ভাৰতৰ জলবায়ু, প্ৰাকৃতিক, উদ্ভিদ, কৃষি আৰু জনসংখ্যা
১। শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা –
(ক) ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্রবাহিত হয় ।
উত্তৰঃ শুদ্ধ ।
(খ) জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিবীৰ ভিতৰত প্ৰথম।
উত্তৰঃ অশুদ্ধ।
(গ) ভাৰতবৰ্ষৰ প্ৰায় সোঁমাজেদি কর্কটক্রান্তি বেৰখা পাৰ হৈ গৈছে।
উত্তৰঃ শুদ্ধ।
(ঘ) দক্ষিণ ভাৰতৰ ক’লা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী
উত্তৰঃ অশুদ্ধ।
(ঙ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়।
উত্তৰঃ অশুদ্ধ।
২। শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা-
(ক) দক্ষিণ পশ্চিম মৌচুমী বতাহ প্রশান্ত মহাসাগৰ/আৰৱ সাগৰ/লোহিত সাগৰৰ ওপৰেদি প্রবাহিত হয়।
উত্তৰঃ দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়।
(খ) ২০১১ চনৰ লোক পিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্রতি বর্গ কিল’মিটাৰত ৩৮০/৩৮২/৩২৪ জন।
উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ’ল প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন।
(গ) ফলমূল উৎপাদনত পঞ্জাব/জম্মু-কাশ্মীৰ/হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম।
উত্তৰঃ ফলমূল উৎপাদনত জম্মু-কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম।
(ঘ) মৰুভূমি অঞ্চলত চিৰসেউজীয়া/কাঁইটীয়া/তৃণজাতীয় উদ্ভিদ পোৱা যায়।
উত্তৰঃ মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়।
(ঙ) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল অৰুণাচল প্রদেশ/মহাৰাষ্ট্র/উত্তৰ প্ৰদেশ।
উত্তৰঃ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোবা-
|
‘ক’ অংশ |
‘খ’ অংশ |
|
১। মৌচুমীয় উদ্ভিদ |
১। ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। |
|
২। তৃণজাতীয় উদ্ভিদ |
২। বছৰি ৫০ চেন্টিমিটাৰতকৈ কম বৰষুণ হয়। |
|
৩। কাঁইটীয়া মৰুজ উদ্ভিদ |
৩। বছৰি ৫০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰ বৰষুণ হয়। |
|
৪। চিৰসেউজীয়া উদ্ভিদ |
৪। বছৰি ১০০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ বৰষুণ হয়। |
উত্তৰঃ
|
‘ক’ অংশ |
‘খ’ অংশ |
|
১। মৌচুমীয় উদ্ভিদ |
৪। বছৰি ১০০ চেন্টিমিটাৰৰ পৰা ২০০ চেন্টিমিটাৰ বৰষুণ হয়। |
|
২। তৃণজাতীয় উদ্ভিদ |
৩। বছৰি ৫০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰ বৰষুণ হয়। |
|
৩। কাঁইটীয়া মৰুজ উদ্ভিদ |
২। বছৰি ৫০ চেন্টিমিটাৰতকৈ কম বৰষুণ হয়। |
|
৪। চিৰসেউজীয়া উদ্ভিদ |
১। ২০০ চেন্টিমিটাৰতকৈ অধিক বৰষুণ হয়। |
৪। চমু উত্তৰ লিখা (৪০ টা মান শব্দৰ ভিতৰত)
(ক) জনসংখ্যা হ্রাস-বৃদ্ধি কি কি কাৰণত হ’ব পাৰে?
উত্তৰঃ কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্রাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয়। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয়। কিন্তু কিছুমান প্ৰাকৃতিক কাৰণ, যেনে- প্রাকৃতিক দুর্যোগ, বিভিন্ন ৰোগ-ব্যাধি, যুদ্ধ-বিগ্রহ, মহামাৰী, স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনো ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ যদি জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িবলৈ ধৰে।
(খ) ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰক সমূহ কি কি?
