বৰ্জিত পানীৰ কথা

1। খালী ঠাই পূৰ কৰা—

(a) পানী-শোধন কৰাটো হৈছে ______________ আঁতৰকৰণ প্ৰক্রিয়া।

উত্তৰঃ পানী-শোধন কৰাটো হৈছে প্ৰদূষক আঁতৰকৰণ প্ৰক্ৰিয়া ।

(b) ঘৰবোৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ________________ বোলে।

উত্তৰঃ ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক পূতিজল বোলে।

(c) শুকান ________________ক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

উত্তৰঃ শুকান গেদখিনিক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

(d) নৰ্দমাবোৰ _____________  আৰু _____________দ্বাৰা বন্ধ হৈ পৰিব পাৰে । 

উত্তৰঃ নৰ্দমাবোৰ গোটা খাদ্যৰ অৱশিষ্ট আৰু চৰ্বীজাতীয় বস্তুৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে ।

2) নলাৰে ওলাই যোৱা পূতিজল কি? নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা।

উত্তৰঃ পূতিজল হ’ল ঘৰ, উদ্যোগ, চিকিৎসালয়, কার্যালয় বা আন উৎসৰপৰা ওলাই অহা বর্জিত পানী। যিহেতু পূতিজল এবিধ জটিল মিশ্র য’ত গোটা, জৈৱ আৰু অজৈৱ অশুদ্ধি, পোষক দ্ৰব্যৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্যান্য অণুজীৱ আদিও থাকে। সেইবাবে নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো অপকাৰী।

3) তেল আৰু চর্বীজাতীয় সামগ্রী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয়? ব্যাখ্যা কৰা।

উত্তৰঃ নর্দমালৈ ৰন্ধন তেল আৰু চৰ্বীজাতীয় বস্তু দলিয়াই দিয়াটো উচিত নহয়। সেইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে। মুকলি নর্দমা এটাত চর্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনিৰ পানী পৰিস্ৰাৱণ কৰা দক্ষতা হ্রাস কৰে। সেয়েহে তেল আৰু চর্বীজাতীয় বস্তুবোৰ জাৱৰ পেলোৱা পাত্র ডাষ্টবিনত পেলাব লাগে।

4) বৰ্জিত মলিঅন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা।

উত্তৰঃ ক) বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়।

খ) ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চবা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰবেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়।

গ) ইয়াৰ পাছত মধ্য়ভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনিক থিতাপি ল’বলৈ দিয়া হয়। ইয়াত মল, বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ তলিত গেদ হিচাপে পৰে আৰু এইবোৰক চোঁচনীৰ দ্বাৰা আঁতৰোৱা হয়। তেল আৰু তেলজাতীয় পদাৰ্থৰ দৰে ওপৰত ভাহি থকা অপ্ৰয়োজনীয় বস্তুবোৰ চেকনীৰে আঁতৰোৱা হয়।
ঘ) বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সোমোৱাই দিয়া হয়। পানীখিনিত তেতিয়াও ৰয় যোৱা মানুহৰ মল-মূত্ৰ, বৰ্জিত খাদ্য়, চাবোন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টিৰিয়াৰসমূহে শোষণ কৰি লয়।

5) মলিঅন বোকা গেদ কি? ইয়াক কেনেদৰে শোধিত কৰা হয়?

উত্তৰঃ বৰ্জিত মলিয়ন পানী শোধন কৰোতে চৌবাচ্চা এটাৰ তলিত গেদ হিচাপে পৰি থকা গোটা বস্তুবোৰেহ
হৈছে মলিয়ন বোকা গেদ। বর্জিত মলিয়ন পানী শোধন কৰিবৰ বাবে পানীখিনি এটা ডাঙৰ মধ্যভাগলৈ হেলনীয়া পাত্ৰত থিতাপি ল’বলৈ দিয়া হয়। ইয়াত মলিয়ন বোকা পাত্ৰৰ তলিত গেদ হিচাপে জমা হয় আৰু এইবোৰক চোঁচনিৰ দ্বাৰা আঁতৰাই পেলোৱা হয়।

6) “নিষ্পত্তিকৰণৰ কোনো ব্যবস্থা নোলোৱা মানুহৰ মল-মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক।” ব্যাখ্যা কৰা।

