সংস্কৃতি আৰু আমাৰ জীৱন

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

১। উত্তৰ দিয়া : 

  • (ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়?

    • উত্তৰ: সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজ আৰু মানুহৰ প্ৰয়োজন হয়।

  • (খ) সমাজ কাৰ দ্বাৰা গঠিত হয়?

    • উত্তৰ: সমাজ মানুহৰ দ্বাৰাই গঠিত হয়।

  • (গ) সংস্কৃতিৰ অন্যতম উপাদান কি?

    • উত্তৰ: সংস্কৃতিৰ অন্যতম প্ৰধান উপাদান হ’ল মানুহৰ আচাৰ-আচৰণ, ৰীতি-নীতি, সাজ-পোছাক আৰু খাদ্যাভ্যাস

  • (ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা হয়?

    • উত্তৰ: কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ (ফচল) বোটলা হয়।

  • (ঙ) সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ কি কৰিব লাগে?

    • উত্তৰ: সৎ প্ৰবৃত্তিৰ লোক হ’বলৈ হ’লে নিজৰ মনৰ পথাৰত ভাল কাম, সুচিন্তা আৰু সজ আচৰণৰ কৰ্ষণ (অনুশীলন) কৰিব লাগে।

  • (চ) সংস্কৃতিৰ ৰূপ দুটা কি কি?

    • উত্তৰ: সংস্কৃতিৰ ৰূপ দুটা হ’ল— ১) বাহ্যিক ৰূপ আৰু ২) আভ্যন্তৰীণ ৰূপ

  • (ছ) মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি?

    • উত্তৰ: মানুহৰ আৱেগ-অনুভূতিৰ মূল উৎস হ’ল আমাৰ চৌপাশৰ বিনন্দীয়া প্ৰকৃতি

  • (জ) কৃষ্টিৰ আধাৰ কি?

    • উত্তৰ: কৃষ্টিৰ আধাৰ হ’ল কৃষি (কৰ্ষণ)

  • (ঝ) ‘দখনা’ আৰু ‘চৌবন্দী’ মূলতঃ কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোছাক?

    • উত্তৰ: ‘দখনা’ বড়ো জনগোষ্ঠীৰ আৰু ‘চৌবন্দী’ নেপালী সম্প্ৰদায়ৰ মহিলাৰ পৰম্পৰাগত পোছাক।

২। চমু উত্তৰ দিয়া :

(ক) ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি?

  • উত্তৰ: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে— “যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্ৰকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱায়— মানুহৰ সেই কথা, সেই চিন্তা বা সেই কামেই হৈছে সংস্কৃতি।”

(খ) সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি?

  • উত্তৰ: সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰধান কাৰণসমূহ হ’ল— ভৌগোলিক অৱস্থান, জলবায়ুৰ ভিন্নতা, খাদ্যৰীতিৰ অভ্যাস, জীৱনশৈলীৰ বৈশিষ্ট্য, অৰ্থনৈতিক ব্যৱস্থা (কৃষিভিত্তিক নে শিল্পভিত্তিক) আৰু জনগোষ্ঠীয় পৰম্পৰা।

(গ) খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়?

  • উত্তৰ: অঞ্চলভেদে মানুহৰ ভৌগোলিক পৰিৱেশ আৰু উপলব্ধ শস্যৰ ওপৰত ভিত্তি কৰি খাদ্য-ৰীতি গঢ় লৈ উঠে। খাদ্য প্ৰস্তুতকৰণ প্ৰণালী, খাদ্য বিতৰণ আৰু উৎসৱ-পাৰ্বণৰ বিশেষ খাদ্যই এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ স্বকীয় ৰুচিবোধ আৰু সাংস্কৃতিক পৰিচয় উজ্জ্বল কৰি তোলে।

(ঘ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে?

  • উত্তৰ: মানুহে জন্মৰ পৰাই সমাজৰ বিভিন্ন আচাৰ-ব্যৱহাৰ, ধৰ্মীয় অনুষ্ঠান, ৰীতি-নীতি আৰু উৎসৱৰ লগত জড়িত হৈ পৰে। পৰম্পৰাগতভাৱে এইবোৰ অভ্যাস আৰু অনুশীলন কৰোঁতে কৰোঁতে সামাজিক পৰম্পৰাৰ সৈতে মানুহৰ জীৱন ওতপ্ৰোতভাৱে বান্ধ খাই পৰে।

৩। বুজাই লিখা :

(ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ :

  • উত্তৰ:
    ১. বাহ্যিক সংস্কৃতি: মানুহৰ জীৱনৰ বাহিৰৰ সাজ-পোছাক, অলংকাৰ, নৃত্য-গীতৰ কৌশল, ঘৰ-দুৱাৰ, আচাৰ-অনুষ্ঠানৰ বাহ্যিক আড়ম্বৰ আদিয়েই হ’ল বাহ্যিক সংস্কৃতি।
    ২. আভ্যন্তৰীণ সংস্কৃতি: মানুহৰ অন্তৰৰ সুকোমল অনুভূতি, আনৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা ও মৰম, ন্যায়-অন্যায় আৰু উচিত-অনুচিতৰ মূল্যবোধ, ত্যাগ আৰু বিমল আনন্দই হ’ল আভ্যন্তৰীণ সংস্কৃতি। বাহ্যিকভাৱে ধুনীয়া কাপোৰ পিন্ধি অন্তৰত কপটতা থাকিলে মানুহ সংস্কৃতিৱান হ’ব নোৱাৰে।

(খ) জলবায়ু আৰু খাদ্য-ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণে সহায় কৰে?

