মধ্যযুগৰ ভাৰতবৰ্ষত ইতিহাস অধ্যয়নৰ সমলসমূহ

১) উত্তৰ দিয়া-

ক) সমল বুলিলে কি বুজা ?

উত্তৰঃ য’ৰ পৰা আমি সঠিক, শুদ্ধ আৰু বিশ্বাসযোগ্য তথ্য আহৰণ কৰিব পাৰোঁ তাকেই সমল বোলে।

খ) লিখিত সুমাল মানে কি?

উত্তৰঃ অধ্যয়ন কৰিব লগা সময়খিনিত ৰচিত গ্ৰন্থ, লিপিবদ্ধ ৰাজকীয় তথ্য আন নথিভূক্ত তথ্য আদিক লিখিত সমল বোলে।

গ) তুর্কী-আফগানসকল ক’ৰপৰা ভাৰতলৈ আহিছিল?

উত্তৰঃ তুর্কী-আফগানসকল মধ্য এচিয়াৰ পৰা ভাৰতলৈ আহিছিল।

ঘ) UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা।

উত্তৰঃ UNESCO ৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা হ’ল-ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা।

ঙ) ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা পালন কৰি আহিছে?

উত্তৰঃ ভাৰত চৰকাৰৰ অধীনত থকা ভাৰতীয় পুৰাতত্বজৰীপ বিভাগ তথা চৰকাৰী যাদুঘৰসমূহে এনে ৰক্ষণাবেক্ষণত বিশেষ ভূমিকা পালন কৰি আহিছে।

২) খালী ঠাই পূৰ কৰা-

ক) আবুল ফজলে ______________ৰচনা কৰিছিল।

উত্তৰঃ আবুল ফজলে আইন-ই-আকবৰী ৰচনা কৰিছিল।

খ) ইবন বটুটা _____________দেশৰ পৰিব্ৰাজক আছিল।

উত্তৰঃ ইবন বটুটা মৰক্কোৰ দেশৰ পৰিব্ৰাজক আছিল।

গ) প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বর্তমান __________ চহৰত আছে।

উত্তৰঃ প্ৰাচীন বিজয়নগৰৰ স্মৃতিচিহ্ন বৰ্তমান হাম্পী চহৰত আছে।

 

ঘ) ৰংঘৰ _____________ জিলাত আছে।

উত্তৰঃ ৰংঘৰ শিৱসাগৰ জিলাত আছে।

ঙ) ৰূপী নামৰ মুদ্রা চুলতান _______________ প্রচলন কৰিছিল।

উত্তৰঃ ৰূপী নামৰ মুদ্ৰা চুলতান ছেৰছাহে প্ৰচলন কৰিছিল।

৩) শুদ্ধনে অশুদ্ধ বিচাৰ কৰা-

ক) জয়পুৰৰ দুৰ্গসমূহে ৰাজপুত ৰজাসকলৰ শৌর্য প্ৰকাশ নকৰে।

উত্তৰঃ অশুদ্ধ।

খ) গুলবদন বেগমে হুমায়ুন নামা গ্ৰন্থৰ ৰচনা কৰিছিল।

উত্তৰঃ শুদ্ধ।

গ) কানাই বৰৰ্শী শিলালিপি মিজোৰামত আছে।

উত্তৰঃ অশুদ্ধ।

ঘ) মুদ্ৰা হ’ল এক প্ৰত্নতাত্ৱিক সমল।

উত্তৰঃ শুদ্ধ।

ঙ) ৰাইগড় দূৰ্গ মাৰাথাসকলৰ ঐতিহাসিক স্মৃতিচিহ্ন।

উত্তৰঃ শুদ্ধ।

৪) পাঠৰ আলমত তলৰ তালিকাখন পূৰ কৰা-

উত্তৰ:

তিনিজন বিদেশী পৰিব্ৰাজকৰ নাম

মধ্য়যুগত নিৰ্মিত তিনিটা স্মৃতিচিহ্ন

তিনিজন দেশীয় লেখকৰ নাম

মৰক্কোৰ ইবন বটুটা, উজবেকিস্তানৰ আলবেৰুনী, ইউৰোপৰ মাৰ্ক।

আগ্ৰাৰ তাজমহল, ফাটেহপুৰ চিক্ৰি, কুটুবক্ষেত্ৰ

জিয়াউদ্দিন বাৰানী, আবুল ফজল, গুলবদন বেগম

৫) ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি বিজয়নগৰ, কোচ ৰাজ্য, আহোম ৰাজ্য আৰু মাৰাথাসকলৰ অৱস্থিতি নিৰ্ণয় কৰা।

৬) মধ্যযুগত নির্মিত পাঁচটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ মধ্যযুগত নিৰ্মিত পাঁচটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম হ’ল- আগ্ৰাৰ তাজমহল, ফাটেহপুৰ চিক্রি, হুমায়ুনৰ সমাধি, লালকিল্লা।

Scroll to Top