ভাৰতঃ পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য

অনুশীলনী– ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?

উত্তৰ: ভাৰতৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ।

(খ) ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?

উত্তৰ: ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক্‌ প্রণালী।

(গ) ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বত্ৰখনৰ নাম কি?

উত্তৰ: ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পর্বত।

(ঘ) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি?

উত্তৰ: উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পর্বত।

(ঙ) এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা?

উত্তৰ: দেশ এখনৰ চাৰিওদিশে, অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ-প্রকৃতিবোৰৰ নাম উল্লেখ কৰিয়েই দেশখনৰ চাৰিসীমা প্ৰকাশ কৰা হয় ।

২. ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা।

উত্তৰ: উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ-পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পুব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু পক্‌ প্ৰণালীয়ে ভাৰতৰ্পৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিমফালে আছে আৰব সাগৰ।

অনুশীলনী– 2

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতৰ সীমাৰ প্ৰাচীৰ কি?

উত্তৰ: ভাৰতৰ সীমাৰ প্ৰাচীৰ হিমালয় পৰ্বত।

(খ) ভাৰতৰ দুখন বন্দৰ-নগৰৰ নাম লিখা।

উত্তৰ: ভাৰতৰ দুখন বন্দৰ নগৰ হৈছে—মুম্বাই আৰু চেন্নাই।

(গ) ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি?

উত্তৰ: সাগৰীয় মাছ ধৰা।

(ঘ) জাৰোৱাসকলে ক’ত বাস কৰে?

উত্তৰ: জাৰোৱাসকলে আন্দামান-নিকোবৰ দ্বীপপুঞ্জত বাস কৰে।

২. চমু টোকা লিখা-

(ক) উত্তৰৰ পাৰ্বত্য অঞ্চল

উত্তৰ: হিমালয় পর্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু-বৰ পৰ্বত-পাহাৰেৰে উত্তৰৰ পার্বত্য অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। পূবা-পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পর্বতক তিনি শ্ৰেণীত ভাগ কৰা হয়— উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয় ।পৃথিৱীৰ উচ্চতম শৃংগ মাউন্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত ।

(খ) উত্তৰৰ সমভূমি অঞ্চল

উত্তৰ: হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্রায় ২৪০০ কিলোমিটাৰ দীঘল আৰু ৯৫০ ৰ পৰা ৩০০ কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্রধানকৈ তিনিটা ভাগত ভগাব পাৰি– (ক) পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল, (খ) মধ্যভাগৰ গংগা-যমুনা সমভূমি আৰু (গ) পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা।

(গ) দাক্ষিণাত্য মালভূমি অঞ্চল

উত্তৰ: গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভু-ভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ-মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নর্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এফালে দাক্ষিণাত্য মালভূমি আৰু আনটো ফালক মধ্যভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়।

(ঘ) উপকূলীয় নিম্নভূমি অঞ্চল

উত্তৰ: ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ-মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূবদিশত আছে বংগোপসাগৰ। পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰব সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ।

Scroll to Top