  • উত্তৰ: শীতপ্ৰধান, গ্ৰীষ্মপ্ৰধান বা বাৰিষাপ্ৰধান অঞ্চলৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ সাজ-পোছাক আৰু ঘৰ-দুৱাৰৰ নিৰ্মাণশৈলী বেলেগ বেলেগ হয়। একেদৰে স্থানীয়ভাৱে উৎপাদিত খাদ্যশস্যই বিভিন্ন খাদ্য সংস্কৃতি গঢ়ি তোলে। এনে ভিন্নতাই সমগ্ৰ দেশত এক বৈচিত্ৰ্যপূৰ্ণ আৰু চহকী সংস্কৃতিৰ বিকাশ ঘটায়।

৪। ব্যাখ্যা কৰা :

(ক) “সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।”

  • প্ৰসংগ: প্ৰস্তুত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ ‘সংস্কৃতি আৰু আমাৰ জীৱন’ শীৰ্ষক পাঠৰ পাতনিৰ পৰা লোৱা হৈছে।

  • ব্যাখ্যা: সংস্কৃতিয়ে এটা জাতিৰ পৰিচয়, নৈতিক মানদণ্ড আৰু সৌন্দৰ্যবোধ নিৰ্ধাৰণ কৰে। যেনেকৈ ইঞ্জিন এটাৰ চালিকা শক্তিয়ে গাড়ী এখনক গতিশীল কৰি ৰাখে, ঠিক তেনেদৰে জাতি এটাৰ সাহিত্য, সংগীত, কলা, ন্যায়বোধ আৰু আচাৰ-ব্যৱহাৰৰূপী সংস্কৃতিয়েই জাতিক প্ৰগতি আৰু একতাৰ দিশে আগুৱাই লৈ যায়। সংস্কৃতি অবিহনে জাতি এটা অস্তিত্বহীন আৰু লক্ষ্যভ্ৰষ্ট হৈ পৰে।

(খ) “সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সোপান।”

  • প্ৰসংগ: প্ৰস্তুত বাক্যশাৰী ‘সংস্কৃতি আৰু আমাৰ জীৱন’ পাঠটিৰ অন্তৰ্গত।

  • ব্যাখ্যা: মানুহক পশু প্ৰবৃত্তি বা বৰ্বৰতাৰ পৰা মুক্ত কৰি সজ আৰু সংবেদনশীল মানৱীয় গুণ প্ৰদান কৰা সকলো সৃষ্টিশীল চিন্তা, সৎ কৰ্ম আৰু মহৎ গুণৰাশিয়েই হ’ল সংস্কৃতিৰ খটখটী বা সোপান। সাহিত্য, সংগীত, শিল্পকলা আৰু পৰোপকাৰৰ জৰিয়তেহে মানুহ সংস্কৃতিৰ উচ্চ শিখৰলৈ উঠিব পাৰে।

(গ) “মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি।”

  • প্ৰসংগ: প্ৰস্তুত বাক্যফাঁকি ‘সংস্কৃতি আৰু আমাৰ জীৱন’ পাঠৰ পৰা উদ্ধৃত।

  • ব্যাখ্যা: প্ৰকৃতিৰ নদ-নদী, সেউজীয়া পাহাৰ, ঋতুৰ পৰিৱৰ্তন আৰু জীৱ-জন্তুৰ ছন্দময় গতিয়ে মানুহৰ অন্তৰত অপাৰ আনন্দ আৰু কল্পনাৰ ৰহণ জগাই তোলে। প্ৰকৃতিৰ এই বিনন্দীয়া সৌন্দৰ্যৰ পৰাই কবি-শিল্পীয়ে সৃষ্টিৰ অনুপ্ৰেৰণা পায় আৰু লোকগীত, বিহু নৃত্য আৰু চিত্ৰকলাৰ দৰে অপূৰ্ব সংস্কৃতিৰ জন্ম হয়।

৩. ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৫। (ক) শেষৰ ধ্বনি মিল থকা শব্দ :

  • কৃষ্টি — সৃষ্টি, বৃষ্টি, দৃষ্টি

  • স্তুতি — নতি, গতি, মতি, ৰতি

(খ) উপসৰ্গৰ সহায়ত শব্দ গঠন আৰু বাক্য ৰচনা :

