বৈদ্যুতিক প্ৰভাৱ আৰু ইয়াৰ ক্ৰিয়া
1) বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টোকা-বহীত আঁকা। সংযোগী তাঁৰ, বন্ধ (Off) অৱস্থাত থকা ছুইচ, বাল্ব, কোষ, দি থোৱা অৱস্থাত থকা ছুইচ আৰু বেটাৰী।
2) 14.21 চিত্ৰত দেখুওৱা বৰ্তনীটো বুজাবলৈ এটা বর্তনী চিত্র আঁকা।

3) 14.22 চিত্ৰত দেখুওৱা চাৰিটা কোষ এখন ব’ৰ্ডত আট খুৱাই লগোৱা হৈছে। চাৰিটা কোষৰ বেটাৰী এটা সাজিবলৈ সিহঁতৰ প্ৰান্তবোৰ তাঁৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা।

4) 14.23 চিত্ৰত দেখুওৱা বৰ্তনীত বাল্বটো জ্বলা নাই। তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে? বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল-সলনি ঘটোৱা।

5) বিদ্যুৎ প্ৰৱাহৰ যিকোনো দুটা ক্ৰিয়াৰ নাম লিখা।
উত্তৰঃ বিদ্যুৎ প্ৰৱাহৰ দুটা ক্ৰিয়াৰ নাম-
(a) চুম্বকীয় ক্রিয়া
(b) তাপীয় ক্ৰিয়া
6) এডাল তাঁৰৰ মাজেৰে বিদ্যুত প্রবাহিত হ’লে তাঁৰডালৰ নিকটৱৰ্তী চুম্বক শলা এডাল উত্তৰ-দক্ষিণ অৱস্থানৰ পৰা বিক্ষেপিত হয়। ব্যাখ্যা কৰা।
14.24 চিত্ৰত দেখুওৱা বৰ্তনীৰ ছুইচটো জপালে চুম্বক শলাৰ বিক্ষেপণ ঘটিবনে?
৪) খালী ঠাই পূৰ কৰাঃ
(a) কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ___________প্ৰান্ত নিৰ্দেশ কৰে।
উত্তৰঃ কোষৰ সাংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ধনাত্মক প্ৰান্ত নিৰ্দেশ কৰে।
(b) দুটা বা তাতোধিক বিদ্যুৎ কোষৰ সংযোজনক ___________ বোলে।
উত্তৰঃ দুটা বা তাতোধিক বিদ্যুৎ কোষৰ সংযোজনক বেটাৰি বোলে।
(c) কোঠালি উত্তাপকৰ মাজেৰে প্ৰৱাহ চালিত কৰিলে ই ___________হয়।
উত্তৰঃ কোঠালি উত্তাপকৰ মাজেৰে প্ৰৱাহ চালিত কৰিলে ই লোহিত তপ্ত হয় ।
(d) বিদ্যুৎ প্ৰৱাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক _____________বোলে।
উত্তৰঃ বিদ্যুৎ প্ৰৱাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ফিউজ বোলে।
9) তলৰ উক্তিবোৰ ‘ভুল’ হ’লে ভুলত আৰু শুদ্ধ হ’লে শুদ্ধত চিন দিয়াঃ
(a) দুটা কোষৰ এটা বেটাৰী সাজিবলৈ এটা কোষৰ ঋণাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে। (ভুল/শুদ্ধ)
উত্তৰ : ভুল।
(b) ফিউজৰ মাজেৰে প্ৰৱাহিত বিদ্যুৎ মাত্রাধিক হ’লে ফিউজ তাঁৰ গলি গৈ ছিগি যায়। (ভুল/শুদ্ধ)
উত্তৰঃ শুদ্ধ ।
(c) বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে । (ভুল/শুদ্ধ)
উত্তৰঃ ভুল ।
(d) বৈদ্যুতিক ঘন্টাত এটুকুৰা বিদ্যুৎ চুম্বক থাকে। (ভুল/শুদ্ধ)
উত্তৰঃ শুদ্ধ ।
10) এটা আৱৰ্জনা স্তুপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকৰী হ’ব বুলি তুমি ভাবানে? ব্যাখ্যা কৰা।
উত্তৰঃ এটা আৱৰ্জনা স্তুপৰ পৰা প্লাষ্টিকৰ মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ বিদ্যুৎ চুম্বকে মাত্র চুম্বকীয় পদাৰ্থবোৰকহে আকৰ্ষণ কৰে। যিহেতু প্লাষ্টিক বেগবোৰ অচুম্বকীয় পদাৰ্থ গতিকে এইবোৰক বিদ্যুৎ চুম্বকে আকৰ্ষণ নকৰে।
11) এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতিৰ কাম কৰি আছে। এটুকুৰা তাঁৰেৰে তেওঁ ফিউজটো সলাব খুজিছে। তুমি সন্মত হ’বানে? তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা।
12) 14.4 চিত্ৰত দেখুৱাৰ দৰে এটা কোষ ৰখা সঁজুলি, এটা চুইছ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বর্তনী এটা সাজিলে। তাৰ পিছত তাই ছুইচ দিয়া সত্বেও বাল্বটো নজ্বলিল। বৰ্তনীৰ সাম্ভাব্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা।