মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
১। উত্তৰ দিয়া –
(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকাৰ্য আৰম্ভ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃৰ পৰা শাসনকাৰ্য আৰম্ভ কৰিছিল।
(খ) পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।
(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?
উত্তৰঃ ঔৰংগজেৱে মিৰজুমলাক অসম আক্রমণ কৰিবলৈ পঠিয়াইছিল।
(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?
উত্তৰঃ মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল।
(ঙ) মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ মনচবদাৰী প্ৰথা আকবৰে প্ৰৱৰ্তন কৰিছিল।
২। শুদ্ধ / অশুদ্ধ নিৰ্ণয় কৰা –
(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্ৰীঃৰপৰা ১৮৫৭ খ্ৰীঃলৈ ৰাজত্ব কৰিছিল।
উত্তৰঃ অশুদ্ধ।
(খ) মোগল সাম্রাজ্যৰ অন্তৰ্গত প্ৰদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।
উত্তৰঃ অশুদ্ধ।
(গ) বাবৰৰ ৰাজ্য বংগৰপৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল।
উত্তৰঃ শুদ্ধ।
(ঘ) মিৰজুলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
উত্তৰঃ শুদ্ধ ।
(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।
উত্তৰঃ অশুদ্ধ।
৩। খালি ঠাই পূৰণ কৰা —
(ক)__________মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্রাট।
উত্তৰঃ আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্ৰেষ্ঠ সম্রাট।
(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল __________ নীতি-নির্দেশনা মতে।
উত্তৰঃ মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি-নির্দেশনা মতে।
(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক __________ ভাগত ভাগ কৰিছিল।
উত্তৰঃ মোগলসকলে কৰ-কাটলৰ বাবে মাটিক চাৰিটা ভাগত ভাগ কৰিছিল।
(ঘ) __________ খ্রীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
উত্তৰঃ ১৫৭৭ খ্ৰীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল __________জন।
উত্তৰঃ আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯ জন।
৪। চমু উত্তৰ লিখা—
(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?
উত্তৰঃ একত্ৰিত ভাৰতবৰ্ষৰ সপোন আংশিকভাৱে কাৰ্যকৰী কৰিবলৈ সক্ষম হোৱা সম্ৰাট দুজন মহামতি অশোক আৰু আকবৰ আছিল ।
(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰ পৰা ক’লৈ আছিল?
উত্তৰঃ ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কর্ণাটকলৈ আছিল।
(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন?
উত্তৰঃ মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাৰ চুবেদাৰৰ তলৰ বিষয়াবোৰ হ’ল-দিৱান, ফৌজদাৰ আৰু ফটোৱাল।
(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগোৱা হৈছিল আৰু ভাগবোৰ কি কি?
উত্তৰঃ মোগলসকলৰ শাসন কালত মাটিক চাৰিটা ভাগত ভাগোৱা হৈছিল। সেই ভাগবোৰ হ’ল –
(১) পোলাজ
(২) পাৰাউটি
(৩) চাচ্চাৰ।
(৪) বানজাৰ।
(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?
উত্তৰঃ মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূৰ্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমর্যাদা অনুসৰি মনচবদাৰসকলৰ পাৰিতোষিক হৈছিল বুলি জনা যায়।
(চ) মোগল সাম্রাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল।
উত্তৰঃ মোগল সাম্ৰাজ্য়ত কৰ সংগ্ৰহৰ বাবে চাৰিটা পদ্ধতিৰ প্ৰচলন আছিল। এই চাৰিটা হ’ল-
(১) দহচাল বা দহবছৰীয়া পদ্ধতি।
(২) জাবটি পদ্ধতি।
(৩) ঘালা বকচী পদ্ধতি।
(৪) নাচাক বা কাণকূট পদ্ধতি।
৫। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা-
(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা।
উত্তৰঃ মোগলসকলৰ ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু-শৃখল নীতি নাছিল। সুকীয়া বিচাৰালয়ো নাছিল।সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰানৰ নীতি-নিৰ্দেশনামতে। প্ৰদেশবোৰৰ শাসনকর্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছিভাগ ক্ষেত্ৰতে চুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল।
(খ) মনচবদাৰী প্ৰথা।
উত্তৰঃ মোগল প্ৰশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মনচবদাৰী প্ৰথা। মনচব হ’ল এটা আৰবী শব্দ আৰু ইয়াৰ অৰ্থ হ’ল পদ বা স্থান সেয়ে মনচবদাৰ শব্দটোৰে পদ মৰ্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহসবিদসকলৰ মতে ১৫৭৭ খ্ৰীঃত মহামতি আকবৰ শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱতঃসামৰিক বাহিনী শক্তিশালী,পৰিকল্পিত আৰু নিয়মানুবৰ্তী কৰাৰ উদ্দেশ্যে ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল।