প্ৰান্তীয় গোট আৰু গণতান্ৰিক অধিকাৰ

১। চমু উত্তৰ লিখা—
(ক) প্রান্তীয় গোট কাক বোলে?

উত্তৰঃ কোনো এখন সমাজৰ আর্থিক, সামাজিক আৰু শৈক্ষিক অনগ্ৰসৰতাত ভােগা লোকসকলকে প্রান্তীয় গোট বোলে।
(খ) অসমৰ চাহখেতিৰ বাবে ব্রিটিছসকলে ক’ৰপৰা বনুৱা আমদানি কৰিছিল?

উত্তৰঃ অসমৰ চাহখেতিৰ বাবে ব্ৰিটিছসকলে ভাৰতৰ মধ্যভাগৰপৰা বনুৱা আমদানি কৰিছিল।
(গ) কোনখন আইনমতে প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়?

উত্তৰঃ শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ অধীনত প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হয়।

(ঘ) বৃহৎ নদীবান্ধৰপৰা কি অপকাৰ হ’ব পাৰে?

উত্তৰঃ নদীৰ পানীভাগক ওপৰ অংশত আবদ্ধ কৰি ৰখা বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰাং হোৱাৰ লগে লগে তাত থকা মাছ-পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহৰো বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লোকসকলৰ যাতায়াততো বিজুতি ঘটে।

২। উত্তৰ লিখা —
(ক) কি কি কাৰণত প্রান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে? তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি?

উত্তৰঃ যুগ যুগ ধৰি তথাকথিত অৰ্থনৈতিক বিকাশ, নগৰীকৰৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। ফলস্বৰূপে এই লোকসকল আর্থিক, সামাজিক সংকটৰ সন্মুখীন হৈ এক অৱহেলিত জীৱন কটাবলগীয়াত পৰি প্ৰান্তীয় গোটৰ সৃষ্টি হ’ব পাৰে। তেওঁলোকৰ প্ৰধান সমস্যাসমূহ হ’ল- সামাজিক সচেতনতাৰ অভাৱ, ৰাজনৈতিক প্রতিনিধিত্বহীনতা, অর্থনৈতিক অনগ্ৰসৰতা, শিক্ষাৰ অভাৱ, জনসংখ্যাগত দুর্বলতা আদি।

(খ) জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্র-ছাত্রীসকলক সংবিধানে কি কি বিশেষ সুবিধা প্রদান কৰিছে?

উত্তৰঃ জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা প্ৰধান ভাগবোৰ তলত উল্লেখ কৰা হ’ল।

ক) বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্রতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে।

খ) জনজাতি আৰু অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চশিক্ষাৰ বাবে বিশেষ জলপানিৰ সুবিধা প্রদান কৰা হৈছে।

গ) অসমৰ চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে ‘অসম চাহ শ্রমিক কল্যাণ পৰিষদ’ আছে।

ঘ) জনজাতি লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

ঙ) অস্পৃশ্যতা বর্জন আইনৰ অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলামিছাৰ সুবিধা প্রদান কৰা হৈছে।

চ) সংখ্যালঘু লোকসকলৰ ভাষা-সংস্কৃতিৰ প্রতি গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।

ছ) শিক্ষাৰ অধিকাৰ আইন ২০০৯ৰ অধীনত সমাজৰ কোনো ল’ৰা-ছোৱালী প্রাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব নোৱাৰাটো নিশ্চিত কৰিছে।

(গ) পার্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্বশাসন আছে? দুখনৰ নাম লিখা।

উত্তৰঃ পার্বত্য অঞ্চলৰ জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰিছে। জনজাতিসকলৰ কাৰণে স্বায়ত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছে যাতে এই লোকসকলে সংবিধান প্রদত্ত অধিকাৰসমূহ সমানে ভোগ কৰিব পাৰে। অসমৰ পার্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কার্বি আংলং জিলা পৰিষদ আৰু ডিমাছাসকলৰ বাবে উত্তৰ কাছাৰ পার্বত্য জিলা পৰিষদ গঠন কৰা হৈছে।

৩। খালী ঠাই পূৰ কৰা-

(ক) সংবিধানৰ দৃষ্টিত আমি সকলোৱে এক ________________ ।

উত্তৰঃ সংবিদানৰ দৃষ্টিত আমি সকলোৱে এক ভাৰতীয়।

(খ) ______________ মাটি চাহ খেতিৰ বাবে উপযোগী।

উত্তৰঃ অসমৰ মাটি চাহ খেতিৰ বাবে উপযোগী।

(গ) দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই ______________ ।

উত্তৰঃ দেশৰ বিকাশত ভাগ ল’বলৈ প্ৰতিজন নাগৰিকেই, দায়বদ্ধ।

(ঘ) সংখ্যালঘু লোকসকলৰ  ____________ক গুৰুত্ব প্রদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে।

উত্তৰঃ সংখ্য়ালঘু লোকসকলৰ ভাষা সাংস্কৃতিক ক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্য়ৱস্থা কৰিছে।

(ঙ) মানুহে শস্যও উৎপাদন কৰিব নোৱাৰে ____________ উৎপাদন কৰিব নোৱাৰে।

উত্তৰঃ মানুহে শস্য়ও উৎপাদন কৰিব নোৱাৰে মৎস্য়ও উৎপাদন কৰিব নোৱাৰে।

৪। শুদ্ধ অশুদ্ধ বাছি উলিওৱা-

(ক) অন্য প্রান্তৰ পৰা অহা ছাত্র-ছাত্রীৰ লগত বন্ধুত্ব কৰিম।

উত্তৰঃ শুদ্ধ।

(খ) বেলেগ বেলেগ ৰীতি-নীতিৰে চলা মানুহক অৱহেলা কৰিম।

উত্তৰঃ অশুদ্ধ।

(গ) দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম।

উত্তৰঃ শুদ্ধ।

(ঘ) আমি আন ব্যক্তিক শ্রদ্ধা, মৰম, সন্মান জনালেহে আমিও স্নেহ পাম।

উত্তৰঃ শুদ্ধ।

(ঙ) প্রাকৃতিক দুর্যোগ হ’লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰো।

উত্তৰঃ অশুদ্ধ।

Scroll to Top