰ্থৰ নাম হল –
ক) নিমখ পানী
খ) হাইড্ৰ’ক্লৰিক এছিড
গ) কপাৰ ছালফেট দ্ৰৱ
৪) চিত্ৰ ১৪.১০ ত দেখুওৱা ব্যৱস্থাত বালবটো জ্বলা নাই । সম্ভৱপৰ কাৰণ বোৰ লিখা । তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা ।
উত্তৰঃ বাল্বটো নজ্বলাৰ কাৰণবোৰ হ’ল-
(i) বাল্বটো বেয়া হ’ব পাৰে।
(ii) বেটাৰীৰ কোষবোৰে কাম নকৰিব পাৰে।
(iii) তাঁৰৰ সংযোগ ভালকৈ নহ’ব পাৰে অৰ্থাৎ ঢিলা হব পাৰে।
(iv) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহব পাৰে।
৫) ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিত পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে । দেখা গল যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বলৱটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্ৰভ । তুমি সিদ্ধান্ত লবা যে –
ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।
খ) জুলীয়া পদাৰ্থ ‘A’ তকৈ জুলীয়া পদাৰ্থ ‘B’ উন্নত পৰিবাহী ।
গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাবে পৰিবাহী ।
ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি ।
উত্তৰঃ ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী ।
৬) বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ ?
উত্তৰঃ বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, ইয়াক পৰিবাহী কৰিবলৈ আমি বিশুদ্ধ পানীৰ লগত লবণ মিহলি কৰিব পাৰোঁ।
৭) অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক জোৱান সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাই খিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে । তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা ।
উত্তৰঃ অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেইঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে কাৰণ বিদ্যুৎ যোগান অব্যাহত থাকিলে অগ্নিকাণ্ডত ব্যৱহাৰ কৰা পানীৰ মাজেৰে বিদ্যুৎ চলাচল কৰিব পাৰিব ফলত পানীৰ জৰিয়তে গোটেই অঞ্চলটোত বিদ্যুৎ বিয়পি পৰিব আৰু দুর্ঘটনা ঘটিব।
৮) উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে । তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে । কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰঃ সাগৰৰ পানীত লৱণৰ পৰিমাণ বেছি। সেয়েহে খোৱা পানীতকৈ সাগৰৰ পানী বেছি বিদ্যুতৰ সুপৰিবাহী। সেইকাৰণে শিশুটোৱে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন ঘটা দেখিব।
৯) ধাৰাসাৰ বৰষুণ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে ? ব্যাখ্যা কৰা ।
উত্তৰঃ ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়, কাৰণ বৰষুণৰ পানী বিদ্যুৎৰ সু-পৰিবাহী। বৰষুণৰ সময়ত বাহিৰত বিদ্যুৎৰ কাম কৰিলে পানীৰ মাজেৰে বিদ্যুৎ চালিত হৈ দুৰ্ঘটনা হব পাৰে।
১০) প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল । গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে । তাই কম্পাছ শলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে । কাৰণ বোৰ কি কি হব পাৰে ?
উত্তৰঃ বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰৱীভূত হৈ কিছু আম্লিক হৈ পৰে। গতিকে ই বিদ্যুতৰ পৰিবাহী হয়। সেইবাবে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছ শলাৰ বিক্ষেপণ দেখিলে ।
১১) তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপণ বিশিষ্ট বস্তু বোৰৰ এখন তালিকা প্ৰস্তুত কৰা ।
উত্তৰঃ গেছ বাৰ্ণাৰ, বাথৰুমৰ নল, গাড়ীৰ অংশ, ঘৰৰ টিনপাত, তলা-ছাবি, আ-অলংকাৰবোৰ আদি।
১২) ক্ৰিয়াকলাপ ১৪.৭ ত তুমি দেখা প্ৰক্ৰিয়াটোৰে তাম শুদ্ধ কৰা হয় । বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশোধিত তামৰ শকত দণ্ড এডাল তড়ি দ্বাৰ ৰূপে লোৱা হয় । অশুদ্ধ দণ্ডৰ মিহি পাতখন তাম স্থানান্তৰ কৰিব খোজা হৈছে । বেটাৰিৰ ধনাত্মক মেৰুৰ কোন ডাল তড়ি দ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয় ?
উত্তৰঃ বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাত খন সংযোগ কৰিব লাগিব । কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়ি দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হব ।