দিল্লীৰ চুলতানী যুগ (১২০৬ -১৫২৬ খ্ৰীঃ )
১) উত্তৰ দিয়া-
ক) চুলতান মামুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ চুলতান মামুদে ১০০০ খ্ৰীঃ ৰ পৰা ১০২৭খ্ৰীঃৰ ভিতৰত মুঠতে সোতৰবাৰ ভাৰত আক্ৰমণ কৰিছিল।
খ) চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত?
উত্তৰঃ চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত মহম্মদ ঘোৰি নামেৰে বিখ্যাত।
গ) তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ তৰাইনৰ প্ৰথম যুদ্ধ ১১৯১ খ্ৰীঃত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত আৰু তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২ খ্রীঃত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘোৰীৰ মাজত হৈছিল।
ঘ) কুটুবমিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল?
উত্তৰঃ কুটুবমিনাৰৰ নিৰ্মাণ কুতুবুদ্দিন আইবাকে আৰম্ভ কৰিছিল আৰু ইলটুতমিছে শেষ কৰিছিল।
ঙ) চুলতানী যুগৰ প্ৰধান মন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল?
উত্তৰঃ চুলতানী যুগত প্ৰধান মন্ত্ৰীক উজীৰ আৰু তেওঁৰ দপ্তৰক দিবান-ই-উজাৰত বুলি কোৱা হৈছিল।
চ) আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল?
উত্তৰঃ আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিবান-ই-ৰিয়াচত আৰু চাহান-ই-মন্দী নামৰ দুজন বিষয়াৰ ওপৰত ন্যস্ত কৰিছিল।
ছ) ইক্টা কি?
উত্তৰঃ দাস, খিলজি আৰু টোগলক বংশৰ চুলতান সকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্টা বোলা হয়।
২। খালী ঠাই পূৰণ কৰা—
ক)________আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্র মহিলা চুলতান।
উত্তৰঃ ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান।
(খ) _______ জয় কৰা আল্লাউদ্দিন খিল্জিয়েই একমাত্ৰ চুলতান।
উত্তৰঃ গুজৰাট, মালয়, ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰা আল্লাউদ্দিন খিল্জিয়েই একমাত্ৰ চুলতান।
(গ) ইবন বটুটা __________ দিনত ভাৰতলৈ আহিছিল।
উত্তৰঃ ইবন বটুটা মহম্মদ বিন টোগলকৰ দিনত ভাৰতলৈ আহিছিল।
(ঘ) _______ আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া।
উত্তৰঃ অৰিজ-ই-মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া।
(ঙ) পাণিপত্ৰৰ প্ৰথম যুদ্ধ ______________ খ্রীঃ ত হৈছিল।
উত্তৰঃ পাণিপত্ৰৰ প্ৰথম যুদ্ধ ১৫২৬ খ্রীঃ ত হৈছিল।
৩) শুদ্ধ উত্তৰ বাছি উলিওৱা-
ক) কুটুবুদ্দিন/ইলটুতমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল।
উত্তৰঃ কুটুবুদ্দিনে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল।
খ) আলপ্তাগীন/মহম্মদ ঘোৰী গজনী ৰাজ্যৰ প্রতিষ্ঠাপক।
উত্তৰঃ আলপ্তাগীন গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক।
গ) কামাখ্যা/সোমনাথ মন্দিৰ চুলতান মামুদে লুট- পাত কৰিছিল।
উত্তৰঃ সোমনাথ মন্দিৰ চুলতান মামুদে লুট-পাত কৰিছিল।
ঘ) বাহলুল লোডী/ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান।
উত্তৰঃ ইব্রাহিম লোডী চুলতানী যুগৰ শেষ চুলতান।
ঙ) তুর্কী-আফগানসকলে ভাৰতত দুশবছৰ/ তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল।
উত্তৰঃ তুর্কী-আফগানসকলে ভাৰতত তিনিশ বিশ বছৰ ৰাজত্ব কৰিছিল।
৪। চুলতানী শাসনকালৰ ৰাজবংশ কেইটাৰ নাম ক্ৰমনুসাৰে লিখা।
উত্তৰঃ দাস বংশ, খিলিজি বংশ, টোগলক বংশ, চৈয়দ বংশ আৰু লোডী বংশ।
৫। কামৰূপৰ ৰজা পৃথু আৰু কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলিজিৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষৰ উল্লেখ ক’ত পোৱা যায়?
উত্তৰঃ কুটুবুদ্দিনৰ সেনাপতি বখটিয়াৰ খিলজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল। কিন্তু কামৰূপৰ মাজেৰে যাব লগা হোৱাত সেইসময়ৰ কামৰূপৰ ৰজা পৃথুৰ লগত যুদ্ধত লিপ্ত হ’ব লগা হৈছিল। এই সংঘৰ্ষৰ উল্লেখ উত্তৰ গুৱাহাটীৰ কানাই বৰশী বোৱা শিলালিপিত পোৱা যায়।
৬) চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম লিখা।
উত্তৰঃ চুলতানী আমোলত প্ৰচলিত তিনিটা কৰৰ নাম হৈছে-
(i) উৎপন্ন শস্যৰ ওপৰত দিব লগা কৰ।
(ii) গৰু ম’হৰ ওপৰত দিবলগীয়া কৰ।
(iii) ঘৰ-বাৰীৰ ওপৰত দিবলগীয়া কৰ।
৭) আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ উল্লেখ কৰা।
উত্তৰঃ আল্লাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা তিনিটা পদক্ষেপ হ’ল–
(i) নতুনকৈ ব্যৱসায় কৰিবলৈ বিচৰা ব্যক্তিয়ে নাম পঞ্জীয়ন কৰিহে ব্যৱসায় কৰিব পাৰিছিল।
(ii) দেশৰ আৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্য নির্ধাৰণ কৰি সাধাৰণ প্ৰজাক সকাহ দিছিল।
(iii) খাদ্য-শস্য কৰ হিচাপে লৈ ৰাজভৰাঁলত জমা কৰিছিল আৰু প্ৰয়োজনৰ সময়ত সেইবোৰ ৰাজহুৱা ভাবে বিতৰণৰ ব্যৱস্থা কৰিছিল।
৮) চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা।
উত্তৰঃ চুলতানী যুগৰ তিনিটা স্মৃতিচিহ্নৰ নাম হ’ল- অৰিয়াঅৰি, কুটুব মিনাৰ, আলাই দৰৱাজা।
৯। দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ (i) ধৰ্মীয় নেতা আৰু আমিৰ-ওমৰাহসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংসলতাৰ সৃষ্টি কৰিছিল।
(ii) এই সময়চোৱাত ৰাজ্য় বিস্তাৰৰ নামত যুদ্ধ-বিগ্ৰহৰ সংখ্য়া বাহিছিল যদিও সেনাবাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল।
(iii) ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত সাম্ৰাজ্য়ৰ ভিতৰচোৱাত প্ৰায়ে অৰাজকতা বিৰাজ কৰিছিল।
(iv) টাইমূৰৰ আক্ৰমণে দূৰ্বল কৰি থোৱা সাম্ৰাজ্য়ক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল।
১০। চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা ।
উত্তৰঃ চুলতান ফিৰোজছাহ টোগলকে স্থাপন কৰা চহৰকেইখন হ’ল- জৌনপুৰ, ফিৰোজাবাদ, ফাতোহাবাদ, ফিৰোজপুৰ আৰু হিচাৰফিৰোজা।