গণতন্ৰ আৰু প্ৰচাৰ মাধ্যম
১। চমু উত্তৰ লিখা—
(ক) প্ৰচাৰ মানে কি?
উত্তৰঃ প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ, এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়।
(খ) প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি?
উত্তৰঃ প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ— মুদ্রিত আৰু ইলেকট্রনিক।
(গ) গণমাধ্যম কাক কয়? উদাহৰণ দিয়া।
উত্তৰঃ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক যিবোৰে অতি কম সময়ৰ ভিতৰত বহুলোকৰ মাজত খবৰ, বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে। সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। যেনে-চলচ্চিত্ৰ, বাটৰ নাট, পুতলা নাচ, নাটক, গীত-মাত আদি।
(ঘ) প্রাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি?
উত্তৰঃ প্ৰাচীন কালত ঢোল পিটি, কাহ-ঘণ্টা বজাই প্ৰচাৰ কাৰ্য চলাইছিল।
(ঙ) ছপাশাল পোন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ছপাশাল পোন প্ৰথমে ১৬শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবার্গে আৱিষ্কাৰ কৰিছিল।
২। উত্তৰ লিখা—
(ক) প্ৰচাৰ মাধ্যমসমূহ কেইপ্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে?
(খ) গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়?
৩। খালী ঠাই পূৰ কৰা-
(ক) ____________ব্যৱস্থাৰ লগত জড়িত সকলাে উপাদানেই প্রচাৰৰ একোটা একোটা মাধ্যম।
উত্তৰঃ যোগাযোগ ব্য়ৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা একোটা মাধ্য়ম।
(খ) মানুহৰ মাজত ____________ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়।
উত্তৰঃ মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্য়মৰ অৱদান উল্লেখনীয়।
(গ) ____________ ছপাশাল আৱিষ্কাৰ কৰিছিল।
উত্তৰঃ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল।
(ঘ) কম্পিউটাৰক অসমীয়াত ____________ যন্ত্ৰ বুলি কোৱা হয়।
উত্তৰঃ কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।
(ঙ) গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, ____________ হৈছে প্ৰচাৰ মাধ্যম।
উত্তৰঃ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ, যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্য়ম।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়।
উত্তৰঃ জ্য়োতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ বুলি কোৱা হয়।
(খ) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে মাইক / ঢােলৰ সহায় লৈছিল।
উত্তৰঃ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে ঢােলৰ সহায় লৈছিল।
(গ) মুদ্রিত মাধ্যমসমূহ হ’ল ৰেডিঅ’/ কিতাপ।
উত্তৰঃ মুদ্ৰিত মাধ্যমসমূহ হ’ল কিতাপ।
(ঘ) অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক আর্কিমিডিছ / মার্কনি।
উত্তৰঃ অনাতাঁৰ ৰ যন্ত্ৰৰ আৱিষ্কাৰক মার্কনি।
(ঙ) ইলেকট্রনিক মাধ্যম হ’ল বাতৰিকাকত / কম্পিউটাৰ।
উত্তৰঃ ইলেকট্ৰনিক মাধ্য়ম হ’ল কম্পিউটাৰ।