পৃথিৱীৰ গতি
(১) তলৰ প্রশ্নবোৰৰৰ উত্তৰ দিয়া –
(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে?
উত্তৰ: ৬৬ ১/২° ডিগ্ৰী কোণ ধৰি আছে।
(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ: ৩৬৫ দিন আৰু ৬ ঘন্টা সময় লাগে।
(গ) পোহৰ বৃত্ত কাক বোলে ?
উত্তৰ:পৃথিৱীত দিন-ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাক কৰিছে, এই বৃত্তটোকেই পোহৰ বৃত্ত বোলে।
(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্য্যৰ ৰশ্মি হেলনীয়াভাৱে পাৰে?
উত্তৰ: ২১ মাৰ্চৰ দিনা।
(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া —
(ক) আহ্নিক আৰু বাৰ্ষিক গতি বুলিলে কি বুজা?
উত্তৰ: পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি তাক আহ্নিক গতি বোলে আৰু পৃথিৱীয়ে নিজ কক্ষপথেৰে ঘূৰা যি গতি তাক বাৰ্ষিক গতি বোলে।
(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন – ৰাতি কেনেকৈ হয় বুজাই লিখা।
উত্তৰ: এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা হ’ল। এতিয়া গোলকটো আন্ধাৰ কোঠাত ৰাখি গোলকটোৰ আধা অংশত পোহৰ পৰাকৈ টর্চ লাইটটো জ্বলাই স্থিৰ কৰি ৰাখা হ’ল। আন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া হ’ল। এইদৰে ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশ আন্ধাৰ হ’ব। এইদৰেই পৃথিৱীৰ উপৰিভাগত দিন আৰু ৰাতি হয়।
(গ) অধিবৰ্ষ বুলিলে কি বুজা?
উত্তৰ: প্ৰতি ৪ বছৰৰ মূৰে-মূৰে ফেব্ৰুৱাৰী মাহটোট এদিন বঢ়াই ২৮ দিনৰ ওপৰি ২৯ দিন গণনা কৰা হয়। এনেকৈ যিতো বছৰত এদিন বঢ়াই দিয়া হয় তাকে অধিৰ্বষ বোলে।
(ঘ) কৰ্কট সংক্ৰান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য বুজাই লিখা।
(ঙ)পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা।
(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা?
উত্তৰ: পৃথিৱীয়ে যিটো উপবৃত্তাকাৰ পথেবে সূর্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীব কক্ষপথ বোলে।
(৩) শুদ্ধ উত্তৰবোৰত (✓) চিহ্ন দিয়া —
(ক) পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?
(১) আহ্নিক গতিৰ
(২) মেৰু দণ্ড
(৩) বাৰ্ষিক গতি
উত্তৰ: (৩) বাৰ্ষিক গতি।
(খ) বিষুৱ ৰেখাত সূৰ্য্যৰ পোহৰ কোন তাৰিখে পোনে পোনে পৰে?
(১) ২১ মাৰ্চ
(২) ২১জুন
(৩) ডিচেম্বৰ
উত্তৰ: (১) ২১ মাৰ্চ।
(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ —
(১) বাৰ্ষিক গতি
(২) আহ্নিক গতি
(৩) এই দুটা দৈনিক গতিৰ এটাও নহয়
উত্তৰ: (৩) বাৰ্ষিক গতি।
(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ’ল—
(১) ৩৬৫ দিন
(২) ৩৬৬ দিন
(৩) ৩৬৫ ১/২ দিন
উত্তৰ: (২) ৩৬৬ দিন।
(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল—
(১) ২৩ ছেপ্টেম্বৰ
(২) ২২ মাৰ্চ
(৩) ২২ ডিচেম্বৰ
উত্তৰ: (৩) ২২ ডিচেম্বৰ।
(৪) খালী ঠাই পূৰ কৰা —
(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে …………… বোলে।
উত্তৰ: আহ্নিক গতি।
(খ) পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে ঘূৰা পথটোক ………………… বোলে।
উত্তৰ: কক্ষপথ।
(গ) ………………ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।
উত্তৰ: শীত।
(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ………………।
উত্তৰ: মেৰুদণ্ড।
(ঙ) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ ……………… গোলাৰ্ধত কল্পনা কৰা হৈছে।
উত্তৰ: উত্তৰ।