ভূ-পৃষ্ঠত সময় গণনা
১। চমু উত্তৰ দিয়া-
(ক) দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা হ’ল– ৩৬০ ডাল।
(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ’ল– ভাৰতবষ প্ৰায় সোঁমাজেদি যোৱা ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?
উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?
উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।
(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰঃ কোণিক দূৰত্ৱৰ জেখৰ একক হ’ল– ডিগ্ৰী।
২। খালী ঠাই পূৰ কৰা-
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত ৩৬০॰ কোণ কৰি থাকে।
(খ) দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ কৌণিক দূৰত্ব ডিগ্ৰী দ্ৰাঘিমাংশ।
(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পূৱফালে ১৫॰ আঁতৰত থকা ঠাইখনত ১ টা বাজিব।
৩। সঁচা-মিছা নিৰ্ণয় কৰা-
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।
উত্তৰঃ মিছা।
(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০॰ অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দিব লাগে।
উত্তৰঃ মিছা।
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।
উত্তৰঃ সঁচা।
(ঘ) ১৮০॰ দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰঃ সঁচা।
(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ সঁচা।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰঃ ভ্রমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্রীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব / পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ গ্রীনিজতকৈ মুম্বাইত আগতে সূর্যোদয় হয়। গতিকে মুম্বাই পুব দ্ৰাঘিমাংশত অৱস্থিত।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া / পিছপৰা।
উত্তৰঃ প্রাথমিক দ্রাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্রাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া।
(ঘ) ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮৩°২০/২০/৯০°/৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।
উত্তৰঃ ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।
(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্রীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰঃ আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।
৫। পার্থক্য লিখা–
(ক) অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা।
উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক অক্ষৰেখা বোলে।
প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।
(খ) স্থানীয় সময় আৰু মান সময়।
উত্তৰঃ কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয়, তাকে ঠাইখনৰ স্থানীয় সময় বোলে।
দেশ এখনৰ সোমাজৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখা এডালৰ স্থানীয় সময়ক সমগ্ৰ দেশ খনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। এনে দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশ খনৰ বাবে যি সময় গগনা কৰা হয় তাকে দেশ খনৰ মান সময় বোলে।