পৰীক্ষিতৰ ব্ৰহ্মশাপ
১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া।
(ক) দেখন্ত: মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। সেয়ে মুনীতে পিয়াহ লাগি পানী বিচাৰিলে।
মুনিয়ে চকু মুদি কি কৰি আছিল?
উত্তৰঃ মুনিয়ে চকু মুদি ধ্যান কৰি আছিল।
মুনিজনৰ নাম কি আছিল?
উত্তৰঃ মুনিজনৰ নাম শমীক মুনি আছিল।
পিয়াহঁত আকুল হৈ কোনে মুনিক পানী খুজিছিল?
উত্তৰঃ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল।
(খ) পাচে তান পুত্র শৃঙ্গীৰ বাৰ্তা পায়া ক্রোধে ছবালসৱৰ আগতে বোেলন্তঃ অহো ৰাজাৰ অন্যায় দেখ।
কি খবৰ পাই মুনি পুত্ৰ শৃঙ্গীৰ খং উঠিছিল?
উত্তৰঃ ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা শমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁক অৱজ্ঞা৷ কৰিছে ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আঁৰি দিয়াৰ খবৰ পাই শমীক মুনিৰ পুত্ৰ শৃঙ্গীৰ খং উঠিছিল।
ৰজাই কি অন্যায় কৰাৰ কথা কৈছে?
উত্তৰঃ ৰজাই ধ্যানত মগ্ন হৈ থকা শমীক মুনিৰ গাত মৃত সাপ এডাল তুলি আনি আঁৰি দি অন্যায় কৰাৰ কথা কৈছে।
(গ) আজি মঞি দণ্ডিবোঃ মোৰ বল দেখ। এহি বুলি কৌষিকী জলত আচান্ত কৰি ৰজাক সপ্ত দিনত তক্ষকে দংশোক বুলি শাপ দিলা।
উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল?
উত্তৰঃ উক্ত কথাফাকি শমীক মুনিৰ পুত্ৰ শৃঙ্গীয়ে কৈছিল। যেতিয়া শৃঙ্গীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শমীক মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিছিল তেতিয়া খঙত একো নাই হৈ শৃঙ্গীয়ে এইদৰে কৈছিল।
শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল?
উত্তৰঃ শৃঙ্গীয়ে কৌষিকী জলত গা ধুই ৰজাক সাতদিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল।
(ঘ) অহো দুষ্ট পুত্র কি অন্যায় কৰিলি।
শমীক মুনিয়ে শৃঙ্গীক দুষ্ট পুত্র বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল?
উত্তৰঃ শমীক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃঙ্গীক দুষ্ট পুত্র বুলি কৈছিল আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিল। তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা। গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল।
(ঙ) মহাশ্রান্ত হৈয়া আমাক জল খুজিলন্ত। আঙ্ক কেনে শাপ দিলি। ই পাপৰ আন প্রায়শ্চিত্ত নেদেখি কৃষ্ণক প্রার্থন্ত।
শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল?
উত্তৰঃ শৃঙ্গীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমীক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্রায়শ্চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃঙ্গীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।
২) উত্তৰ দিয়া।
ক) পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল?
উত্তৰঃ পৰীক্ষিত ৰজাৰ মৃত্যু হ’লে ৰাজ্যত চোৰ-ডকাইতৰ উৎপাত বাঢ়িব। ৰাজ্যখন বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ’ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হব পাৰে বুলি শমীক মুনিয়ে পুতেকক কৈছিল।
খ) শমীক মুনিৰ মহত্ব কেনেকৈ প্রকাশ পাইছে লিখা।
উত্তৰঃ শমীক মুনিয়ে তেখেতৰ পুত্ৰ শৃঙ্গীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক সাত দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। এই কথা গম পাই শমীক মুনিয়ে যথেষ্ট বেজাৰ পাইছিল আৰু নিজ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি। লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হব সেই কথা বুজাই কৈছিল। তেওঁ ভগৱান কৃষ্ণৰ ওচৰত অবোধ পুতেকক ক্ষমা কৰিবলৈ প্ৰাৰ্থনা জনাইছে। ইয়াত তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দেহৰ বাবেহে চিন্তা কৰিছিল। ইয়াৰ দ্বাৰাই শমীক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে।
Updated on: 17/09/2025