পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ পৰিৱৰ্তন
১। তলত দিয়াবোৰৰ উত্তৰ লিখা— (৩০টা মান শব্দৰ ভিতৰত)
(ক) বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰঃ আমাৰ পৃথিৱীৰ উপৰিভাগক বায়ুৰ যি এক আৱৰণে আৱৰি আছে তাকে বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডল গঠন কৰা প্ৰধান গেছ দুবিধ হৈছে- নাইট্ৰ’জেন আৰু অক্সিজেন। বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, হিলিয়াম, আৰ্গন, অ’জন আৰু হাইড্ৰ’জেন গেছো থাকে।
(খ) ফলকবোৰে এবছৰত কিমান চে.মি. গতিৰে লৰচৰ কৰে?
উত্তৰঃ ফলকবোৰ একবছৰত ১-১.৫ চে.মি. পৰ্যন্ত গতি কৰে বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।
(গ) সাময়িক বতাহৰ বিষয়ে লিখা।
উত্তৰঃ দিনটোৰ বিভিন্ন সময়ত বতাহ বয়। সেইদৰে বছৰৰ বিভিন্ন ঋতুত বতাহ বলা দেখা যায়। এই বতাহৰ কাৰণ হ’ল বায়ুমণ্ডলত হোৱা তাপ আৰু চাপৰ তাৰতম্য। এনে তাৰতম্যৰ ফলত উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যি বতাহ বলে তাকে সাময়িক বতাহ বোলে। জলবতাহ, স্থলবতাহ, মৌচুমী বতাহ আদি সাময়িক বতাহ।
(ঘ) বালিস্তূপ কি?
উত্তৰঃ বালিস্তূপ হ’ল– মৰুভূমিৰ কোনো কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে ই কঢ়িয়াই অনা শিল বালিবোৰ জমা হৈ বালিস্তূপ সৃষ্টি হয়।
(ঙ) অশ্বখুৰাকৃতিৰ হ্রদ কি?
উত্তৰঃ খৰালি কালত নদীৰ পানী কম থাকিলে এই ভাজে ভাজে নদী বৈ থাকে কিন্তু বাৰিষা নদীৰ পানী বাঢ়িলে তেনে ভাজ এৰি নদী প্রচণ্ড শক্তিবৰ পোনে পোনে ববলৈ ধৰে। নদীয়ে এৰি যোৱা ভাজটোৰ মুখত বালি জমা হৈ মূল নদীৰ পৰা বিচ্ছিন্ন হয় আৰু ভাজটো বিল বা হৃদত পৰিণত হয়। ঘোঁৰাৰ খুৰাৰ আকৃতিৰ এনেকুৱা জলাশয়বোৰক অশ্বখুৰাকৃতিৰ হ্রদ বোলে।
২। শুদ্ধ উত্তৰটোত √ চিন দিয়া–
(i) তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰপৰা ৰক্ষা কৰে–
(ক) কার্বন-ডাই-অক্সাইড
(খ) নাইট্ৰ’জেন
(গ) অ’জন
উত্তৰঃ (গ) অ’জন
(ii) হিমবাহৰ অৱক্ষেপবোৰৰ নাম হ’ল–
(ক) প্লাৱনভূমি
(খ) কাঠফুলাৰ দৰে শিলা
(গ) গ্রাৱ
উত্তৰঃ (গ) গ্রাৱ
(iii) পানীৰ ৰূপত পৃথিৱীত পৰা অধোক্ষেপণৰ নাম–
(ক) বৰষুণ
(খ) মেঘ
(গ) বৰফ
উত্তৰঃ (ক) বৰষুণ
(iv) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই–
(ক) মৰুভূমি
(খ) নদী উপত্যকা
(গ) প্লাবন ভূমি
উত্তৰঃ (ক) মৰুভূমি
(v) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হ’ল-
(ক) মেছ’স্ফিয়েৰ
(খ) ষ্ট্ৰেট’স্ফিয়েৰ
(গ) ট্রপ’স্ফিয়েৰ
উত্তৰঃ (গ) ট্রপ’স্ফিয়েৰ
(vi) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই-
(ক) হিমবাহ অঞ্চল
(খ) নদী উপত্যকা
(গ) মৰুভূমি
উত্তৰঃ (খ) নদী উপত্যকা
৩। বাওঁফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলোৱা–
বাওঁফাল | সোঁফালৰ |
(ক) বাণিজ্য বতাহ | (ক) নদীৰ মধ্য অংশ |
(খ) হিমবাহ | (খ) স্থানীয় বতাহ |
(গ) লু | (গ) অ’জন স্তৰ |
(ঘ) সৰ্পিল গতি | (ঘ) বৰফৰ নদী |
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ | (ঙ) নিয়ত বতাহ |
(চ) ভূমিকম্প |
উত্তৰঃ
বাওঁফাল | সোঁফাল |
(ক) বাণিজ্য বতাহ | (ঙ) নিয়ত বতাহ |
(খ) হিমবাহ | (ঘ) বৰফৰ নদী |
(গ) লু | (খ) স্থানীয় বতাহ |
(ঘ) সৰ্পিল গতি | (ক) নদীৰ মধ্য অংশ |
(ঙ) ষ্ট্ৰেট’স্ফিয়েৰ | (গ) অ’জন স্তৰ |
৪। কাৰণ দৰ্শোৱা– (৫০টা মান শব্দৰ ভিতৰত)
(ক) সেমেকা বতৰত তিতা কাপোৰ সোনকালে নুশুকায়।
উত্তৰঃ সেমেকা বতৰত বতাহত আর্দ্ৰতাৰ পৰিমাণ বেছি থাকে। এই অধিক আর্দ্ৰতাৰ বাবে তিতা কাপোৰৰ পৰা পানী বাষ্পীভৱন হ’বলৈ অধিক সময় লাগে। ফলত কাপোৰ সোনকালে নুশুকায়।
(খ) প্লাৱন ভূমিবোৰ বৰ সাৰুৱা।
উত্তৰঃ প্লাৱনভূমিবোৰ বৰ সাৰুৱা, কাৰণ এই ভূমিসমূহ নদীয়ে কঢ়িয়াই অনা বোকা, বালি, শিলৰ টুকুৰা, গছ-গছনিৰ ডাল-পাত, জাৱৰ-জোঁথৰ আদি দ্বাৰা গঠিত হয়। এই উপাদানবোৰ মাটিত উৰ্বৰতা বৃদ্ধি কৰে, ফলত প্লাৱনভূমিবোৰ সাৰুৱা হয়।
(গ) মৰুভূমিত থকা কিছুমান শিলা কাঠফুলা আকৃতিৰ।
(ঘ) বিষুৱীয় অঞ্চলতকৈ দুই মেৰু অঞ্চল শীতল।