বস্ত বিজ্ঞান অধ্য়য়ন
১। উত্তৰ দিয়া-
(ক) বিজ্ঞান শাস্ত্র কিহৰ ভঁৰাল?
উত্তৰঃ বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
(খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে?
উত্তৰঃ বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিবলৈ ধৰিছে।
(গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি ভেদ কৰিব পাৰে?
উত্তৰঃ বিজ্ঞান চৰ্চা কৰিলে মানুহে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰে।
(ঘ) উদ্দ্গতি পথত কিহে বাধা দিয়ে?
উত্তৰঃ উদগতিৰ পথত কু-সংস্কাৰে বাধা দিয়ে।
(ঙ) ধনগুলৈক কিহৰ মায়া বুলি মানুহে বিশ্বাস কৰে?
উত্তৰঃ ধনগুলৈক মানুহে প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে।
(চ) হাতীয়ে গা লৰালে কি হয় বুলি ভাবে?
উত্তৰঃ হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে।
(ছ) বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়?
উত্তৰঃ বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়।
২। ‘ধনগুলৈ’ৰ কেনেকৈ উৎপত্তি হয় চমুকৈ লিখা।
উত্তৰঃ জাবৰ জন্তুৰ মল- মূত্ৰ আদি পচা বস্তু থকা ঠাইৰ পৰা ওলোৱা এবিধ বাষ্প। ই বতাহেৰে সংলগ্ন হলে তাত জুই উঠে আৰু সেই জুই চাকি এটাৰ নিচিনা হৈ বতাহত কিছু বেলি চলি ফুৰে। কোনো কোনো বিশ্বাস কৰে যে পুতি থোৱা ধন সোণৰ ই এক কালিকা আৰু ৰাতি বাহিৰলৈ ওলাই। এনেদৰে ‘ধনগুলৈ’ৰ উৎপত্তি হয় ।
৩। ‘প্রতিধ্বনি’ কেনেকৈ হয় চমুকৈ লিখা।
উত্তৰঃ আমি বন্ধ, ডাঙৰ, খালী কোঠা এটাত চিঞৰিলে আমি কৰা শব্দটো শুনাৰ পিছ মুহূৰ্ততে আকৌ এবাৰ আমাৰ অনুৰূপ শব্দ এটা শুনিবলৈ পাওঁ। এয়াই হৈছে প্ৰতিধ্বনি।আমি কৰা শব্দটো বন্ধ কোঠাৰ বেৰৰ কঠিন অংশত খুন্দা খাই প্ৰতিফলিত হৈ আমাৰ ওচৰলৈ পুনৰ ঘূৰি আহে। তেনেদৰেই প্ৰতিধ্বনিৰ সৃষ্টি হয়।
৪। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়?
উত্তৰঃ বিজ্ঞান শাস্ত্ৰৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰে’ল, জাহাজ, টেলিফোন, ফটোগ্রাফ, ফনোগ্রাফ, গ্রামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্রতি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসা প্রণালী এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। সেই কাৰণেই বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়।
৫। বিজ্ঞানবিসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে?
উত্তৰঃ বিজ্ঞানবিদসকলে শব্দ-তত্ত্ব নিৰূপণ কৰি টেলিফোন, গ্রামোফোন, ফনোগ্রাফ আদি যন্ত্ৰ আৱিষ্কাৰ কৰিছে।
৬। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
(ক) কু-সংস্কাৰ উদ্দ্গতি পথৰ এটা বাধা।
উত্তৰঃ ই কথাফাকি ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠৰ পৰা তুলি অনা হৈছে। মানুহৰ মাজত চলি অহা সকলো বিশ্বাসেই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা-মিছা প্রমাণ কৰিব পাৰে এই কথা ক’বলৈ যাওঁতে কথাফাকি উল্লেখ কৰিছে।
প্ৰাচীন কালৰ পৰাই মানুহে মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এনে জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কু-সংস্কাৰে ব্যক্তিগত উদ্গতিৰ পথত বাধা দি আহিছে। এই কু-সংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে বর্তমান অহৰহ চেষ্টা কৰি আহিছে। কাৰণ বিজ্ঞানে এইবোৰৰ সঁচা-মিছা নিৰূপণ কৰি মানুহৰ ডাঙৰ উপকাৰ সাধন কৰিছে।
(খ) বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল।