উত্তৰঃ  আমাৰ বেছিভাগ মানুহৰ মুকলি ঠাইত, শুকাই যোৱা নদী, ৰে’ল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকে মল ত্যাগ কৰে। উপচাৰ নকৰা মল-মূত্ৰ স্বাস্থ্যৰ বাবে অপকাৰী। ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে। ভূ-পৃষ্ঠৰ পানী আৰু ভূ-গর্ভস্থ পানী দুয়োবিধে প্রদূষিত হয় । এইদৰে পানীজনিত ৰোগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে ।

7) পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ পানী বীজানুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম হ’ল- ক্ল’ৰিন আৰু অ’জ’ন।

৪) মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্রতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা।

উত্তৰঃ মলিয়ন বৰ্জিত পানী উপচাৰ কৰা প্ৰক্ৰিয়াত তাত মিহলি হৈ থকা ফটা কাগজ, কাপোৰ, বাঁহ-কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদি এখন বেৰৰ সহায়ত আঁতৰ কৰা হয়। এই বেৰখনেই হৈছে প্রতিবন্ধক বেৰ।

9) অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা।

উত্তৰঃ অনাময় আৰু ৰোগৰ মাজত প্ৰত্যক্ষ সম্পর্কআছে। অনাময় মানে হৈছে পৰিস্কাৰ খোৱা পানী,খাদ্যৰ লগতে পৰিস্কাৰ পৰিবেশ গঢ়ি তোলা আৰু আৱৰ্জনা, মল-মূত্ৰ আদি সঠিকভাৱে নিষ্পত্তিকৰণকৰা। আৱৰ্জনা, মল-মূত্ৰ আদি সঠিকভাৱেনিষ্পত্তিকৰণ নকৰিলে বিভিন্ন ৰোগ সৃষ্টি আৰু বিয়পোৱাত অৰিহণা যোগাব। সেয়েহে, পৰিষ্কাৰ পৰিবেশ আৰু বিভিন্ন ৰোগ নির্মূল কৰাৰ বাবে অনাময় ব্যৱস্থা অতি প্রয়োজনীয়।

10) এগৰাকী কার্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি? চমুকৈ লিখা।

উত্তৰঃ এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত লোৱা ভূমিকা তলত উল্লেখ কৰা হ’ল-

i) সকলোকে জাবৰ-জোঁথৰ ডাষ্টবিনত পেলাবৰ বাবে আগ্ৰহী কৰি তুলিব লাগিব।
ii) শৌচালয় ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব ।
iii) পৰিবেশ চাফ-চিকুনকৈ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াব লাগিব।

11) এইটো এটা শব্দত শৃংখলৰ লেখঃ

পথালিকৈ

(3) বৰ্জিত পানী উপচাৰ প্ৰকল্পত প্ৰক্ৰিয়াৰ শেষ স্তৰত উৎপন্ন হোৱা এটা পদাৰ্থ যাক শুকান কৰি সাৰ হিচাবে ব্যৱহাৰ কৰা হয়।

(4) বৰ্জিত পানীত থকা এটা পোষক দ্ৰব্য।

(7) পানীত অপকাৰী আৰু অবাঞ্ছিত পদাৰ্থ মিহলি হোৱা প্ৰক্ৰিয়া।

থিয়কৈ

(1) আধুনিক প্ৰযুক্তিৰে মানুহৰ মল-মূত্ৰ নিষ্পত্তিকৰণত উৎপাদন কৰা এক গেছীয় ইন্ধন।

(2) এক পানীজনিত ৰোগ।

(5) আকাশীযান আদিত ব্যৱহাৰ কৰা এক ধৰণৰ আধুনিক শৌচাগাৰ।

(6) পানীক বীজাণুমুক্ত কৰিবলৈ ব্যবহাৰ কৰা এক ৰাসায়নিক পদাৰ্থ।

অ’জ’নৰ বিষয়ে তলৰ উক্তিবোৰ পঢ়ি চোৱা

(a) জীৱৰ উশাহ-নিশাহৰ বাবে ই প্রয়োজন

(b) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

(c) ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে

(d) বায়ুত ইয়াৰ অনুপাত প্রায় 3%

এই উক্তিকেইটাৰ কোনবোৰ শুদ্ধ?

(i) (a), (b) আৰু (c)

(ii) (b) আৰু (c)

(iii) (a) আৰু (d)

(iv) চাৰিওটা

উত্তৰঃ ( ii ) ( b ) আৰু ( c )

Scroll to Top