আঁহৰ পৰা কাপোৰলৈ

অনুশীলনী-

(1) তোমালোকে তলত দিয়া প্ৰাথমিক শ্রেণীৰ পদ্যটোৰ লগত বোধ হয় পৰিচিত।

(i) Baa-Baa Black sheep, have you any wool.

(ii) Mary had a little lamb, whose pleece was white as snow.

তলত দিয়া সমূহৰ উত্তৰ দিয়া।

(ক) Black sheep ৰ কোনটো অংশত ঊণ আছে ?

 উত্তৰঃ Black sheep ) ৰ দেহৰ ওপৰত আবৃত নােমৰ পৰা উল পােৱা যায় । 

(খ) ভেড়াৰ পোৱালিৰ বগা নোমবোৰে কি বুজায় ?

উত্তৰঃ ভেড়াৰ পোৱালিৰ বগা নোমবোৰে ঊণ বুজায়।

(2) পাটপলু মানে এটা – (ক) কেটাপিলাৰ, (খ) লাৰভা ।

এতিয়া তলৰ কোনটো শুদ্ধ ?

 (i) ক

(ii) খ

(iii) ক আৰু খ দুয়োটা

(iv) ক আৰু এটাও নহয় ।

(৩) তলত দিয়া কোনটোৱে ঊণ নিদিয়ে ?

i) য়াক

ii) উট

iii) ছাগলী

iv) নোমাল কুকুৰ

উত্তৰঃ নোমাল কুকুৰ

৪) তলত দিয়া শব্দবোৰ কি বুজায়?

i) ৰিয়েৰিং বা পালন

ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা

iii) ৰেচম বা পাট শিল্প

উত্তৰঃ i) ৰিয়েৰিং বা পালন: বিজ্ঞানসম্মত ভাৱে কিছুমান প্ৰাণীক  ব্যৱসায়িক ভিত্তিত-পোহপাল দিয়াকে ৰিয়েৰিং বোলে।

ii) শ্ৱীয়েৰিং বা নোম খুৰোৱা: ভেড়াৰ শৰীৰৰ পৰা পাতল এতৰপ ছালৰ সৈতে নোমবোৰ আঁতৰাই পেলোৱা হয়। এই পদ্ধতিটোক মুণ্ডন বা প্রাণীৰ নোম খুৰোৱা বুলি কোৱা হয়

iii) ৰেচম বা পাট শিল্প: পাট সূতা পাবলৈ পাটপলু প্রতিপালন কৰা বা পোহাক ৰেচম বা পাটশিল্প বোলে

৫) তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্রণালীৰ স্তৰবোৰ। নথকা স্তৰবোৰ বাছি লিখা।

স্বীয়েৰিং বা নোম খুৰোৱা, _______, চৰ্টিং বা ভাগ কৰা, _________, __________, __________

উত্তৰ: স্বীয়েৰিং বা নোম খুৰোৱা, পৰিষ্কাৰকৰণ, চৰ্টিং বা ভাগ কৰা, আঁহবোৰ শুকুওৱা, ৰং কৰাফণিওৱা

৭) তলত দিয়াবোৰৰ কোন দুটা শব্দ পাট উৎপাদনৰ সৈতে জড়িত।

ৰেচম শিল্প, পুষ্পোদ্যান বিজ্ঞান, নুনীগছৰ খেতি, মৌ-পালন, বৃক্ষবিজ্ঞান।

উত্তৰ: ৰেচম শিল্পআৰু নুনীগছৰ খেতি ।

৮) ’ অংশৰ সৈতে ’ অংশ মিলোৱা-

 অংশ    

 ‘’ অংশ

১) স্কাউৰিং বা নির্ঘর্ষণ

ক) পাটৰ সূতা উৎপাদন কৰে

২) নুনী গছৰ পাত

খ) ঊণ উৎপাদন কৰা প্ৰাণী

৩) য়াক  

গ) পাট পলুৰ খাদ্য

৪) লেটাগুটি  

ঘ) মহুৰা ফুৰা।

 

ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ।

উত্তৰ:

 অংশ  

 অংশ

১) স্কাউৰিং বা নির্ঘর্ষণ

ঙ) ছালৰ সৈতে কাটি লোৱা নোমৰ পৰিষ্কাৰকৰণ

২) নুনী গছৰ পাত

গ) পাট পলুৰ খাদ্য

৩) য়াক

খ) ঊণ উৎপাদন কৰা প্ৰাণী

 ৪) লেটাগুটি

ক) পাটৰ সূতা উৎপাদন কৰে

৯) পাঠৰ ওপৰত ভিত্তি কৰি তলত এটা শব্দ শৃংখল দিয়া হৈছে। শব্দবোৰৰ কাৰণে ইংগিতৰ সহায়ত খালী ঠাইবোৰ বৰ্ণৰে পূৰণ কৰা।

তললৈ

২) এখন ঠাই য’ত য়াকৰ ঊণ যথেষ্ট পৰিমাণে পোৱা যায় আৰু সাধাৰণতে ব্যৱহৃত হয়। – লাডাখত

৩) ৰেচম বা পাট উদ্যোগ আৰম্ভ কৰা প্ৰথমখন দেশ। – চীন

৫) পাটৰ আন এটি নাম- ৰেচম

পথালিকৈ

১) পাট পলুৰ জীৱন চক্ৰত কণীৰ পিছৰ স্তৰ। – কেটাৰপিলাৰ

৪) কেটাৰপিলাৰে লেটালৈ ৰূপান্তৰ হোৱাৰ সময়ত নিঃসৰণ কৰা উপাদান। – প্র’টিন

৬) পাট পলুৰ জীৱন চক্ৰত লেটাৰ পিছৰ স্তৰ। – চকৰী

৭) ভেড়া, য়াক আদি জণ্ডৰ ছালৰ এক অংশ য’ৰ পৰা আঁহ পোৱা যায়। – নোম

Scroll to Top