পানীঃ এক অমূল্য সম্পদ
1। উক্তিটো যদি সচাঁ হয় (স) আৰু মিছা হয় (মি) ৰে চিহ্নিত কৰা।
(a) পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূ-গৰ্ভৰ জমা হৈ থকা নির্মল পানীৰ পৰিমাণ যথেষ্ট বেছি । (স/মি)
উত্তৰঃ স।
(b) গাওঁ অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। (স/মি)
উত্তৰঃ মি।
(c) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী । (স/মি)
উত্তৰঃ মি ।
(d) বৰষুণ হ’ল পানীৰ প্ৰধান উৎস । (স/মি)
উত্তৰঃ স।
2। ভূ – গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা ।
উত্তৰঃ বৰষুণৰ পানী আৰু অইন উৎসৰ যেনে- নদী আৰু পুখুৰীৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায়। আৰু তলৰ গভীৰতাত থকা খালী ঠাই আৰু ফাঁকসমূহ পূৰায় ।
3। পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীৰ্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে?
উত্তৰঃ নলীনাদৰ ব্যৱহাৰ বেছি হ’লে ভূ-গৰ্ভৰ পানীৰ পৰিমাণ দিনক দিনে কমি যাব। ফলত মানুহৰ মাজত দৈনন্দিন ব্যৱহাৰৰ বাবে পানীৰ অভাৱ ঘটিব।
4। তোমাক এখন বাগিছা পৰিচালনা কৰিবলৈ কোৱা হ’ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা?
উত্তৰঃ ঘৰৰ শাক-পাচলি, ফল-মূল বা অন্য বস্তু ধুৱাৰ পিছত পানীখিনি পেলায় দিয়াতকৈ বাগিছাত ব্যৱহাৰ কৰিব পাৰি। বৰষুণ পানী আহৰণ কৰি ৰাখি বাগিছাত ব্যৱহাৰ কৰিব পাৰি। এনেদৰে পানীৰ ব্যৱহাৰ কম কৰিব পাৰি।
5। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ – জনসংখ্য়াৰ বৃদ্ধি, ঔদ্য়োগিক কাৰ্য্য, কৃষিভিত্তিক ক্ৰিয়াকলাপ, বৰষুণৰ পৰিমাণ কম হোৱা ,নিৰ্বনানীকৰণ ।
উত্তৰ— (d) গোটেই পৃথিৱীৰ।
6 । উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা :
(a) ________ আৰু ________ দ্বাৰা মানুহে ভূ-গৰ্ভৰ পৰা পানী পায় ।
উত্তৰ— দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূ-গৰ্ভৰ পৰা পানী পায় ।
(b) পানীৰ তিনিটা ৰূপ হ’ল ______, _______ আৰু _______ ।
উত্তৰ— পানীৰ তিনিটা ৰূপ হ’ল গোটা, জুলীয়া আৰু গেছীয় ।
(c) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল __________ ।
উত্তৰ— পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল জলপৃক্ত ।
(d) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক ——— বোলা হয় ।
উত্তৰ— যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃপৰিস্ৰাৱণ বোলা হয় ।
7. তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় ?
(a) উদ্যোগৰ দ্ৰুত বৃদ্ধি ।
(b) জনসংখ্যা বৃদ্ধি।
(c) প্ৰচুৰ বৰষুণ
(d) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ ।
উত্তৰ— (c) প্ৰচুৰ বৰষুণ
8. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
মুঠ পানীৰ পৰিমাণ একে থাকে-
(a) পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত।
(a) ভূ-গৰ্ভত।
(c) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত।
(d) গোটেই পৃথিৱীৰ।