১. পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা ।
উত্তৰঃ সাদৃশ্য- (i) দুয়োটা একেধৰণৰ কাঁচৰ নলীৰে নিৰ্মিত ।
(ii) দুয়োটাতে পাৰা থাকে ।
(iii) দুয়োটাৰে এটা মূৰত বাল্ব থাকে ।
(iv) দুয়োটাৰে চেলছিয়াছ স্কেল থাকে।
পাৰ্থক্যঃ (i) পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ পৰিসৰ ১০ ডিগ্ৰী চেলছিয়াছৰ পৰা ১১০ চেলছিয়াছলৈকে হোৱাৰ বিপৰীতে জ্বৰ জোখা থৰ্মোমিটাৰৰ পৰিসৰ ৩৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪২ ডিগ্ৰী চেলছিয়াছলৈকে থাকে ।
(ii) পৰীক্ষাগাৰত উষ্ণতা জুখিবলৈ পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা হয়, আনহাতে জ্বৰ জোখা থাৰ্মোমিটাৰৰ সহায়ত মানুহৰ শৰীৰৰ উষ্ণতা জুখিব পাৰি।
২. তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তৰ দুটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ তাপৰ পৰিবাহী- লো, তাম ।
তাপৰ অপৰিবাহী- প্লাষ্টিক, কাঠ ।
৩. খালী ঠাই পূৰ কৰাঃ
(ক) কোনো এটা বস্তৰ উত্তাপ ইয়াৰ ——– দ্বাৰা নিৰ্ণয় কৰা হয়।
উত্তৰঃ উষ্ণতা
(খ) উতলা পানীৰ উষ্ণতা ——— তাপমেতাৰে জুখিব পাৰি।
উত্তৰঃ ক্লিনিকেল
(গ) ডিগ্ৰী ———- এককত উষ্ণতা জোখা হ’য় ।
উত্তৰঃ C
(ঘ) ———– প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়।
উত্তৰঃ ক্লিনিকেল
(ঙ) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে । ই ——— প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে ।
উত্তৰঃ বিকিৰণ
(চ) পাতল ৰঙৰ বস্ত্ৰতকৈ ——— ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।
উত্তৰঃ পৰিবহণ
৪. তলৰ বাক্যবোৰ মিলোৱাঃ
(ক) স্থলবতাহ বলে | (ক) গ্ৰীষ্মকালত |
(খ) জলবতাহ বলে | (খ) শীতকালত |
(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় | (গ) দিনত |
(ঘ) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় | (ঘ) ৰাতি |
উত্তৰঃ
(ক) স্থলবতাহ বলে | (ঘ) ৰাতি |
(খ) জলবতাহ বলে | (গ) দিনত |
(গ) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় | (খ) শীতকালত |
(ঘ) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয় | (ক) গ্ৰীষ্মকালত |
৫. শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা।
উত্তৰঃ
৬. তলত চিত্ৰ ৪.১৩ টো লক্ষ্য কৰা । পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা ।
উত্তৰঃ
৭. উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবােৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয় । ব্যাখ্যা কৰা।
উত্তৰঃ উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবােৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয় কাৰণ বগা ৰঙে তাপ প্ৰতিফলিত কৰে আৰু ঘৰবোৰ বেছি গৰম নহয়।
৮. ৩০° C ত থকা এক লিটাৰ পানী ৫০° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ’ল । মিশ্রণৰ উষ্ণতা হ’ব |
(ক) ৮০০C
(খ) ৫০° C ত কৈ বেছি কিন্তু ৮০° C তকৈ কম।
(গ) ২০° C
(ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।
উত্তৰঃ (ঘ) ৩০° C আৰু ৫০° C ৰ মাজত।
৯. মগ এটাত থকা ৪০° C উষ্ণতাৰ পানীত ৪০° C উষ্ণতাৰবােৰ বল এটা ডুবাই দিয়া হ’ল। তাপ –
(ক) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।
(খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।
(গ) পানীৰ পৰা লােৰ বললৈ সঞ্চালিত হ’ব।
(ঘ) দুয়ােৰে উষ্ণতা বৃদ্ধি হ’ব।
উত্তৰঃ (খ) লােৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লােৰ বললৈ সঞ্চালিত নহয়।
১০. আইছ ক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে । চামুচখনৰ আনটো মূৰ
(ক) পৰিবহন প্ৰক্ৰিয়াৰে চেঁচা হ’ব।
(খ) পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ’ব।
(গ) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হ’ব।
(ঘ) চেঁচা নহয় ।
উত্তৰঃ (ঘ) চেঁচা নহয় ।
১১. নিষ্কলংক তীখা (stainless steel) ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয় । ইয়াৰ কাৰণ হৈছে –
(ক) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায় ।
(খ)কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।
(গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।
(ঘ ) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজ্নক
উত্তৰঃ (গ) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী ।