ভাৰতীয় সভ্যতাৰ আৰম্ভণি
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সভ্যতা বুলিলে কি বুজা?
উত্তৰ: বেছিকৈ বিকাশ লাভ কৰা ঠাইক কেন্দ্ৰ কৰি মানুহৰ চিন্তা-চৰ্চা আৰু জীৱন-প্রণালীয়ে নতুন গতি লাভ কৰে। এই গতিয়েই তাৰ লগত জড়িত ঠাই আৰু সমাজখনক তুলনামূলকভাৱে উন্নত ৰূপত সজাই তোলে। এনে উন্নত ৰূপকে আমি সেই ঠাইত গঢ় লোৱা সভ্যতা বুলি ক’ব পাৰো ।
(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰ: সভ্যতাৰ বৈশিষ্ট্যসমূহ হ’ল-
(ক) শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল
(খ) দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অৰ্থনৈতিক সম্পৰ্ক আছিল।
(গ) সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে।
(ঘ) সৃষ্টিশীল কাম-কাজ, যেনে, লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰদ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়।
(ঙ) উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধি-শালী গাঁও আছিল।
(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল?
উত্তৰ: নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল ।
(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা ।
উত্তৰ: (ক) হৰপ্পা
(খ) মিছৰীয়
অনুশীলনী – ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?
উত্তৰ: সিন্ধু সভ্যতাক ‘হৰপ্পা’ আৰু ‘সিন্ধু-সৰস্বতী’ সভ্যতা সভ্যতা বুলি জনা যায়।
(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।
উত্তৰ: লোথাল, ধোলভিৰা ।
(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ -ফালৰপৰা দুৰ্গ আৰু নামনি চহৰ – এই দুই ভাগত ভগাব পাৰি। দুৰ্গ হ’লু চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ, যেনে, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। এই অঞ্চলতেই শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল ।
২. চমুটোকা লিখা-
হৰপ্পা সভ্যতাৰ সময়ৰ—
(ক) সৰস্বতী নদী
উত্তৰ: সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল, যিবোৰক এতিয়া ভাৰতত ‘ঘগ্গাৰ’ আৰু পাকিস্তানত ‘হকৰা’ বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে। ঋগবেদত সৰস্বতী নদীৰ প্রথম উল্লেখ পোৱা যায়।
(খ) ঘৰ-দুৱাৰ
উত্তৰ: ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্রত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনিঘৰ আৰু একাধিক শোৱা কোঠালীৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল ।
(গ) ৰাস্তা-ঘাট
উত্তৰ: হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা-ঘাটবোৰ আছিল আহল-বহল আৰু সাধাৰণতে ইটো-সিটোৰ সমান্তৰাল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্র চহৰখনৰ বাট-পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল।
(ঘ) জল-নিষ্কাষণ ব্যৱস্থা
উত্তৰ: হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল-নিষ্কাষণ, অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সু-পৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল।
৩. “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।”- ব্যাখ্যা কৰা।
উত্তৰ: হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল-নিষ্কাষণ, অৰ্থাৎ পানী যোৱাৰ ব্যৱস্থা সু-পৰিকল্পিত আছিল। প্ৰত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে-কাষে পানী যোৱা নলা আছিল। এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰাই বুজিব পাৰি যে সেই সময়ৰ হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।
অনুশীলনী – ৩
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লোকসকল কৃষি,পশুপালন, হস্তশিল্প আদি বৃত্তিৰ লগত জড়িত আছিল।
(খ) হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লোকসকলে নিজৰ অঞ্চলৰ উপৰি সমসাময়িক আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল।
(গ) বৰ্হিজগতৰ লগত হৰগ্গাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়?
উত্তৰ: হৰপ্পা সভ্যতাৰ ছীল-মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ’পটেমিয়া আৰু পাৰস্যৰপৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ’পটেমিয়াৰ ছীল-মোহৰ হৰগ্গাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন-আন ঠাইৰ লগত থকা হৰগ্গাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে ।
(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?
উত্তৰ: ঘেহু, সৰিয়হ ।
(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?
উত্তৰ: পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ-অলংকাৰ, তামৰ বাচন-বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাঁও, আদি।
(চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পর্ক আছে বুলি ক’ব পাৰি?
উত্তৰ: ছীল- মোহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পর্ক আছে বুলি ক’ব পাৰি ।
২. চমুটোকা লিখা-
হৰপ্পাকালীন-
(ক) জীৱিকা
উত্তৰ: ভিন্-ভিন্ ঠাইৰপৰা উদ্ধাৰ হোৱা শস্যৰ বীজৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কৃষিৰ কথা জানিব পাৰি। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা জন্তুৰ হাড়, হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্ট আদিয়ে সেই সময়ৰ অধিবাসীসকলে জীৱিকাৰ বাবে পশুপালনৰ লগতে হস্তশিল্পতো যে গুৰুত্ব দিছিল তাৰ প্ৰমাণ দিয়ে। এই আটাইবোৰৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে কৃষি, পশুপালন আৰু হস্তশিল্পই হৰগ্গাবাসীৰ প্ৰধান জীৱিকা আছিল।
(খ) বাণিজ্য
উত্তৰ: হৰপ্পা সভ্যতাৰ ছীল-মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছ’পটেমিয়া আৰু পাৰস্যৰপৰাও উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ’পটেমিয়াৰ ছীল-মোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন-আন ঠাইৰ লগত থকা হৰগ্গাৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে।
অনুশীলনী – ৪
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ‘ইউনিকৰ্ণ’ কি?
উত্তৰ: হৰপ্পাৰ ছীল-মোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায, যাক ‘ইউনিকর্ণ’ বুলি কোৱা হয়।
(খ) ছীল-মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে?
উত্তৰ: ছীল-মোহৰবোৰত ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতীৰ জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে ।
(গ) হৰপ্পাকালীন লিপি কি কি সামগ্রীত পোৱা গৈছে?
উত্তৰ: হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।
২. চমুটোকা লিখা-
হৰপ্পাৰ সময়ৰ—
(ক) ধৰ্মীয় বিশ্বাস
উত্তৰ: হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও ভিন্-ভিন্ ঠাইৰপৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মূৰ্তি এটাক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি ছীল-মোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক ‘পশুপতি শিৱ’ বুলি অভিহিত কৰা দেখা যায় ।
(খ) ভাষা আৰু লিপি
উত্তৰ: হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰপৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল। অর্থাৎ, ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বাক্যবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল।
অনুশীলনী – ৫
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?
উত্তৰ: ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্ৰত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনিঘৰ আৰু একাধিক শোৱা কোঠালীৰ ব্যৱস্থা আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল ।
(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল ।
(গ) হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল?
উত্তৰ: হৰপ্পা সভ্যতাৰ মোহৰবোৰত ষাঁড়গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত আছিল।
(ঘ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল?
উত্তৰ: ১৯২১ চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল।