অৰ্থনীতি,ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম

অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন-নিৰ্বাহ কৰে ?

উত্তৰঃ তৰাজান গাঁৱৰ লোকে নৈত মাছ ধৰে আৰু সেই মাছ বজাৰত বিক্ৰী কৰি অৰ্থ উপার্জন কৰে। তৰাজান গাঁৱত এটা সৰু কুটীৰ শিল্পৰ উদ্যোগো আছে।পুৰুষ-মহিলাই সেই উদ্যোগৰ তাঁতশালত গামোচা, চাদৰ-মেখেলা আদি প্ৰস্তুত কৰি বিক্ৰী কৰে।

(খ) তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্রচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া।

উত্তৰঃ আমাৰ গাঁৱৰ সৰ্বাধিক প্রচলিত অর্থনৈতিক কাম হৈছে কৃষিকার্য ,  মীনপালন আৰু পশুপালন।

(গ) তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ তিনিটা অর্থনৈতিক কার্য লিখা।

উত্তৰঃ মই আৰু মোৰ পৰিয়ালৰ লোক জড়িত থকা তিনিটা অর্থনৈতিক কার্য হ’ল- কৃষিকার্য, পশুপালন আৰু শিক্ষা প্ৰদান।

২. অর্থনৈতিক কার্য আৰু অনা-অর্থনৈতিক কাৰ্যৰ মাজত থকা পার্থক্য কি? প্রত্যেকটো কার্য উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ জীৱন-নির্বাহৰ বাবে কৰা কাম-কাজকে অর্থনৈতিক কার্যকলাপ বোলে। উদাহৰণ স্বৰূপে – গায়কে গীত গাই অর্থ-উপার্জন কৰে। উপাৰ্জনৰ উপৰি মানুহে ৰুচিৰ বাবে লগতে নতুন কথা শিকিবলৈও কিছুমান কাম কৰে। কেতিয়াবা কোনো ধৰণৰ টকা-পইচাৰ কথা নাভাবি মৰম, স্নেহ, কৃতজ্ঞতা আদি প্রকাশ বা দায়িত্ব পালনৰ অর্থেও বহু কাম কৰা হয়। এনেবোৰ কাৰ্যক অনা-অর্থনৈতিক কার্যকলাপ বোলা হয়। উদাহৰণ স্বৰূপে – পিতৃ-মাতৃয়ে লোৱা সন্তানৰ যতন, গৃহিণীয়ে পৰিয়ালৰ লোকৰ বাবে খাদ্য প্রস্তুত কৰা, সমনীয়াৰ লগত খেলা বিভিন্ন খেল আদি।

৩. তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা-অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। সেই কার্যটোক কিয় অনা-অর্থনৈতিক কার্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে সেই কাৰ্যই কি অৰিহণা যোগাব লিখা।

উত্তৰঃ আমাৰ গাওঁত এটা সাংস্কৃতিক সংঘ আছে। প্রতি দেওবাৰে আমাৰ গাওঁৰ লৰা ছোৱালীবোৰে গীত-মাত, নৃত্য, ছবি আঁকে। এই কামবোৰ কোনো আর্থিক লাভালাভ নোহোৱাকৈ কৰা হয় বাবে ইয়াক অনা- অৰ্থনৈতিক কার্য হিচাপে বিবেচনা কৰা হয়।

অনুশীলনী – ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) অৰ্থনীতিৰ মূল খণ্ড কেইটা কি কি?

উত্তৰঃ অর্থনীতিৰ মূল খণ্ড তিনিটা হৈছে-

(i) প্রাথমিক খণ্ড

(ii) দ্বিতীয়ক খণ্ড

(iii) তৃতীয়ক খণ্ড

(খ) প্রাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়?

উত্তৰঃ প্ৰাথমিক খণ্ডক কৃষি খণ্ড বুলি কোৱা হয়। 

(গ) অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি?

উত্তৰঃ অর্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। 

(ঘ) বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি?

উত্তৰঃ মানুহৰ মাজত বিশেষ পদ্ধতিবে দ্রব্য আৰু সেৱাৰ আদান-প্রদান কৰা পদ্ধতিকে বিনিময় প্রথা বুলি কোৱা হয়।

(ঙ) বৰ্তমানৰ বিনিময়ৰ মাধ্যম কি?

উত্তৰঃ বর্তমানৰ বিনিময়ৰ মাধ্যম হৈছে মুদ্ৰা।

২. মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল-সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্রাৰ আৱিষ্কাৰৰ লগে লগে মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে স্বীকৃত হ’ল। মুদ্রাৰ জৰিয়তে মানুহে বয়-বস্তু, সা-সামগ্রী সহজে কিনিব পৰা হ’ল যদিও, প্রথম অৱস্থাত বিনিময় প্রথা সম্পূর্ণভাবে নোহোৱা হৈ যোৱা নাছিল। সামগ্রী বিনিময়ৰ ক্ষেত্রত উদ্ভৱ হোৱা ভাগ-বতৰা আৰু সামগ্রী নষ্ট হোৱাৰ দৰে সমস্যা মুদ্রাব ক্ষেত্রত নাছিল। কিন্তু ধাতু মুদ্রাবোৰ এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা। এই অসুবিধাবোৰ দূৰ কৰিবলৈ কাগজী মুদ্রাৰ উদ্ভাবন হ’ল। সময়ত ধাতুৰ মুদ্রা আৰু কাগজী মুদ্রা বিনিময়ৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হ’ল। বর্তমান আমাৰ জীৱনত মুদ্রাই এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিছে। বেচা-কিনা আদি সকলো কাম-কাজ মুদ্রাৰ জৰিয়তে সহজে কৰিব পৰা হ’ল। সমগ্র পৃথিৱীৰ মানুহৰ মাজত মুদ্রাই এখন সাঁকোৰ দৰে সংযোগ স্থাপন কৰিলে।

৩. প্রাথমিক, গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ অসমৰ অধিকাংশ কৃষিভূমিত ধান খেতি কৰা হয়। কৃষিভূমিত উৎপাদিত ধানসমূহ ধান বনা কলত চাউললৈ ৰূপান্তৰ কৰা হয়। চাউলৰপৰা বিভিন্ন প্ৰকাৰৰ পৰম্পৰাগত খাদ্য সামগ্রী, যেনে, পিঠা-পনা, লাডু, সান্দহ ইত্যাদি প্ৰস্তুত কৰা হয়। এই খাদ্য সামগ্ৰীসমূহ ব্যৱসায়ীসকলে স্থানীয়, আঞ্চলিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত বিক্ৰী কৰে। যাতায়াতৰ বিভিন্ন মাধ্যম, যেনে, পথ পৰিবহণ, ৰেল পৰিবহণ আদি ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। ইণ্টাৰনেট সেৱাৰ সহায়ত অনলাইন বজাৰৰ মাধ্যমেৰেও এই পিঠা-পনাসমূহ গ্রাহকে ক্ৰয় কৰিব পাৰে।
ওপৰৰ উদাহৰণটোত কৃষিভূমিত উৎপাদন কৰা ধান প্রাথমিক খণ্ডৰ অন্তৰ্গত। কলত ধান বানি পোৱা চাউলৰপৰা উৎপাদন কৰা পিঠাগুড়ি, পিঠা-পনা, লাডু ইত্যাদি গৌণ খণ্ডৰ অন্তর্ভুক্ত। এই খাদ্য সামগ্ৰীবোৰ পৰিবহণ আৰু যোগাযোগ সেৱা ব্যৱহাৰ কৰি বজাৰৰ বিপণীসমূহত বিক্ৰী কৰা কাৰ্য সেৱা খণ্ডই সামৰি লয়। ঠিক একেদৰে এই পিঠা-পনাসমূহ কিনা-বেচা কৰিবলৈ ব্যৱহাৰ হোৱা ইণ্টাৰনেট সেৱা তৃতীয় বা সেৱা খণ্ডৰ অন্তৰ্গত।

Scroll to Top