উত্তৰঃ এই কথাফাকি ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বর্তমান বিজ্ঞানে মানুহক কিমান জ্ঞানৰ খবৰ দি আহিছে, মানুহৰ কিমান উপকাৰ কৰিছে তাৰ কথা কবলৈ যাওঁতেই পাঠটিত এনেদৰে উল্লেখ কৰিছে। বিজ্ঞানে সকলো ধৰণৰ জ্ঞান প্ৰদান কৰিব পাৰে। বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। বিজ্ঞানে প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰিব পাৰে। ৰেল, জাহাজ, টেলিফোন, টেলিগ্রাফ, অণুবীক্ষণ, দূৰবীক্ষণ, সম্প্ৰতি ওলোৱা বিমান, যানবাহন, নানাবিধ ঔষধী আৰু চিকিৎসা প্রণালী আদিৰ সৃষ্টি বিজ্ঞান শিক্ষাৰ ফল। আজি মানুহৰ জীৱন ধাৰণৰ সকলো দিশতে বিজ্ঞানৰ অৱদান আছে। সেইকাৰণেই বিজ্ঞানশাস্ত্রক জ্ঞানৰ ভঁৰাল বুলি কৈছে।
(গ) মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল।
উত্তৰঃ এই কথাফাকি ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। মানৱ জাতিৰ ওপৰত বৰ্তমান বিজ্ঞানৰ প্ৰভাৱ সম্পর্কে ক’বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰিছে।
বিজ্ঞানশাস্ত্র হ’ল জ্ঞানৰ ভঁৰাল। ইয়াৰ দ্বাৰা মানুহৰ মাজত চলি অহা কু-সংস্কাৰবোৰ আঁতৰ কৰাৰ উপৰি প্ৰকৃতিৰ গুপ্ততত্ত্ব ভেদ কৰি মানুহৰ মাজত প্রকৃত সত্যটা প্ৰকাশ কৰিছে। সমাজৰ সকলো বাধা আঁতৰাই উদগতিৰ পথত বাট বুলিবলৈ বিজ্ঞানে শিক্ষা দিছে। মানুহে আগৰ বেয়া কথা, বেয়া চিন্তা, কু-সংস্কাৰ আদি আঁতৰাই লাহে লাহে সভ্যতাৰ পথত আগবাঢ়িছে। অদ্ভুত অদ্ভুত কাম কৰি, আৱিষ্কাৰ কৰি মানুহৰ প্ৰয়োজনীয় সকলো সামগ্রী নিৰ্মাণৰ সহায় কৰি মানৱ সভ্যতাক সকলো ফালৰ পৰাই আগুৱাই লৈ গৈছে।
(ঘ) সকলোৰে কিঞ্চিৎ কিঞ্চিৎ তেহে এটাৰ সমুচিত।
উত্তৰঃ এই কথাফাকি ‘বস্তু বিজ্ঞান অধ্যয়ন’ নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। বিজ্ঞানবিদসকলৰ বিজ্ঞান অধ্যয়নৰ প্ৰণালী সম্পর্কে ক’বলৈ যাওঁতে পাঠটিত এই কথাফাকি উল্লেখ কৰিছে।
বিজ্ঞান শাস্ত্র নানাবিধ আছে। সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰা বৰ দুষ্কৰ কথা। সেইদেখি মানুহে এবিধ বিজ্ঞানৰ মাথোন চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চর্চা কৰিছিল। কিন্তু এটা বিষয় সম্পূর্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে। সকলোৰে অলপ অলপ জানিলেহে এটা সম্পূর্ণ জনাত সহায় হয়। এতেকে আগেয়ে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব পাৰে।
৭। বহলাই লিখা।
(ক) পাঠৰ আলমত কু-সংস্কাৰৰ দৃষ্টান্ত কেইটামান উল্লেখ কৰা আৰু কি কৰিলে সমাজৰ পৰা কু-সংস্কাৰবোৰ দূৰ কৰিব পাৰি লিখা।
উত্তৰঃ পাঠত উল্লেখ কৰিছে যে বহুতো চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে, কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰৰ দৃষ্টান্ত মাথোন। ইয়াতকৈও গুৰুতৰ বিষয়ত মানুহৰ কু-সংস্কাৰ আছে। ইয়াৰে এটা দৃষ্টান্ত হ’ল আগৰ দিনৰ কিছুমানৰ মাজত থকা সতীদাহ প্রথা কু-প্রথা। বিজ্ঞান শিক্ষা লাভ কৰিলে সমাজৰ পৰা এই কু-সংস্কাৰবোৰ দূৰ কৰিব পৰা যায়। বিজ্ঞানে মানুহৰ মনত জ্ঞান জন্মায় আৰু ইয়াৰ দ্বাৰা সঁচা- মিছা, ভাল-বেয়া, ন্যায়-অন্যায় বুজিব পাৰি।
(খ) ‘বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’ 一 যুক্তিৰে তোমাৰ মতামত দাঙি ধৰা।
উত্তৰঃ বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ এটা ঘাই বিষয়’ ইয়াক অধ্যয়ন কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সমুখত নানা ঘটনা ঘটে। যেনে— ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্রতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছো; কিন্তু কাৰণ সুধিলে আমি ক’ব নোৱাৰো। বিজ্ঞান শাস্ত্র অধ্যয়ন কৰিলে এই বিলাক ঘটনাৰ কাৰণ জনা যায়। বিজ্ঞান শাস্ত্ৰ অধ্যয়নৰ দ্বাৰা আজি ৰেল, জাহাজ, বিমান, বিভিন্ন যানবাহন, টেলিফোন, ফটোগ্রাফ, ফনোগ্রাফ, দূৰবীণ, অণুবীক্ষণ, নানাবিধ ঔষধ নানা ধৰণৰ চিকিৎসা প্ৰণালী ইত্যাদি অনেক কথা আৰু কাৰ্যই আৱিষ্কাৰ আৰু উদ্ভৱ হৈছে। আচলতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান শাস্ত্র অধ্যয়নৰ ফল।