ভক্ত প্ৰহ্লাদ

১। উত্তৰ দিয়া-

ক) ‘ভক্ত প্রহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।

উত্তৰঃ ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ’ল – হৰি (ত্ৰিজগত ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা) হিৰণ্যকশিপু (দৈত্যৰাজ, হৰিৰ চিৰবৈৰী)

প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত) ষণ্ডামৰ্ক (দৈত্য-গুৰু) মহাৰাণী (হিৰণ্যকশিপুৰ পত্নী, দৈত্যৰাণী)

খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?

উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।

গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?

উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।

ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?

উত্তৰঃ হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণাক্ষ্য।

ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?

উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল।

চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্য গুৰু গুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষগু আৰু মৰ্কক নিয়োগ কৰিছিল।

ছ) ত্ৰিজগতৰ পতি বুলি প্রহ্লাদে কাক কৈছিল?

উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল।

জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?

উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহটোৰ নাম নৰসিংহ।

ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?

উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ।

২। লিখা।

(ক) কি ভাবত তন্ময় হৈ আছা প্রহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে? – এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত -প্রহ্লাদ কি ভাবত তন্ময় হৈ আছিল?

উত্তৰঃ এই কথাষাৰ প্ৰহ্লাদৰ জেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেইসময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল।

(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?

উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে বধ ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰি পেলালে। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল।

৩। চমুকৈ লিখা।

(ক) প্রহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্রমে লিখা।

উত্তৰঃ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকর্তা, পালনকর্তা আৰু ত্রাণকর্তা বুলি কৈছে। তেওঁ কৈছে যে “ৰাখে হৰি মাৰে কোনে” অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰো। হৰি হ’ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ, বতাহ, বায়ু, পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নায়েই।

(খ) বামানয় শাস্ত্রজ্ঞান ল’বলৈ প্রহ্লাদে কিয় আপত্তি কৰিছিল?

উত্তৰঃ বামানয় শাস্ত্ৰজ্ঞান লʼবলৈ প্ৰহ্লাদে আপত্তি কৰিছিল। কাৰণ ই হৰি ভক্তিৰ বিৰুদ্ধ।আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰী চৰণত শৰণ লৈছিল।

(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল?

উত্তৰঃ হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যয়ক দাঁতেৰে খুচি হত্যা কৰিছিল।

(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকৃতি কৰিছিল?

উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকৃতি কৰিছিল যে- “হে হৰি, আমাৰ সকলোকে গুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক। পিতৃৰ সকলো দোষ মাৰ্জনা কৰক।”

(চ) যণ্ডামর্কই প্রহ্লাদক বামানয় শাস্ত্রজ্ঞান দিবলৈ কি কি বুজনি দিছিল?

উত্তৰঃ ষণ্ডামৰ্ক প্ৰহ্লাদক বামায়ন শাস্ত্রজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে- চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰিনামে শোভা নাপায়। তুমি হ’লা দৈত্যবংশৰ পুত্ৰ, দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা, বামায়ন শাস্ত্র পঢ়া, য’ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকণীয় অনেক কথা।

(ছ) প্রহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?

উত্তৰঃ প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল। কাৰণ বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰমপিতাৰ শ্ৰীচৰণত শৰণ লৈছিল।

৪। ব্যাখ্যা কৰা।

‘ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।’

৫। “মোৰ বিনাশ, হাঃ হাঃ হাঃ। বোধ কৰোঁ জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে, মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ।” – এই সংলাপটো কোনে কাক কৈছে? লিখা।

Updated on : 11/09/2025

Scroll to Top