পৃথিৱীৰ অভ্যন্তৰ ভাগ
১। শুদ্ধ উত্তৰটি বাছি উলিওৱা一
(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।
উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত।
(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।
উত্তৰঃ ভৃত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ।
(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।
উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল- কেন্দ্ৰমণ্ডল।
(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।
উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।
(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।
উত্তৰঃ আটাইতকৈ টান মণিক বিধ হ’ল হীৰা।
২। খালী ঠাই পূৰ কৰা।
(ক) ভূপৃষ্ঠৰপৰা অভ্যন্তৰ ভাগলৈ ক্ৰমান্বয়ে _____________ বাঢ়ি গৈ থাকে।
উত্তৰঃ ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে।
(খ) ভূত্বক স্তৰক _____________ বুলিও জনা যায়।
উত্তৰঃ ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।
(গ) মাটি ____________আৰু ____________ পদাৰ্থৰে গঠিত।
উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।
(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক _____________ শিল বোলে।
উত্তৰঃ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।
(ঙ) মণিকবোৰ সাধাৰণতে ______________পদার্থ।
উত্তৰঃ মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।
৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)
(ক) ভূত্বক মানে কি বুজা?
উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। এনে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু ওখোৰা-মোখোৰা হোৱা বুলি ধাৰণা কৰা হৈছে। পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অবয়ৱসমূহ ভূত্বকতে অৱস্থিত। ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম। ই গড়ে প্রায় ২০ কিল’মিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই ১৬ কিল’মিটাৰৰপৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্র ৫ কিল’মিটাৰৰপৰা ১০ কিল’মিটাৰ পর্যন্তহে ডাঠ। ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।
(খ) আগ্নেয় শিল কাক বোলে?
উত্তৰঃ পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক মেগমা বোলা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠন হোৱা শিলক আগ্নেয় শিল বোলা হয়।
(গ) মাটি বুলিলে কি বুজা?
উত্তৰঃ ভূত্বকৰ আন এবিধ উপাদান হ’ল মাটি। পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য’ত আমি ঘৰ-দুৱাৰ সাজো, খেতি-বাতি কৰোঁ, যাতায়াতৰ ব্যৱস্থা কৰোঁ, য’ত গছ-গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশকে মাটি বুলি কোৱা হয়। সাধাৰণতে শিলৰপৰাই মাটিৰ উৎপত্তি হয়।
(ঘ) মণিক কি?
উত্তৰঃ পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হ’ল মণিক। পৃথিৱীত প্রাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদার্থসমুহেই হ’ল মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদার্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে মনি কিছুমান নির্দিষ্ট ধর্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি মণিকৰ মূল ধর্ম। এই মণিকসমূহক দুই শ্রেণীত ভাগ কৰা হৈছে। ইয়াৰে এবিধ হ’ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ’ল আকৰ গঠনকাৰী মণিক।
(ঙ) ”হিউমাছ” কাক বোলে?
উত্তৰঃ মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত। মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে ‘হিউমাছ’ক বুজায়। ঘাঁহ-বন, লতা আৰু গছ-গছনিৰ ডাল-পাতৰ অংশ, বিভিন্ন জীৱ, যেনে- কেঁচু, কুমতি, এন্দুৰ, পোক-পৰুৱাৰ মৃতদেহ, গৰু- ম’হ আদি বিভিন্ন জীৱ-জন্তুৰ বিষ্ঠাবোৰেই মাটিত থকা জৈৱিক পদার্থ। এনে পদার্থসমূহ ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ‘হিউমাছ’ সৃষ্টি কৰে।