প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ

অনুশীলনী – ১

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা- 

(ক) মৌর্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।

(খ) অর্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কৌটিল্য।

(গ) বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল?

উত্তৰ: বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্রদেশ, গুজৰাট, উৰিষ্যা, কিছু অংশৰ লগতে আন কিছু অঞ্চলজুৰি মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল ।

(ঘ) মৌৰ্য ৰজাসকলৰ ভিতৰত কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়?

উত্তৰ: সম্ৰাট অশোক ।

(ঙ) শৃংগ বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।

(চ) পুষ্যমিত্র শৃংগ কোনটো বৰ্ণৰ লোক আছিল?

উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।

(ছ) গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।

(জ) মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?

উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।

(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?

উত্তৰ: অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল?

(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?

উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ কাম পৰিচলনা কৰা।

(ট) মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল?

উত্তৰ:মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা হ’ল- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ।

(ঠ) গুপ্তবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন?

উত্তৰ: গুপ্ত বংশৰ শ্রেষ্ঠ ৰজা আছিল প্ৰথম চন্দ্রগুপ্ত ।

অনুশীলনী – ২

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা-

(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।

উত্তৰ: পাণ্ড্য, চোল আৰু চেৰাসকল।

(খ) পাণ্ড্যবংশৰ ৰাজধানী কি আছিল?

উত্তৰ: মাদুৰাই।

(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?

উত্তৰ: উৰাইয়ুৰ চোলা বংশৰ ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল ।

(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?

উত্তৰ: চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল ।

(ঙ) কাক অন্ধ্র বুলি জনা গৈছিল?

উত্তৰ: সাতবাহন সকলক অন্ধ্র বুলি জনা গৈছিল ।

(চ) চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ: প্ৰথম পুলাকেশী ।

(ছ) পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল?

উত্তৰ: পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু।

(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?

উত্তৰ: কাঞ্চীপুৰম পল্লৱ শাসকসকলৰ ৰাজধানী আছিল ।

(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল?

উত্তৰ: কৃষি কৰ্ম ।

অনুশীলনী – ৩

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা-

(ক) প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি?

উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।

(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।

(গ) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?

উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।

(ঘ) চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?

উত্তৰ:ভাস্কৰ বৰ্মনৰ শাসন কালত আহিছিল।

(ঙ) বিষয় বুলিলে কি বুজা?

উত্তৰ: প্ৰাচীন কামৰূপৰ শাসন ব্যৱস্থাত ৰজা আছিল প্ৰধান ক্ষমতাশালী লোক। গুপ্তসকলৰ দৰে ইয়াতো ৰাজ্যখন বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল। তেনে গোটবোৰক ‘বিষয়’ বুলি জনা গৈছিল।

(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।

উত্তৰ: কাপোৰ বোৱা, কাঁহ-পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা বৃত্তি।

অনুশীলনী – ৪

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা-

 (ক) গুপ্তযুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল?

উত্তৰ: সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত হোৱা এল-বিকাশৰ বাবেই গুপ্তযুগক ‘সোণালী যুগ’ বুলি অভিহিত কৰা হয়।

(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।

উত্তৰ: কালিদাসে লিখা তিনিখন নাটকৰ নাম হ’ল- ৰঘুবংশম, কুমাৰসম্ভৱম, মেঘদূতম্ ।

(গ) বৰ্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?

উত্তৰ: বর্তমানৰ নাম আল্লাহাবাদ স্তম্ভলিপিৰ লেখক আছিল হৰিসেন।

(ঘ) দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?

উত্তৰ: অমৰকোষ ।

(ঙ) দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?

উত্তৰ: দক্ষিণ ভাৰতত তামিল, তেলেগু, কানাড়া, মালায়ালাম আদি ভাষাত বহু নাটক, কবিতা আদি সাহিত্য ৰচিত হৈছিল । 

Scroll to Top