আমাৰ পৰিৱেশ
১। উত্তৰ দিয়া:
(ক) পৰিৱেশ মানে কি?
উত্তৰঃ আমাৰ চাৰিওফালে থকা ৰ’দ, বতাহ, বৰষুণ, নদী, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদূলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰে, সেয়াই পৰিৱেশ।
(খ) পৰিৱেশ কেই প্ৰকাৰৰ আৰু কি কি, উদাহৰণ দি লিখা।
উত্তৰঃ পৰিৱেশ দুই প্ৰকাৰৰ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।
আমাৰ চৌপাশৰ প্ৰকৃতিত থকা বা প্রকৃতিসৃষ্ট পৰ্বত-পাহাৰ, নদ-নদী, সাগৰ, ৰ’দ, বতাহ, মাটি, উদ্ভিদ, প্রাণী আদিয়ে যি স্বাভাৱিক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই প্রাকৃতিক পৰিৱেশ। আনহাতে মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱ পৰিৱেশ বা মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। যেনে– ঘৰ-দুৱাৰ,যান-বাহন, কল-কাৰখানা, ৰাস্তা-ঘাট ইত্যাদি।
(গ) পৰিৱেশৰ প্ৰধান উপাংশসমূহ কি কি?
উত্তৰঃ পৰিৱেশৰ প্ৰধান উপাংশসমূহ হ’ল– মাটি, বালি, বেক্টেৰিয়া, ভেঁকুৰ, প্ৰাণী, পানী আদি।
(ঘ) মানৱসৃষ্ট পৰিৱেশ কেনেদৰে সৃষ্টি হয়?
উত্তৰঃ মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰি লোৱা অৱস্থাটোকে মানৱসৃষ্ট পৰিৱেশ বুলি কোৱা হয়। মানুহে প্ৰাকৃতিক উপাদানসমূহক ব্যৱহাৰ কৰি ঘৰ-বাৰী, ৰাস্তা-ঘাট, বিদ্যালয়, চিকিৎসালয়, শিল্প-উদ্যোগ, সামাজিক ৰীতিনীতি, কৃষ্টি-সভ্যতা, ধৰ্মীয় আচৰণ, শিক্ষাব্যৱস্থা, ৰাজনৈতিক কাৰ্যকলাপ আদি সৃষ্টি কৰে, যিবোৰে মানৱসৃষ্ট পৰিৱেশ গঠন কৰে।
২। শুদ্ধ উত্তৰত √ চিন দিয়া–
(ক) কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়?
(১) মাটি
(২) শিক্ষানুষ্ঠান
(৩) পৰিবহণ ব্যৱস্থা
উত্তৰঃ (১) মাটি
(খ) কোনটো প্রাকৃতিক পৰিৱেশৰ উপাদান নহয়?
(১) পৰ্বত
(২) ঘৰ।
(৩) নদী
উত্তৰঃ (২) ঘৰ
(গ) তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে?
(১) গছ-গছনি
(২) কল-কাৰখানাৰ আৱৰ্জনা
(৩) খাদ্য শস্যৰ বৃদ্ধি
(৪) জনসংখ্যা বৃদ্ধি
(৫) জীৱ-জন্তু ধ্বংস
(৫) জীৱ-জন্তু ধ্বংস
উত্তৰঃ (২) কল-কাৰখানাৰ আৱৰ্জনা
৩। বাঁওফালৰ সৈতে সোঁফালৰ মিল থকা অংশ চিনেৰে মিলোৱা।
বাঁওফাল | সোঁফাল |
(ক) আমাৰ চৌপাশ | (ক) মাটি |
(খ) জলমণ্ডল | (খ) বায়ু |
(গ) স্থলমণ্ডল | (গ) পৰিৱেশ |
(ঘ) জীৱমণ্ডল | (ঘ) পানী |
(ঙ) বায়ুমণ্ডল | (ঙ) জীৱ-জগত |
উত্তৰঃ
বাঁওফাল | সোঁফাল |
(ক) আমাৰ চৌপাশ | (গ) পৰিৱেশ |
(খ) জলমণ্ডল | (ঘ) পানী |
(গ) স্থলমণ্ডল | (ক) মাটি |
(ঘ) জীৱমণ্ডল | (ঙ) জীৱ-জগত |
(ঙ) বায়ুমণ্ডল | (খ) বায়ু |
৪। জৈৱিক উপাংশৰ উপাদানসমূহ কেনেদৰে পৰিৱেশত বৰ্তি থাকে ৮০ টা মান শব্দৰ ভিতৰত লিখা।
৫। তুমি কেনেকুৱা পৰিৱেশত থাকিবলৈ বিচৰা চমুকৈ লিখা।