গুপ্ত সাম্ৰাজ্যৰ উত্থান
১। উত্তৰ লিখা-
(ক) কোনে গুপ্তবংশ প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ শ্ৰীগুপ্তই গুপ্তবংশ প্ৰতিষ্ঠা কৰিছিল।
(খ) কোনজন গুপ্ত সম্রাটে প্রথম মহাৰাজাধিৰাজ উপাধি লৈছিল?
উত্তৰঃ চন্দ্রগুপ্তই প্ৰথমে মহাৰাজাধিৰাজ উপাধি লৈছিল।
(গ) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?
উত্তৰঃ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে- হৰিসেন।
(ঘ) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?
উত্তৰঃ গংগা উপত্য়কাত থকা বন্দৰটোৰ নাম হ’ল- তাম্ৰলিপ্তি।
(ঙ) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে- পুষ্যবৰ্মণ।
২। ক্ৰম অনুসৰি লিখা-
ফাহিয়ান, শ্রীগুপ্ত, হৰিসেন, পুষ্যবৰ্মণ, স্কন্দগুপ্ত
উত্তৰঃ শ্রীগুপ্ত, পুষ্যবৰ্মণ, হৰিসেন, ফাহিয়ান, স্কন্দগুপ্ত।
৩। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা-
(ক) প্রথম চন্দ্রগুপ্তই কামৰূপ, ডবাক জয়
কৰিছিল।
উত্তৰ: অশুদ্ধ।
(খ) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।
উত্তৰ: শুদ্ধ ।
(গ) গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল।
উত্তৰ: অশুদ্ধ।
(ঘ) ‘পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে’-এই ধাৰণাতো বৰাহমিহিৰে উদ্ভাৱন কৰিছিল।
উত্তৰ: অশুদ্ধ ।
(ঙ) কালিদাসে অভিজ্ঞানম শকুন্তলম ৰচনা কৰিছিল ।
উত্তৰ: অশুদ্ধ ।
৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-
‘ক’ অংশ | ‘খ’ অংশ |
(ক) চ’পৰা | (ক) এলাহাবাদ প্রশস্তি |
(খ) হৰিসেন | (খ) বৃহৎ সংহিতা |
(গ) ভৰত | (গ) চিকিৎসা শাস্ত্রবিদ |
(ঘ) বৰাহমিহিৰ | (ঘ) বন্দৰ |
(ঙ) সুশ্ৰুত | (ঙ) নাট্যশাস্ত্র |
উত্তৰঃ
‘ক’ অংশ | ‘খ’ অংশ |
(ক) চ’পৰা | (ঘ) বন্দৰ |
(খ) হৰিসেন | (ক) এলাহাবাদ প্রশস্তি |
(গ) ভৰত | (ঙ) নাট্যশাস্ত্র |
(ঘ) বৰাহমিহিৰ | (খ) বৃহৎ সংহিতা |
(ঙ) সুশ্ৰুত | (গ) চিকিৎসা শাস্ত্রবিদ |
৫। চমুকৈ লিখা-
(ক) গুপ্ত ৰাজত্বকালত কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন আছিল?
উত্তৰঃ গুপ্ত ৰাজত্ব কালত সোণ আৰু ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ লগতে কড়ী মুদ্ৰাৰ প্ৰচলন আছিল।
(খ) গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ গুপ্তসকলে ৰপ্তানি কৰা সামগ্ৰীবোৰ হৈছে- মছলা, হাতীৰ দাঁতেৰে তৈয়াৰী বস্তু, চন্দন কাঠ, মণি-মুকতা, ঔষধি গছ, সুগন্ধি দ্ৰব্য, জীৱ-জন্তু ।
(গ) গুপ্ত ৰাজত্বকালত কি কি বৃত্তিধাৰীৰ লোকে বাস কৰিছিল?
উত্তৰঃ গুপ্ত ৰাজত্বকালৰ বিভিন্ন বৃত্তিধাৰীৰ লোকসকল হৈছে-কৃষক, ব্যৱসায়ী, সামৰিক বাহিনী, ব্রাহ্মণ, জ্যোর্তিবিদ, চিকিৎসক, দার্শনিক, ভাস্কর্য শিল্পী আদি ।
(ঘ) গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰ নিদৰ্শন উল্লেখ কৰা।
উত্তৰঃ গুপ্ত ৰাজত্বকালৰ পাঁচ বিধ স্থাপত্য-কলাৰ নিদৰ্শন হৈছে- সাঁচীৰ বিষ্ণু মন্দিৰ, দেওগড়ৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, সাৰনাথৰ ধ্যান মগ্ন বুদ্ধ, মথুৰাৰ থিয় দি থকা বুদ্ধ মুর্তি ইত্যাদি।
(ঙ) অজন্তা-ইলোৰাৰ চিত্রাঙ্কনসমূহৰ বৈশিষ্ট্য কি?
উত্তৰঃ অজন্তা-ইলোৰাৰ চিত্রাঙ্কনসমূহে চিত্রকলাৰ ক্ষেত্ৰত গুপ্তযুগে গৌৰৱৰ উচ্চ শিখৰত উপনীত হৈছিল ইয়াক প্রকাশ কৰাৰ লগতে, এই চিত্রাঙ্কনসমূহে গুপ্তযুগৰ গৰিমা আজিও আমাক সোঁৱৰাই দিয়ে।
(চ) অসমৰ ক’ত ক’ত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়?
উত্তৰঃ অসমৰ তেজপুৰৰ দ’পৰ্বতীয়া, নগাঁওৰ মিকিৰ আতী, নুমলীগড়ৰ দেওপাহাৰ, গুৱাহাটীৰ কামাখ্যা আদি স্থানত গুপ্ত স্থাপত্য-ভাস্কৰ্যৰ প্ৰভাৱ পৰিলক্ষিত হয়।
৬। সাহিত্য-সংস্কৃতি আৰু বিজ্ঞানলৈ গুপ্তসকলৰ অৱদানৰ বিষয়ে এটি টোকা লিখা।