অসমৰ সম্পদ

১। উত্তৰ লিখা—

(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?

উত্তৰঃ কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ’ল- কাগজকল আৰু জুইশালা ।

(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।

উত্তৰঃ অসমত থকা ব্য়ঘ্ৰ প্ৰকল্প দুটা হ’ল নামেৰি আৰু মানাহ।

(গ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ’ল-কৃষি ।

(ঘ) অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত?

উত্তৰঃ অসমৰ ডিব্ৰুগডৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত।

(ঙ) ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল?

উত্তৰঃ ইংৰাজসকলে অসমৰ ডিগবৈত প্রথমে খাৰুৱা তেলৰ সম্ভেদ পাইছিল।

২। সঁচা-মিছা লিখা-

(ক) অসমৰ ২০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া।

উত্তৰঃ সঁচা।

(খ) শিমলু গছ পর্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত।

উত্তৰঃ সঁচা।

(গ) অসমৰ জিলাসমূহত খাল, বিল আদি বহুতো জলাশয় আছে।

উত্তৰঃ সঁচা।

(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।

উত্তৰঃ মিছা।

(ঙ) কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্রব্য।

উত্তৰঃ মিছা।

(চ) চাহ এবিধ ৰোপণ কৃষি।

উত্তৰঃ সঁচা

৩। উদ্ভিদৰপৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।

উত্তৰঃ উদ্ভিদৰ পৰা আমি অক্সিজেন, খাদ্য, ঔষধি, কাঠ, কাগজ আদি বিভিন্ন প্রয়োজনীয় বস্তু পাওঁ।

৪। বন্য প্রাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্রয়োজন? (৫০টা মান শব্দৰ ভিতৰত লিখা।)

উত্তৰঃ বন্য প্ৰাণীসমূহৰ বাবে অভয়াৰণ্য অতি প্ৰয়োজন কাৰণ ইয়াৰ জৰিয়তে সিহঁতৰ বাসস্থান, খাদ্য আৰু সুৰক্ষা নিশ্চিত হয়। মানুহৰ কাৰ্যকলাপ আৰু প্ৰাকৃতিক বিপদৰ পৰা বন্যপ্ৰাণী ৰক্ষা কৰিবলৈ অভয়াৰণ্যৰ গুৰুত্ব অপৰিসীম। ই বন্যপ্ৰাণীৰ বাবে সুৰক্ষিত আশ্ৰয়স্থলী হিচাপে কাম কৰে।

৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।

উত্তৰঃ খাৰুৱা তেলৰ পুং থকা ঠাই-নাহৰকটীয়া,, ডিগবৈ, মৰাণ,হুগ্ৰীজান,  লাকুৱা, গেলেকী, বৰহোলা, দিহিং উপত্যকা।

কয়লাখনি থকা ঠাই- উজনি অসমৰ মাৰ্ঘেৰিটা, লিডু,  নাগিনিমৰা, কাৰ্বি আংলঙৰ কয়লাজান, নাফুক, শিলভেটা, লংলৈ, শিঙিমাৰী আদি।

৬। ভূগর্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।

উত্তৰঃ পৃষ্ঠ জলভাগৰ উপৰি অসম ভূ-তলজলত সমৃদ্ধ। অসমৰ ভূ-গৰ্ভত সঞ্চিত পানী মানুহে খোৱাপানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম-কাজত ব্যৱহাৰ কৰে। অসমৰ ভূ-গৰ্ভৰ পানী কৃষি কাৰ্যতো ব্যৱহাৰ কৰা হয়।

৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।

(ক) ৩টা খাৰুৱা তেলৰ পুং

(খ) ৩টা কয়লাখনি

(গ) ২টা তেল শোধনাগাৰ

(ঘ) চূণ শিল পোৱা এখন ঠাই

Scroll to Top