শ্ৰমৰ সমমৰ্যাদা আৰু সমমূল্য
১। চমু উত্তৰ লিখাঃ
(ক) শ্ৰমৰ সমমর্যাদা মানে কি?
উত্তৰঃ পুৰুষ বা মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্ৰদান কৰাকে শ্ৰমৰ সমমর্যাদা বুলি কোৱা হয়।
(খ) শ্ৰমৰ সমমূল্যই কি সূচায়?
উত্তৰঃ পুৰুষ মহিলা নির্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে।
(গ) প্রতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ এগৰাকী উকিল হিচাপে প্রতিভা দেৱীসিং পাৰ্টিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰপৰা সাহিত্য সাধনাত ব্রতী হয়?
উত্তৰঃ ১৩ বছৰ বয়সৰপৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনাত ব্রতী হয়।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভকৰিছিল?
উত্তৰঃ কল্পনা চাওলাই বৈমানিক অভিযন্ত্রা বিষয়ত ডিগ্রী লাভ কৰিছিল।
(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্রীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
২। উত্তৰ লিখাঃ
(ক) পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত। ঠিক সেইদৰে মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল। প্রয়োজন মাথোঁ সমান মর্যাদা আৰু সমান সুবিধাৰ। সমাজত আমাৰ পুৰুষ-মহিলাৰ মাজত থকা বৈষম্যভাৱ যিমান সোনকালে আঁতৰিব সিমান সোনকালে আমাৰ উন্নতিৰ পথ প্রশস্ত হ’ব।
(খ) লিংগ বৈষ্যমৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কেনেকৈ?
উত্তৰঃ লিংগ বৈষ্যমৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্য-বাধকতা আৰোপ কৰা হয়, সন্তানটো ল’ৰা হ’লে সেইখিনিত বহু শিথিলতা দেখা যায়। বহু সময়ত সমাজত মহিলাসকলে কৰা কামৰ স্বীকৃতি নাপায় বা তেওঁলোকে কৰা কামৰ উচিত মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত হৈ থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত হৈ আছে। আনহাতে ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয় আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰি লোৱা নহয়। তাৰোপৰি মহিলাসকলে কৰা কামৰ ভট্টা বা মজুৰি পুৰুষৰ তুলনাত কম।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰঃ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য কাৰণ সমাজখনৰ সকলো দিশতে আজি মহিলাই নিজৰ সক্ষমতাৰ পৰিচয় দাঙি ধৰিছে। কৃষি, উদ্যোগ, সেৱা, ৰাজনীতি, সাহিত্য, বিজ্ঞান আদি সকলোতে মহিলাই পাৰদৰ্শী ভূমিকা পালন কৰিছে।
সামাজিক উন্নয়ন: মহিলাই পৰিয়ালৰ ভেটি গঢ়ি তোলে, সন্তানক শিক্ষা দিয়ে আৰু ভৱিষ্যত প্ৰজন্মক গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষিত মহিলাই পৰিয়ালৰ লগতে সমাজৰ স্বাস্থ্য, পুষ্টিহীনতা আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাত সহায় কৰে।
অৰ্থনৈতিক অৱদান: মহিলাই বিভিন্ন পেছা, উদ্যোগ, আৰু ব্যৱসায়ত অংশগ্ৰহণ কৰি অৰ্থনীতি সবল কৰাত সহায় কৰে। মহিলা উদ্যোগীসকলে সংস্থাপনৰ সুযোগ সৃষ্টি কৰে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত অৰিহণা যোগায়।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ _______________ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
উত্তৰঃ নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
(খ) সমাজৰ ______________ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকার্য।
(গ) ________________গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
উত্তৰঃ সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
(ঘ) মহিলাসকলো পুৰুষৰ সমানে _______________আৰু দায়িত্বশীল।
উত্তৰঃ মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ – সমানেই পৰিশ্ৰমী আৰু ______________।
উত্তৰঃ আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।