উত্তৰঃ দেশখনৰ বিশালতা, ভূপ্রকৃতি, বিষুৱৰপৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, সাগৰৰপৰা দূৰত্ব আৰু মৌচুমী বতাহ আদিয়ে ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰিছে।
(গ) ভাৰতবৰ্ষৰ ক’ত ক’ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়?
উত্তৰঃ ভাৰতবৰ্ষৰ চিৰসেউজীয়া উদ্ভিদসমূহ পশ্চিমঘাট পৰ্বতৰ পশ্চিমঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায় ।
(ঘ) ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি?
উত্তৰঃ মধ্যপ্রদেশ, গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অবস্থিত ক’লা মাটি অঞ্চলত প্ৰচুৰ কপাহ খেতি কৰা হয়।
৫। উত্তৰ লিখা (৮০টা মান শব্দৰ ভিতৰত)
(ক) ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ গ্রীষ্মকালত কর্কটক্রান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপপুষ্ট গধুৰ বায়ু বৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধ্রপ্রদেশ, উৰিষ্যা আৰু পশ্চিমবংগত প্রবেশ কৰে। আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল, অসম, মেঘালয়, অৰুণাচল, পশ্চিমবংগ, ছিকিম আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাৱাৰ উপকূল, কংকন উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়।
(খ) ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্রয়োজন- ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষি প্রধান দেশ। জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্র নদীৰ উপত্যকা অঞ্চল নদীৰ পলসুবা মাটিবে গঠিত। এই অঞ্চলত গ্রীষ্ম কালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াচৰ অধিক হয়। আনহাতে বৰষুণো ১০০ চেন্টিমিটাৰৰ অধিক। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তৰ্গত। ধান এই অঞ্চলৰ প্রধান কৃষিজাত সামগ্রী।
পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হৈছে। ইয়াৰ বাহিৰেও মধ্যপ্রদেশ, বিহাৰ, পশ্চিমবংগ আদি প্রদেশতো ঘেঁহু খেতি কৰা হয়।
মধ্য প্রদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, ‘অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অবস্থিত ক’লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। ৰাজস্থান, মধ্যপ্রদেশ, পূব-মহাৰাষ্ট্ৰ, কর্ণাটক আৰু অন্ধ্র প্রদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিমবংগৰ দার্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়।
(গ) মৌচুমীয় উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ ক’ত ক’ত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা।
উত্তৰঃ বছৰি ১০০ চেন্টিমিটাৰৰ পৰা ২০০১ চেন্টিমিটাৰ বৰষুণ হোৱা আৰু প্রায় ২৭০ চেলচিয়াচ গড় উষ্ণতা থকা অঞ্চলত মৌচুমীয় উদ্ভিদ পোৱা যায়। শাল, চেগুণ, শিশু, শিমলু, অর্জুন, বিভিন্ন প্রজাতিৰ বাঁহ মৌচুমীয় অঞ্চলৰ উল্লেখযোগ্য উদ্ভিদ। মৌচুমীয় উদ্ভিদৰ অৰণ্য ভাৰতবৰ্ষৰ অধিকাংশ অঞ্চলত পোৱা যায়। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হিমাচল প্রদেশ, ছট্টিশগড়, ঝাৰখণ্ড, মধ্যপ্রদেশ, তামিলনাডু, পূর্বঘাট, পশ্চিমঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জত কিছু পৰিমাণে মৌচুমীয় উদ্ভিদ পোৱা যায়।
(ঘ) ধানখেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্রয়োজন? ভাৰতবৰ্ষৰ ধানখেতি প্রধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা।
উত্তৰঃ ধান খেতিৰ বাবে গ্রীষ্ম কালত বায়ুৰ উত্তাপ ২৫° চেলচিয়াছৰ অধিক আৰু বৰষুণৰ ১০০ ছেন্টিমিটাৰৰ অধিক হ’ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ’ল- পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ, অসম, পঞ্জাব, হাৰিয়ানা, উৰিষ্যাৰ মহানদী উপত্যাকা, গোদাবৰী, কৃষ্ণা কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা।
(ঙ) জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা।
উত্তৰঃ অত্যধিক জনসংখ্যা বৃদ্ধি বর্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমিযোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীবন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে।