পোহৰ

1। খালী ঠাই পূৰ কৰা—

(a) যিটো প্রতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক প্রতিবিম্ব বোলে ।

উত্তৰ: যিটো প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি তাক অসৎ প্রতিবিম্ব বোলে ।

(b) এখন উত্তল _______________দ্বাৰা গঠন হোৱা প্ৰতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হয়।

উত্তৰ: এখন উত্তল দাপোণৰ দ্বাৰা গঠন হোৱা প্রতিবিম্ববোৰ সদায় অসৎ আৰু লক্ষ্যবস্তুতকৈ সৰু হয়।

(c) এখন – দাপোণৰ দ্বাৰা গঠন হোৱা প্রতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়।

উত্তৰ: এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্রতিবিম্ব সদায় আকাৰত লক্ষ্যবস্তুৰ সমান হয়।

(d) পৰ্দাত পাব পৰা প্ৰতিবিম্বক ______________ প্রতিবিম্ব বোলে ।

উত্তৰ: পৰ্দাত পাব পৰা প্ৰতিবিম্বক সৎ প্রতিবিম্ব বোলে ।

(e) অৱতল ______________ পৰ্দাত পাব নোৱাৰি । দ্বাৰা গঠন হোৱা প্রতিবিম্ব

উত্তৰ: অৱৰ্তল লেনছৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব পৰ্দাত পাব নোৱাৰি ।

2। তলৰ উক্তিবোৰ সঁচা হ’লে ‘সত্য’ আৰু ‘মিছা’ হ’লে ‘অসত্য’ বুলি লিখা।

(a) আমি উত্তল দাপোণৰ দ্বাৰা এটা বিৱৰ্ধিত আৰু থিয় প্রতিবিম্ব পাব পাৰোঁ । (সত্য/অসত্য)

উত্তৰ: অসত্য ।

(b) অৱতল লেনছৰ দ্বাৰা অসৎ প্ৰতিবিম্ব গঠন হয়। (সত্য/অসত্য)

উত্তৰ: সত্য ।

(c) অৱতল দাপোণৰ দ্বাৰা সৎ, বিৱৰ্ধিত আৰু ওলোটা প্রতিবিম্ব গঠন কৰিব পাৰোঁ। (সত্য/অসত্য)

উত্তৰ: সত্য ।

(d) সৎ প্রতিবিম্ব পৰ্দাত পাব নোৱাৰি। (সত্য/অসত্য)

উত্তৰ: অসত্য ।

(e) অৱৰ্তল দাপোণৰ দ্বাৰা সদায় সৎ প্রতিবিম্ব গঠন হয়। (সত্য/অসত্য)

উত্তৰ: অসত্য

3। 1ম স্তম্ভত দিয়া কথাবোৰ ২য় স্তম্ভৰ এটা বা একাধিক উক্তিৰ লগত মিলোৱা –

উত্তৰ:

   স্তম্ভ১ 

     স্তম্ভ২ 

(a) এখন সমতল দাপোন হিচাপে কৰা হয়।

(5) প্রতিবিম্ব থিয় আৰু আকাৰত লক্ষ্য বস্তুৰ সমান।

(b) এখন উত্তল দাপোন   

(2) বিস্তীর্ণ অঞ্চলত সিঁচৰতি হৈ থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে।

(c) এখন উত্তল লেনছ

(1) বিৱৰ্ধক কাচ হিচাপে ব্যৱহাৰ কৰা হয়।

(d) এখন অৱতল দাপোণ

(3) দন্তচিকিৎসকে দাঁতৰ বিৱৰ্ধিত প্রতিবিম্ব চাবলৈ ব্যৱহাৰ কৰে।

(e) এখন অৱতল লেনছ

(6) প্রতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সংকুচিত

4। এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ।

উত্তৰ: এখন সমতল দাপোণৰ দ্বাৰা গঠন হোৱা প্রতিবিম্বৰ বৈশিষ্ট্যসমূহ হ’ল—

(i) প্রতিবিম্ব লক্ষ্যবস্তুৰ সমান আকাৰৰ ।

(ii) প্রতিবিম্ব অসৎ ।

(iii) প্ৰতিফলনটো পাৰ্শ্বীয়ভাৱে ওলোটা হৈ থাকে।

(iv) দাপোণৰ পৰা লক্ষ্যবস্তুৰ সমান দূৰত্বত দাপোণৰ পিছফালে প্রতিবিম্ব গঠিত হয়।

5। ইংৰাজী বর্নমালা নাইবা তোমালোকে জনা আন কোনো ভাষাৰ বৰ্ণমালাৰ সেইবোৰ বৰ্ণ বিচাৰি উলিওৱা যিবোৰৰ সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্রভেদ নাথাকে । তোমালোকৰ ফলাফলৰ ওপৰত আলোচনা কৰা।

উত্তৰ: ইংৰাজী বৰ্ণমালাৰ আখৰবোৰৰ যিবোৰ সমতল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ লগত কোনো আকৃতিগত প্রভেদ নাথাকে, সেইবোৰ হ’ল- A, H, I, M, O, T, U, V, W, X, Y. এনে হোৱাৰ কাৰণ হ’ল এই আখৰবোৰৰ বাওঁফাল আৰু সোঁফাল একে।

6। অসৎ প্রতিবিম্ব মানে কি বুজা? অসৎ প্রতিবিম্ব গঠন হোৱা এটা পৰিস্থিতি বৰ্ণনা কৰা।

উত্তৰ: দাপোণত গঠিত প্রতিবিম্ব পর্দাত ধৰিব নোৱাৰিলে তাকে অসৎ প্রতিবিম্ব বোলে।

সমতল দাপোনত সদায় অসৎ প্রতিবিম্ব গঠন হয়।

7| উত্তল আৰু অৱতল লেন্ছৰ মাজৰ দুটা পাৰ্থক্য লিখা । 

উত্তৰ: i) উত্তল লেন্ছে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে; অৱতল লেন্ছে কেৱল অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে।
ii) উত্তল লেন্ছ অভিসাৰী, অৱতল লেন্ছ অপসাৰী।

৪। অৱতল আৰু উত্তল দাপোণৰ প্ৰত্যেকৰে একোটাকৈ ব্যৱহাৰ লিখা।

উত্তৰ: (1) অৱতল দাপোণ চিকিৎসকে দাঁত, নাক, কাণ, ডিঙি আদি পৰিক্ষা কৰোঁতে ব্যৱহাৰ কৰে।

(2) উত্তল দাপোণ গাড়ী- মটৰ পিছফালৰ যানবাহনবোৰ চাবলৈ ব্যৱহাৰ কৰা হয়।

9। কেনে প্ৰকৃতিৰ দাপোণে সৎ প্রতিবিম্ব গঠন কৰে?

উত্তৰ: অৱতল দাপোণে সৎ প্রতিবিম্ব গঠন কৰে।

10। কেনে প্ৰকৃতিৰ লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে?

উত্তৰ: অৱতল লেনছে সদায় অসৎ প্রতিবিম্ব গঠন কৰে।

11 নং প্ৰশ্নৰ পৰা 13 নং প্ৰশ্নলৈকে শুদ্ধ উত্তৰটো বাছি উলিওৱা:

11। লক্ষ্যবস্তুতকৈ ডাঙৰ, অসৎ প্ৰতিবিম্ব গঠন কৰিব পৰা বস্তু হ’ল—

(a) অৱৰ্তল লেনছ

(b) অৱতল দাপোন

(c) উত্তল দাপোণ

(d) সমতল দাপোণ

উত্তৰ: (b) অৱতল দাপোন।

12। ডেভিদে সমতল দাপোণ এখনত নিজৰ প্রতিবিম্বটো নিৰীক্ষণ কৰি আছে। দাপোণ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব ৪ মি। যদি তেওঁ দাপোণখনৰ ওচৰলৈ ১ মি আগবাঢ়ি যায়, তেন্তে ডেভিদ আৰু তেওঁৰ প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ’ব

(ক) ৩ মি.

(খ) ৫ মি.

(গ) ৬ মি.

(ঘ) ৪ মি.

উত্তৰ: (c) 6 মি.

13 । গাড়ী এখনৰ পশ্চাৎবীক্ষণ দাপোনখণ এখন ‘সমতল দাপোণ। এজন চালকে তেওঁৰ গাড়ীখন ২ মি/ছে দ্রুতিৰে পিছুৱাই আহিছে। চালকজনে তেওঁৰ পশ্চাৎবীক্ষণ দাপোণত পিছফালে ৰখাই থোৱা ট্ৰাক এখনৰ প্ৰতিবিম্ব দেখা পালে। ট্ৰাকখনৰ প্ৰতিবিম্বই চালকজনৰ ওচৰ চপাৰ দ্ৰুতি হ’ব

(a) 1 মি/ছে

(b) ২ মি/ছে

(c) 4 মি/ছে

(d) ৪ মি/ছে

উত্তৰ: (c) 4 মি/ছে

Scroll to Top