ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
অনুশীলনী
১) তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিবৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পবিরর্তন হিচাপে শ্রেণীবিভাজন কৰা।
(ক) সালোক সংশ্লেষণ
(খ) পানীত চেনি দ্রৱীভূত কৰাটো
(গ) কয়লাব দহন
(ঘ) মমৰ গলন।
(৬) এলুমিনিয়াম ধাতু কোবাই এলুমিনিয়ামৰ পাত তৈয়াৰ কৰাটো।
(চ) খাদ্যৰ পাচন ক্রিয়া
২) তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। যদি কোনো উক্তি মিছা হয়, শুদ্ধ উক্তিটো তোমাৰ বহীত লিখা।
(ক) কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন। (সঁচা/মিছা)
(খ) পাতৰপৰা সাৰ প্ৰস্তুত হোৱা প্রক্রিয়াটো এটা ভৌতিক পৰিৱর্তন। (সঁচা/মিছা)
(গ) দস্তালেপিত লোৰ নলীত সহজে মামৰে নধৰে। (সঁচা/মিছা)
(ঘ) লো আৰু মামৰ একেবিধ পদার্থ। (সঁচা/মিছা)
(ঙ) জলীয় ভাপ ঘনীভূত হোৱাটো ৰাসায়নিক পরিবর্তন নহয় (সঁচা/মিছা)
৩) তলত দিয়া উক্তিবোৰৰ খালী ঠাই পূৰ কৰা।
(ক) চূণ-পানীৰ মাজেদি কার্বন-ডাই-অক্সাইড গেছ যাবলৈ দিলে বাবে ই গাখীৰৰ দৰে ঘোলা হয়। প্রস্তুত হোৱা
(খ) বেকিং ছ’ডাৰ বাসায়নিক নাম হ’ল
(গ) লোত মামবে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ’ল আৰু 1
(ঘ) যিবোৰ পৰিবৰ্তনত মাত্র পদার্থব পরিবর্তন বোলে। ধৰ্মৰহে সলনি হয়, সেইবোৰক ভৌতিক
পৰিৱর্তন বোলে। (ঙ) যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয়, সেইবোৰক
৪) যেতিয়া বেকিং ছ’ডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয়, তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে। এইটো কি প্ৰকাৰৰ পৰিৱৰ্তন? ব্যাখ্যা কৰা।
৫) মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয়। এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা। সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য’ত ভৌতিক আৰু ৰাসায়নিক দুয়োটা পৰিৱর্তনেই সংঘটিত হয়।
৬) তুমি কেনেকৈ দেখুৱাবা যে দৈ প্রস্তুত হোৱাটো এটা বাসায়নিক পৰিৱর্তন।
৭) কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয়? ব্যাখ্যা কৰা।
৮) কপাৰ ছালফেটৰ স্ফটিক কেনেকৈ প্রস্তুত কৰা হয় বর্ণনা কৰা।
৯) লোৰ গেট এখন বং কৰিলে ই কেনেকৈ মামৰে ধৰা প্রক্রিয়া ৰোধ কৰে, বুজাই লিখা।
১০) মরুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লোৰ সামগ্ৰী বেছি সোনকালে মামবে ধবে কিয়? ব্যাখ্যা কৰা।
১১) পাকঘৰত আমি ব্যৱহাৰ কৰা গেছ বিধৰ নাম হ’ল তৰলীকৃত পেট্রলিয়াম গেছ (এল. পি. জি)। চিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে। যেতিয়া চিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় (পবিবর্তন-A) আৰু তেতিয়া ই জ্বলে (পৰিৱর্তন -B)। এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোব দিয়া হৈছে। শুদ্ধ উক্তিটো বাছি উলিওৱা
(ঝ) প্ৰক্ৰিয়া-ক ই হৈছে ৰাসায়নিক পৰিৱৰ্তন।
(ii) প্রক্রিয়া-B এটা ৰাসায়নিক পৰিৱৰ্তন।
(iii) প্রক্রিয়া A আৰু B উভয়ে ৰাসায়নিক পৰিৱৰ্তন।
(iv) এইবোৰৰ এটা প্রক্রিয়াও ৰাসায়নিক পৰিৱর্তন নহয়।
১২) অবায়বীয় বেক্টেবিয়াই প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ (Biogas) উৎপন্ন কৰে (পবিরর্তন-A)। এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় (পৰিৱৰ্তন-B)।
এই পৰিৱৰ্তনৰ বাবে তলব উক্তিবোৰ দিয়া হৈছে।
শুদ্ধ উক্তিটো বিচাৰি উলিওৱা-
প্রক্রিয়া-A টো কেৱল ৰাসায়নিক পৰিৱৰ্তন। (i)
(ii) প্রক্রিয়া-B টো কেৱল ৰাসায়নিক পৰিৱৰ্তন
(iii) প্রক্রিয়া-A আৰু B উভয় প্রক্রিয়া ৰাসায়নিক পরিবর্তন।
(iv) এইবোৰ প্রক্রিয়াব এটাও বাসায়নিক পৰিৱৰ্তন নহয়।