১. অম্ল আৰু ক্ষাৰকৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰঃ

(i) অম্লৰ সোৱাদ টেঙা |ক্ষাৰকৰ সোৱাদ তিতা |
(ii) অম্লই  লিটমাছ পেপাৰ  ৰঙা কৰে |ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে |
(iii) অম্লত হাইড্ৰজেন থাকে |ক্ষাৰকত হাইচৃড্ৰোক্সিল থাকে |

২. খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতাে ঘৰুৱা বস্তুত এম’নিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে । ই কি প্রকৃতিৰ ?

উত্তৰঃ এমোনিয়াই ৰঙা লিটমাছ নীলা কৰে, সেয়েহে ই ক্ষাৰকীয় প্ৰকৃতিৰ।

৩.  লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? 

উত্তৰঃ লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম ছত্ৰক শৈৱাল (lichen)। কোনো এটা দ্ৰৱ ক্ষাৰক নে লৱণ সেইটো নিৰ্ণয় কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।

৪. পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম সেইটো পৰীক্ষা কৰিবলৈ লিটমাছ পেপাৰ ব্যৱহাৰ কৰিব পাৰি। পাতিত পানীয়ে নীলা বা ৰঙা লিটমাছ পেপাৰৰ ৰং সলনি নকৰে। সেয়েহে পাতিত পানী প্রশম।

৫. এটা উদাহৰণসহ প্রশমন প্রক্রিয়া বর্ণনা কৰা ।

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্ৰশম বোলে। এই প্ৰক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় । উদাহৰণ-  হাইড্ৰক্লৰিক এচিড(HCl) + ছডিয়াম হাইড্ৰ’ক্সাইড (NaOH) → ছডিয়াম ক্লৰাইড (NaCl) + পানী (H2O)

৬. তলৰ বাক্যটো শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) চিন দিবা।

(ক) নাইট্রিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। ( শু / অ )

উত্তৰঃ অ

(খ) ছডিয়াম হাই’ড্রক্সাইডে নীলা লিটমাছ ৰঙা কৰে । ( শু / অ ) 

উত্তৰঃ অ

(গ) ছ’ডিয়াম হাই’ড্রক্সাইড আৰু হাইড্র’ক্লৰিক এচিডে পৰস্পৰে পৰস্পৰক প্রশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে । ( শু / অ )

উত্তৰঃ শু

 ঘ ) সূচক হ’ল এটা দ্রব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়।(শু/ অ )

উত্তৰঃ শু

ঙ ) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰােগ হয় । (শু/ অ )

উত্তৰঃ অ

৭। ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবােৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যােগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিব?

উত্তৰঃ ডেকাই লিটমাছ কাগজ ব্যৱহাৰ কৰি নিৰ্ণয় কৰিব পাৰে:
(i) যি পানীয়ে ৰঙা লিটমাছ নীলা কৰে সেয়া ক্ষাৰকীয় হ’ব।

(ii) যি পানীয়ে নীলা লিটমাছ ৰঙা কৰে সেয়া আম্লিক হ’ব।

(iii) ৰঙা আৰু নীলা লিটমাছ দুয়োটাকে সলনি নকৰা পানীয়ে প্রশম হ’ব।

৮। কাৰণ ব্যাখ্যা কৰা । 

(ক) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খােৱা ।

উত্তৰঃ অম্লনাশক টেবলেট ক্ষাৰকীয় প্ৰকৃতিৰ বাবে এচিডিটিত আক্ৰান্ত হ’লে গ্ৰহণ কৰা হয়; ই আমাৰ পেটত থকা অতিৰিক্ত এচিডৰ সৈতে বিক্ৰিয়া কৰি নিষ্ক্ৰিয়কৰণ বিক্ৰিয়াৰ সৃষ্টি কৰে। গতিকে ই আমাক এচিডিটিৰ বিষৰ পৰা সকাহ দিয়ে।

(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয় ।

উত্তৰঃ পৰুৱাই কামোৰাৰ সময়ত ই ছালত ফৰ্মিক এচিড সুমুৱাই দিয়ে। আৰ্দ্ৰ বেকিং চোডা, ছডিয়াম হাইড্ৰজেন কাৰ্বনেট বা জিংক কাৰ্বনেট যুক্ত কেলামাইন দ্ৰৱ ছালত ঘঁহি এচিডৰ প্ৰভাৱ নিষ্ক্ৰিয় কৰিব পাৰি।

গ)  কাৰখানাৰ আৱৰ্জনাবােৰ জলাশয়ত পেলােৱাৰ আগতে প্রশমিত কৰা হয় ।

উত্তৰঃ কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাবোৰ জলভাগত পেলোৱাৰ আগতে প্রশমিত কৰা হয়, কিয়নো এই আৱৰ্জনাবোৰত ৰাসায়নিক পদাৰ্থ আৰু ক্ষতিকাৰক অম্ল থাকে যিয়ে জলজ জীৱৰ বাবে ক্ষতিকাৰক হ’ব পাৰে আৰু লগতে পানী প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে।

৯। তােমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে । এটা হাইড্র’ক্ল’ৰিক এছিড, আনটো ছডিয়াম হাই’ড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনিৰ দ্ৰৱ। তুমি এইবােৰক কেনেকৈ চিনাক্ত কৰিবা ? তােমাৰ কেবল হালধিৰ সূচকহে আছে।’

উত্তৰঃ হালধিৰ সূচকেৰে তলত দিয়া বৰণবােৰৰ পৰা দ্রব তিনিবিধ চিনাক্ত কৰিব পৰা যাব –

(i)  হাইড্ৰক্লৰিক এচিড হালধীয়াৰ পৰা নীলা ।
(ii)  ছডিয়াম হাইড্ৰ’ক্সাইড হালধীয়াৰ পৰা ৰঙা ।

(iii) চেনিৰ দ্ৰৱৰ কোনো পৰিৱৰ্তন নহয়

১০। এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকিল । দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।
উত্তৰঃ এচিডে নীলা লিটমাছক ৰঙালৈ সলনি কৰে। যেতিয়া নীলা ৰঙৰ লিটমাছ কাগজ এখন দ্ৰৱত ডুবাই ৰখা হয়, ই নীলা হৈ থাকে তেতিয়া দ্ৰৱটো এচিড হ’ব নোৱাৰে। গতিকে দ্ৰৱটো ক্ষাৰকীয় দ্ৰৱ হ’ব।
১১। তলৰ বাক্যকেইটা পঢ়ি চোৱা ।
 
 (ক) অম্ল আৰু ক্ষাৰক দুয়ােটাই সকলােবােৰ সূচকৰ ৰং সলনি কৰে । 
 
(খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়। 
 
 (গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং অম্লত সলনি নহয়।
 
(ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হােৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। 
উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? 
( i ) ওপৰৰ গােটেই চাৰিটাই শুদ্ধ ।
( ii ) ( a ) আৰু ( d ) শুদ্ধ 
( iii ) ( b ) আৰু ( c ) শুদ্ধ 
উত্তৰঃ ( ii ) ( a ) আৰু ( d ) শুদ্ধ ।
Scroll to Top