আমাৰ চৌপাশৰ বজাৰ

১। চমু উত্তৰ লিখা-

(ক) বিনিময় প্রথা কাক বোলে?

উত্তৰঃ সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰথাটোক বিনিময় প্রথা বোলে।

(খ) বজাৰ মানে কি?

উত্তৰঃ বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইকে বুজায়, য’ত গ্রাহক আৰু বিক্রেতা পৰস্পৰ মখামুখি হয় আৰু মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা-বেচা কৰা হয়।

(গ) দৈনিক বজাৰৰ সুবিধাসমূহ কি কি?

উত্তৰঃ দৈনিক বজাৰৰ সুবিধাসমূহ হ’ল-

১) দৈনিক বজাৰসমূহ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰিবস্তু লাভ কৰিব পাৰি ।

২) দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়।

(ঘ) বস্তুৰ দাম বা দৰ মানে কি?

উত্তৰঃ বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্ৰদান কৰোঁ তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়।

(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়?

উত্তৰঃ সাপ্তাহিক বজাৰত একেজাতীয় সামগ্রী বা বস্তু কেইবাখনো দোকানত থকা বাবে সাপ্তাহিক বজাৰত বস্তুৰ দাম কম হয়।

(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত?

উত্তৰঃ জোন-বিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত।

২। উত্তৰ লিখা –

(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে?

উত্তৰ: দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত থকা কেইটামান পার্থক্য তলত উল্লেখ কৰা হ’ল:

(১) দৈনিক বজাৰবোৰ স্থায়ী বজাৰ কিন্তু সাপ্তাহিক বজাৰবোৰ অস্থায়ী বজাৰ ।

(২) দৈনিক বজাৰতকৈ সাপ্তাহিক বজাৰত বস্তুৰ দাম তুলনামূলকভাৱে কম হয়।

(৩) দৈনিক বজাৰৰ সাধাৰণতে স্থায়ী ঘৰ থাকে কিন্তু সপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে।

(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা বজাৰ সমূহে মানুহৰ দৈনিক প্রয়োজনসমূহ তাৎক্ষণিকভাৱে পূৰ কৰে। এই বজাৰবোৰ মানুহৰ প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওঠে। ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্নান্য প্রয়োজনসমূহ পূৰ কৰে।

(গ) পাইকাৰী বিক্রেতাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ উৎপাদনকাৰীৰপৰা সামগ্রীসমূহ পাইকাৰী বিক্রেতাই বৃহৎ পৰিমাণে কিনি লয়। সৰহ সামগ্ৰী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। খুচুৰা বিক্রেতা বা ফেৰিৱালাবোৰে পাইকাৰী বিক্ৰেতাৰপৰা কম দামত বস্তু ক্ৰয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভঅর্জন কৰে। বিক্রেতাই সদায় নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰিবলৈ চেষ্টা কৰে। ক্ৰয় দামতকৈ বিক্রয় দাম বেছি হ’লে লাভ হয়। লাভ অৰ্জন কৰি জীৱন নিৰ্বাহ কৰাই হৈছে সকলো ব্যৱসায়ীৰ মূল লক্ষ্য।

(ঘ) বজাৰ শৃংখল মানে কি?

উত্তৰঃ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হ’বলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে ।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা-

(ক) গ্রাহকে বস্তু ক্ৰয় কৰে—

(i) পাইকাৰী বিক্ৰেতাৰ পৰা পৰা।  (ii) খুচুৰা বিক্ৰেতাৰ পৰা  (iii)উৎপাদনকাৰীৰ

উত্তৰঃ (ii) খুচুৰা বিক্রেতা পৰা ।

(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ’লে ব্যৱসায়ীজনৰ

(i) লাভ হয়, (ii) লোকচান হয়, (iii) একো নহয়

উত্তৰঃ (i) লাভ হয়।

(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক—

(i) পাইকাৰী বিক্রেতা  (ii) খুচুৰা বিক্রেতা  (iii) হকাৰ বা ফেৰীৱালা বোলে।

উত্তৰঃ (iii) হকাৰ বা ফেৰীৱালা বোলে।

(ঘ) সকলো ব্যৱসায়ীয়ে বস্তু ক্রয়-বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে-

(i) বিক্ৰী বৃদ্ধি কৰা  (ii) লাভ অৰ্জন কৰা  (iii) লোকচান কৰা ।

উত্তৰঃ (ii) লাভ অৰ্জন কৰা।

৪। খালী ঠাই পূৰ কৰা-

(ক) __________ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।

উত্তৰঃ মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।

(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম _________ হয়।

উত্তৰঃ বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয়।

(গ) _________বজাৰৰ পুৰণি ব্যৱস্থা ।

উত্তৰঃ বিনিময় প্রথা বজাৰৰ পুৰণি ব্যৱস্থা ।

(ঘ) উৎপাদনকাৰীৰ পৰা ___________বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে।

উত্তৰঃ উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে।

(ঙ) __________হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।

উত্তৰঃ মুদ্ৰা হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।

(চ) ক্রয় দামতকৈ বিক্রী দাম কম হ’লে ___________হয়।

উত্তৰঃ ক্ৰয় দামতকৈ বিক্রী দাম কম হ’লে লোকচান হয়।

Scroll to Top