কালিকা লগা পাট-কাপােৰ

ক-পাঠভিত্তিক ক্রিয়াঃ

১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেইবাবাৰো পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা।

২। উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?

উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উত্তৰঃ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়া ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উত্তৰঃ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাটৰ কাপোৰ দিয়া হৈছিল।

(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?

উত্তৰঃ কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল, “এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।”

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

উত্তৰঃ আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

উত্তৰঃ ছোৱালীয়ে কাপোৰখন ৰ’দত মেলি দি মাছ মাৰিবলৈ গৈছিল ।

(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰঃ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হৈছিল ।

৩। চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?

উত্তৰঃ বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ব হ’ল: এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাই লৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিত্ৰৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?

উত্তৰঃ গিৰিয়েকে ঘৈণীয়েকৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জন্মকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই (চিত্ৰৰী) হৈ পৰিল।

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?

উত্তৰঃ গিৰিয়েকে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে “কি কৰিলা ঔ” বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে আৰু লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে ।

৪। তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।

সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা।

উত্তৰঃ

শব্দ

অৰ্থ

 প্ৰচলিত 

চলি থকা

দেখনিয়াৰ

সুঠাম আৰু দেখিবলৈ ধুনীয়া

চহকী

ধনী

সুশোভিত 

সুসজ্জিত

সৰহ 

 বহুত

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।

এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔধুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই মতাটোৰ পাখি বেছি জকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল ।

উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজ হৈ পৰিল মতা ম’ৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ, সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্ৰিয়া

অসমাপিকা ক্ৰিয়া

(ক) আচিক দেশত এজন বৰ চহকী মানুহ আছিল।

(ক) সি গীটাৰ বজাই শুনাইছে।

(খ) ৰমেনে ফুটবল খেলে ।

(খ) তাই কিতাপ লৈ স্কুললৈ গৈছে।

Scroll to Top