শব্দ (Sound)
শুদ্ধ উত্তৰ বাছি উলিওৱা –
১) শব্দ সঞ্চাৰিত হব পৰা মাধ্যম হৈছে –
ক) একমাত্ৰ।
খ) কেৱল গোটেই পদাৰ্থটোৱেই।
গ) জুলীয়া একমাত্ৰ পদাৰ্থ।
ঘ) গোটা, জুলীয়া আৰু গেছীয় পদার্থ।
উত্তৰঃ ঘ) গোটা, জুলীয়া আৰু গেছীয় পদার্থ।
২) কাৰ মাত কম কম্পনাংকৰ হব?
ক) কেঁচুৱা ছোৱালীৰ ।
খ) কেঁচুৱা লৰা।
গ) পুৰুষ।
ঘ) মহিলা।
উত্তৰঃ গ) পুৰুষ।
৩) তলৰ শুদ্ধ উক্তি সমূহত ‘শু ‘আৰু ভুল উক্তি সমূহত ‘অ’ লিখা-
ক) বায়ু শূন্য স্থানত শব্দ সঞ্চাৰিত হব নোৱাৰে।
উত্তৰঃ শুদ্ধ।
খ) এটা কম্পমান বস্তুৰ প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই ইয়াৰ পৰ্যায় কাল বোলে।
উত্তৰঃ অশুদ্ধ।
গ) কম্পনৰ বিস্তাৰ বেছি হলে, শব্দ দুৰ্বল হয়।
উত্তৰঃ শুদ্ধ।
ঘ) মানুহৰ বাবে শ্রাব্য সীমা ২০ হার্টজৰ পৰা ২০,০০০ Hz I
উত্তৰঃ শুদ্ধ।
ঙ) কম্পনৰ কম্পনাংক কম হলে তীক্ষ্ণতা বেছি হয়।
উত্তৰঃ অশুদ্ধ।
চ) অবাঞ্ছিত বা অস্বস্তিকৰ শব্দ কেই সংগীত বুলি কোৱা হয়।
উত্তৰঃ অশুদ্ধ।
ছ) শব্দ প্রদূষনে আংশিক শ্ৰৱণ বিসংগতি সৃষ্টি কৰিব পাৰে।
উত্তৰঃ শুদ্ধ।
৪) উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-
ক) এটা দোলন সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়ক বস্তুৰ ______________বোলে।
উত্তৰঃ পৰ্যায় কাল।
খ) কম্পনৰ ______________দ্বাৰা তীব্ৰতা নির্নয় হয়।
উত্তৰঃ বিস্তাৰৰ ।
গ) কম্পনাংকৰ একক হৈছে ______________।
উত্তৰঃ হার্টজ।
ঘ) অবাঞ্ছিত শব্দক _______________বোলে।
উত্তৰঃ কোলাহল।
ঙ) কম্পনৰ _____________দ্বাৰা শব্দৰ তীক্ষ্ণতা নিৰূপণ হয়।
উত্তৰঃ কম্পনাংকৰ।
৫) এটা দোলকে ৪ ছেকেণ্ডত ৪০ টা দোলন সম্পূৰ্ণ কৰে। ইয়াৰ পৰ্যায় কাল আৰু কম্পনাংক নিৰ্ণয় কৰা।
উত্তৰঃ পৰ্যায় কাল = মুঠ সময় / কম্পনৰ সংখ্যা
= 4/40 s
= 1/10 s
= 0.1 s
কম্পনাংক = কম্পনৰ সংখ্যা / মুঠ সময়
= 40/4s
= 10/s
= 10 Hz
৬) মাহে প্রতি ছেকেণ্ডত গড়ে ৫০০ বাৰকৈ পাখি কঁপাই শব্দৰ সৃষ্টি কৰে। এই কম্পনৰ পৰ্যায় কাল কিমান?
উত্তৰঃ পৰ্যায়কাল = মুঠ সময় / কম্পনৰ সংখ্যা
= 1 / 500 s
= 0.002 s
৭) তলৰ বাদ্যযন্ত্ৰ সমূহৰ কম্পন হৈ শব্দ উৎপন্ন কৰা অংশসমূহ চিনাক্ত কৰা-
ক) ঢোলক
উত্তৰঃ টানি ৰখা চামৰা ।
খ) চেতাৰ
উত্তৰঃ টানি ৰখা তাৰৰ পৰা কম্পন হৈ শব্দ উৎপন্ন হয়।
গ) বাঁহী
উত্তৰঃ বায়ুস্তম্ভ ।
৮) কোলাহল আৰু সংগীতৰ মাজৰ পাৰ্থক্য কি? সংগীত কেতিয়াবা কোলাহল হব পাৰেনে?
উত্তৰঃ কোলাহল হৈছে অপ্ৰীতিকৰ, বিশৃংখল আৰু উচ্চ শব্দ। ইয়াৰ কোনো নিৰ্দিষ্ট সুৰ, ছন্দ বা গঠন নাথাকে। সংগীত হৈছে এক সুশৃংখল, শ্ৰুতিমধুৰ আৰু সুন্দৰ শব্দ, য’ত এক নিৰ্দিষ্ট সুৰ, ছন্দ আৰু তাল থাকে।
যদি সংগীত অতি উচ্চ শব্দত বজোৱা হয় অথবা কোনো অনাকাংক্ষিত পৰিস্থিতিত বজোৱা হয়, তেতিয়া ইয়াক কোলাহল বুলি গণ্য কৰিব পাৰি।
9. তোমাৰ চাৰিওফালে হোৱা শব্দ প্ৰদূষণৰ উৎসসমূহৰ তালিকা এখন প্রস্তুত কৰা।
উত্তৰঃ শব্দ প্ৰদূষণৰ কেইটামান উৎস হল –
(a) বাছ আৰু গাড়ীৰ হৰ্ণ।
(b) উচ্চ স্বৰে বজোৱা টিভি, ৰেডিঅ, টেপ আদি।
(c) ফেন, এয়াৰ কুলাৰ আদিৰ শব্দ।
(d) উচ্চস্বৰত বজোৱা টেলিভিছন, ৰেডিঅ, লাউডস্পিকাৰৰ শব্দ।
(e) ফটকাৰ শব্দ।
১০) মানুহৰ বাবে শব্দ প্ৰদূষণ কিয় অপকাৰী ব্যাখ্যা কৰা।
উত্তৰঃ শব্দ প্ৰদূষণে মানুহৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ ওপৰত কেইবাটাও নেতিবাচক প্ৰভাৱ পেলায়, যেনে শ্ৰৱণ শক্তিৰ ক্ষতি, মানসিক চাপ, টোপনিৰ ব্যাঘাত, উচ্চ ৰক্তচাপ আৰু মনোযোগৰ অভাৱ। ই শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে ক্ষতি কৰে।
১১) তোমাৰ মাৰা – দেউতাৰাই ঘৰ এটা কিনিবলৈ ওলাইছে। তেওঁলোকক এটা পথৰ দাঁতিৰ আৰু আন এটা পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰ দেখুওৱা হৈছে। তুমি তোমাৰ মা – দেউতাক কোনটো ঘৰ কিনিবৰ বাবে পৰামৰ্শ আগবঢ়াবা? কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ মই মা-দেউতাক পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰটো কিনিবলৈ পৰামৰ্শ দিম। ইয়াৰ কাৰণ হ’ল, পথৰ দাঁতিৰ ঘৰত শব্দ প্ৰদূষণ বেছি হয়, আনহাতে দাঁতিৰ পথৰ পৰা তিনিটা উপপথ আঁতৰত থকা ঘৰত শব্দ প্ৰদূষণ নহ’ব।
১২) স্বৰ যন্ত্ৰৰ চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য সমূহ তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰা।
উত্তৰঃ 
স্বৰকক্ষৰ চিত্ৰ
মানুহৰ ক্ষেত্ৰত স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ দ্বাৰা শব্দ সৃষ্টি হয়। ই বায়ুনলীৰ ওপৰৰ অংশত অৱস্থিত। স্বৰকক্ষ বা স্বৰযন্ত্ৰৰ ইপাৰ সিপাৰ হোৱাকৈ দুডাল স্বৰতন্ত্ৰী এনেদৰে টান খাই থাকে যে ইয়াৰ মাজেৰে বায়ু যাব পৰাকৈ এটা ঠেক ছিদ্ৰৰ সৃষ্টি হয়। হাঁওফাঁওৱে ছিদ্ৰৰ মাজেৰে বায়ু জোৰেৰে ঠেলি পঠিয়ালে স্বৰতন্ত্ৰী কঁপিবলৈ ধৰে আৰু শব্দৰ সৃষ্টি কৰে।
১৩) আকাশত বিজুলী আৰু ঢেৰেকণি একে সময়ত আৰু আমাৰ পৰা একে দূৰত্বত সংঘটিত হয়। কিন্তু আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰঃ পোহৰৰ গতিবেগ শব্দৰ গতিবেগতকৈ বেছি হয়। সেয়েহে, আগে বিজুলী দেখা যায় আৰু তাৰ পিছতহে ঢেৰেকনি কাণত পৰে।