পৃখিৱীৰ আকাৰ আৰু আকৃতি

(১) তলৰ প্ৰশ্ন বোৰৰ চমু উত্তৰ দিয়া —

(ক) কৰ্কট ক্রান্তি ৰেখা কাক বোলে ? 

উত্তৰ: বিষুৱ ৰেখাৰ পৰা উত্তৰে ২৩.৫ ডিগ্ৰী উত্তৰ অক্ষাংশলৈকে থকা অংশক কৰ্কট ক্ৰান্তি বোলা হয়।

(খ) তাপ মণ্ডল তিনিটা কি কি ?

উত্তৰ: তাপ মণ্ডল তিনিটা হ’ল — গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল।

(গ) অক্ষৰেখা কাক বোলে?

উত্তৰ: বিষুবৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰকে অক্ষৰেখা বোলে।

(ঘ) দ্ৰাঘিমাৰেখা কাক বোলে?

উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী কিছুমান ৰেখাৰ সহায় লোৱা হয়, এই ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলা হয়।

(ঙ) গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ম কিয় হয়?

উত্তৰ: গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায় ভাগ সময়তে সূৰ্য্য ৰশ্মি পোনপটীয়াভাৱে পৰে, ফলত এই অঞ্চল আটাইতকৈ বেছি উষ্ম হয়। 

(চ) বিষুৱৰেখা কোনটো তাপমণ্ডলত  অৱস্থিত?

উত্তৰ: বিষুৱৰেখাৰ গ্ৰীষ্মমণ্ডল অৱস্থিত।

(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?

উত্তৰ: মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে কাৰণ ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে ।

(২) কেৱল উত্তৰ দিয়া —

(ক) কৰ্কটক্রান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?

উত্তৰ: উত্তৰ গোলাৰ্ধত।

(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ দুই মেৰুবিন্দুক সংযোগ কৰিছে?

উত্তৰ: দ্ৰাঘিমাৰেখায়ে।

(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?

উত্তৰ: উত্তৰ ফালে বা ওপৰৰ ফালে।

(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান?

উত্তৰ: ০º অক্ষাংশ ।

(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?

উত্তৰ: উত্তৰ গোলাৰ্ধ।

(৩) শুদ্ধটোত (✓) চিন দিয়া —

(ক) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে —

(১) ৯০°

(২) ০°

(৩) ৬৬° 

উত্তৰ: (২) ০° 

(খ) শীত মণ্ডলৰ অৱস্থান হৈছে —

(১) মেৰু অঞ্চল

(২) বিষুৱ অঞ্চল

উত্তৰ: (১) মেৰু অঞ্চল।

(গ) বিষুৱৰপৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?

(১) ৬৬ ১/২° দক্ষিণ মেৰু। 

(২) ২৩ ১/২° দক্ষিণ অক্ষাংশ। 

(৩) ২৩১/২° উত্তৰ অক্ষাংশ। 

উত্তৰ: (২) ২৩ ১/২° দক্ষিণ অক্ষাংশ।

(ঘ) ১° ৰ অন্তৰে অন্তৰে দ্ৰাঘিমাৰেখাৰ মুঠ সংখ্যা হ’ব 

(১) ১৮০ ডাল। 

(২) ৩৬০ ডাল।  

(৩) ৯০ ডাল। 

উত্তৰ: (২) ৩৬০ ডাল।

(৪)  (ক) বিষুৱৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি? 

উত্তৰ: গ্ৰীষ্মমণ্ডল।

(খ) সূৰ্য্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে ?

উত্তৰ: গোটা অৱস্থা বা বৰফ অৱস্থাত থাকে।

Scroll to Top