  • প্ৰতি (প্ৰতিবাদ, প্ৰতিধ্বনি, প্ৰতিযোগিতা, প্ৰতিভা, প্ৰতিদান) :
    প্ৰতিবাদ: অন্যায়ৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিলে।

  • অৱ (অৱনতি, অৱহেলা, অৱজ্ঞা, অৱকাশ, অৱতাৰ) :
    অৱহেলা: পঢ়া-শুনাত কেতিয়াও অৱহেলা কৰিব নালাগে।

  • অনু (অনুকৰণ, অনুভৱ, অনুপ্ৰেৰণা, অনুৰোধ, অনুবাদ) :
    অনুপ্ৰেৰণা: মহৎ লোকৰ জীৱনীয়ে আমাক জীৱনত সদায় অনুপ্ৰেৰণা যোগায়।

  • বি (বিদেশ, বিকাশ, বিজ্ঞান, বিফল, বিচাৰ) :
    বিকাশ: জ্ঞান আৰু শিক্ষাৰ জৰিয়তেহে সমাজৰ সৰ্বাংগীণ বিকাশ সম্ভৱ।

  • উৎ (উৎসাহ, উন্নতি, উৎকৃষ্ট, উৎসৱ, উৎপাদন) :
    উন্নতি: ছাত্ৰজনে পৰীক্ষাত আশাতীত উন্নতি দেখুৱাইছে।

৬। পাঠত থকা যুৰীয়া শব্দ :

আচাৰ-আচৰণ, সাজ-পোছাক, গীত-মাত, নাচ-গান, চিন্তা-ভাবনা, আচাৰ-ব্যৱহাৰ, খেতি-পথাৰ, ধ্যান-ধাৰণা, আচাৰ-বিচাৰ, গছ-লতা, পশু-পক্ষী, উৎসৱ-পাৰ্বণ।

৭। বাক্য ৰচনা কৰা :

  • আচাৰ-বিচাৰ (সামাজিক নীতি-নিয়ম): আমাৰ সমাজত পুৰণি কালৰ সুন্দৰ আচাৰ-বিচাৰসমূহ পালন কৰা হয়।

  • সাজ-পোছাক (পিন্ধা কাপোৰ): বিহুৰ সময়ত সকলোৱে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে।

  • পেট পূজা (কেৱল খোৱাৰ চিন্তা কৰা): মানুহ কেৱল পেট পূজাৰ বাবে জীয়াই নাথাকে, সমাজৰ হিতৰ বাবেও কাম কৰিব লাগে।

  • বিনন্দীয়া (অতি সুন্দৰ / মনোৰম): পুৱাৰ সূৰ্যোদয়ৰ সময়ত প্ৰকৃতিৰ বিনন্দীয়া ৰূপ প্ৰত্যক্ষ হয়।

  • উৎসৱ-পাৰ্বণ (ধৰ্মীয় ও সামাজিক উৎসৱ): বিহু, পূজা, ঈদ আৰু বৰদিনৰ দৰে উৎসৱ-পাৰ্বণে সমাজত একতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে।

৪. জ্ঞান সম্প্ৰসাৰণ

৮। প্ৰশ্নোত্তৰ :

  • (ক) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ-উৎসৱ :

    • গোছ লোৱা, লখিমী চপোৱা, ন-খোৱা, সাউৰী খোৱা, ভোগালী বিহু আৰু ব’হাগ বিহু।

  • (খ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা?

    • শিল্প-উদ্যোগ, কল-কাৰখানা আৰু যান্ত্ৰিক উৎপাদন ব্যৱস্থাক কেন্দ্ৰ কৰি গঢ় লৈ উঠা আধুনিক নগৰীয়া সমাজক শিল্পভিত্তিক সমাজ বোলা হয়।

১২। ভাল কামসমূহৰ তালিকা আৰু সংস্কৃতি গঢ়াত ইয়াৰ ভূমিকা :

সমাজৰ বাবে হিতকৰ ভাল কামসমূহ:

১. আনক সন্মান জনোৱা
২. মধুৰ কথাৰে আনক সন্মান জনোৱা
৩. আনৰ সুবিধা-অসুবিধালৈ লক্ষ্য কৰা
৪. মাৰ্জিত সাজ-পোছাক পৰিধান কৰা
৫. গছ-গছনি, ফুল আদি ৰুই প্ৰতিপালন কৰা
৬. লোকগীত, নাট-ভাওনা আদিৰ প্ৰতি সন্মান জনোৱা আৰু অনুশীলন কৰা
৭. পিতৃ-মাতৃ, ভাই-ভনী আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি কৰ্তব্য পালন কৰা
৮. উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰা
৯. সমনীয়াৰ প্ৰতি সহানুভূতিশীল হোৱা
১০. শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

Scroll to Top