মাটি

অনুশীলনী-

প্রশ্ন ১ আৰু ২ ৰ অতি উপযোগী উত্তৰত চিন দিয়া

১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে

ক) বায়ু আৰু পানী

খ) পানী আৰু উদ্ভিদ

গ) খনিজ লবণ, জৈৱিক পদার্থ, বায়ু আৰু পানী

ঘ) পানী, বায়ু আৰু উদ্ভিদ

উত্তৰঃ গ) খনিজ লবণ, জৈৱিক পদার্থ, বায়ু আৰু পানী

২) পানী ধাৰণ ক্ষমতা সর্বাধিক হ’ল

ক) বালিচহীয়া মাটিৰ

খ) আলতীয়া মটিৰ

গ) দোমোজা মাটিৰ

ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ

উত্তৰঃ খ) আলতীয়া মটিৰ

৩) স্তৰ ১ ৰ লগত স্তৰ ২ মিলোৱা-

স্তৰ- ১

স্তৰ- 2

ক) জীৱৰ বাসস্থান হ’ল 

 ক) ডাঙৰ কণিকা 

খ) মাটিৰ উপৰিভাগ

খ) সকলো প্ৰকাৰৰ মাটি 

গ) বালিচহীয়া মাটি 

 গ) ডাঠ ৰঙৰ 

ঘ) মাটিৰ মধ্য তৰপ

ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা 

ঙ) আলতীয়া মাটি 

ঙ) কম পৰিমাণৰ হিউমাছ 

উত্তৰঃ

ক) জীৱৰ বাসস্থান হ’ল 

 (খ) সকলো প্ৰকাৰৰ মাটি

খ) মাটিৰ উপৰিভাগ

  (গ) ডাঠ ৰঙৰ

গ) বালিচহীয়া মাটি 

 (ক) ডাঙৰ কণিকা

ঘ) মাটিৰ মধ্য তৰপ

  (ঙ) কম পৰিমাণৰ হিউমাছ

ঙ) আলতীয়া মাটি 

 (ঘ) সৰু কণিকা আৰু টানকৈ বন্ধা

৪) মাটিৰ গঠন কিদৰে হয় বর্ণনা কৰা।

উত্তৰঃ মাটি প্ৰথমে ডাঙৰ ডাঙৰ শিলবোৰ ভঙাৰ ফলত আৰম্ভ হয়। বতাহ, পানী (বৰষুণ), সূৰ্যৰ তাপ আৰু ঠাণ্ডা, বৰফ আদি প্ৰাকৃতিক শক্তিয়ে এই শিলবোৰক লাহে লাহে সৰু সৰু টুকুৰালৈ ভাঙি দিয়ে। এই ভঙা শিলৰ সৰু কণাবোৰৰ লগতে উদ্ভিদ আৰু প্ৰাণীৰ মৃতদেহ, পচনশীল পাত আৰু আন আন জৈৱিক পদাৰ্থসমূহ মিহলি হয় ।বেক্টেৰিয়া, ভেঁকুৰ আদি ক্ষুদ্ৰ জীৱই এই জৈৱিক পদাৰ্থবোৰ পচাই হিউমাছ নামৰ এক ক’লা বৰণীয়া পদাৰ্থলৈ ৰূপান্তৰ কৰে। শিলৰ কণা আৰু হিউমাছ মিহলি হৈ বালি, পলস আৰু বোকাৰ দৰে মাটিৰ কণিকা সৃষ্টি হয়। সময়ৰ লগে লগে এই উপাদানবোৰ জমা হৈ মাটিৰ বিভিন্ন স্তৰ বা তৰপ সৃষ্টি কৰে । যিবোৰক আমি মাটিৰ পাৰ্শ্ব-চিত্ৰ বুলি কওঁ ।
এইদৰে হাজাৰ হাজাৰ বছৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত মাটি গঠিত হয়। যাৰ ওপৰত উদ্ভিদ জীয়াই থাকে আৰু যাৰ ওপৰত আমাৰ জীৱন নিৰ্ভৰ কৰে।

৫) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী?

উত্তৰঃ আলতীয়া মাটি শস্যৰ বাবে উপযোগী, কাৰণ-

ইয়াৰ মিহি কণিকাবোৰে পানী ভালদৰে ধৰি ৰাখিব পাৰে, যাৰ ফলত শস্যৰ বাবে প্ৰয়োজনীয় পানী সহজে উপলব্ধ হয়। ই জৈৱিক পদাৰ্থৰে সমৃদ্ধ, যাৰ ফলত শস্যই সহজে পুষ্টি লাভ কৰে।
বিশেষকৈ যিবোৰ শস্যক বেছি পানী লাগে, যেনে – ধান, ঘেঁহু, বুট, মাহ, আদিৰ বাবে আলতীয়া মাটি অতি উপযোগী ।

৬) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা।

উত্তৰঃ

আলতীয়া মাটি

বালিচহীয়া মাটি

অতি মিহি কণিকাৰে গঠিত।

ডাঙৰ কণিকাৰে গঠিত

কণিকাৰ মাজত ঠাই কম থাকে।

কণিকাৰ মাজত বহুত ঠাই থাকে।

পানী ভালদৰে ধৰি ৰাখে, পানী ধাৰণ ক্ষমতা বেছি।

পানী ভালদৰে ধৰি ৰাখিব নোৱাৰে, পানী ধাৰণ ক্ষমতা কম।

শস্যৰ বাবে অধিক উপযোগী।

শস্যৰ বাবে কম উপযোগী।

বায়ুৰ পৰিমাণ কম।

বায়ুৰ পৰিমাণ বেছি।

৭) মাটিৰ পার্শ্ব-চিত্র আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা

৮) বাজিয়াই পানীৰ অন্তঃস্রৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেবে ২০০ মি. লি. পানী অন্তঃস্রৱণ হবলৈ ৪০ মিনিট সময় লাগিছিল। পানীৰ অন্তঃস্রৱণৰ হাৰটো নিৰ্ণয় কৰা।

৯) মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা ।

Scroll to Top