ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) ঘৰ বা বিদ্যালয়ত একো নীতি-নিয়ম নাথাকিলে কি হ’ব?
উত্তৰঃ ঘৰ বা বিদ্যালয়ত একো নীতি-নিয়ম নাথাকিলে মতবিৰোধ আৰু বিসংগতিৰ সৃষ্টি হ’ব।
(খ) শাসন ব্যৱস্থানো কি?
উত্তৰঃ সামাজিক জীৱনক বিভিন্ন নীতি-নিয়মেৰে পৰিচালিত কৰা আৰু নীতি-নিয়ম বোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যবস্থা বুলিব পাৰি।
(গ) চৰকাৰনো কি?
উত্তৰঃ যি ব্যৱস্থাই সেই নীতি-নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ।
২. তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্রশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে?
উত্তৰঃ মই যি অঞ্চলত বাস কৰোঁ, তাত গাঁও পঞ্চায়ত (বা পৌৰসভা) আছে। তেওঁলোকে পানী যোগান, পকা ৰাস্তা বনোৱা মল-মূত্র নিষ্কাশন, বিদ্যুৎ সুবিধা, বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰৰ ব্যৱস্থা আদিৰ দায়িত্ব লয়।
অনুশীলনী – ২
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি?
উত্তৰঃ এখন চৰকাৰৰ প্ৰধান অংগ কেইটা হ’ল-
(i) বিধানসভা।
(ii) কাৰ্যবাহী।
(iii) ন্যায়পালিকা।
(খ) চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে?
উত্তৰঃ বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে।ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছেনে নাই বিচাৰ কৰে।
(গ) কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়?
উত্তৰঃ কেন্দ্ৰীয় স্তৰত:
বিধায়ন অংগ: লোকসভা আৰু ৰাজ্যসভা
কাৰ্যবাহী অংগ: ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰীসভা
বিচাৰ অংগ: সর্বোচ্চ ন্যায়ালয়
ৰাজ্যিক স্তৰত:
বিধায়ন অংগ: বিধানসভা (কিছুমান ৰাজ্যত বিধান পৰিষদো থাকে)
কাৰ্যবাহী অংগ: ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা
বিচাৰ অংগ: উচ্চ ন্যায়ালয় আৰু অধীনস্থ আদালতসমূহ
(ঘ) ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা?
উত্তৰঃ ভাৰত চৰকাৰৰ কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পলিকা এই তিনিওটা অংগৰে ক্ষমতা আৰু কার্যাৱলী সংবিধানে পৃথক পৃথক কৰি দিছে। বিধান পালিকাই যদি আইন প্রণয়ন কৰে, সেই আইন কেৱল কার্যপালিকাইহে কার্যকৰী কৰিব পাৰে। সেই আইন কার্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ’লে, তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে দিব পাৰে।ক্ষমতাৰ পৃথকীকৰণত প্রতিটো অংগৰে ক্ষমতা বেলেগ বেলেগ যদিও প্রকৃতাৰ্থত তেওঁলোকে নিজৰ নিজৰ কাৰ্যাৱলীকহে বিভক্ত কৰে।
(ঙ) ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি?
উত্তৰঃ ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ’ল চৰকাৰৰ অংগ তিনিটাৰ কোনোবাটোৱে যদি প্রয়োজনতকৈ অধিক বা সংবিধান বহির্ভূত কার্য কৰে, অন্য দুটা অগেই তাক বিচাৰ কৰি সন্তলিত কৰে।
অনুশীলনী – ৩
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) গণতন্ত্র শব্দটো কোন ভাষাৰপৰা আহিছে?
উত্তৰঃ গণতন্ত্র শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।
(খ) গণতন্ত্ৰৰ শব্দগত অর্থ কি?
উত্তৰঃ গণতন্ত্ৰৰ শব্দগত অর্থ হৈছে Demos’, অৰ্থাৎ ‘জনসাধাৰণ’ আৰু ‘Kratos” অর্থাৎ শাসন বা ক্ষমতা।
(গ) ভাৰতৰ বাহিৰেও আৰু গণতান্ত্রিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা। প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলিওৱা।
উত্তৰঃ (i) জাপান – ট’কিও।
(ii) ফান্স- পেৰিছ।
(ঘ) প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি?
উত্তৰঃ আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায়। ইয়াক আমি প্রতিনিধিত্বমূলক গণতন্ত্র বুলি কওঁ।
(ঙ) প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র কি?
উত্তৰঃ প্ৰত্যক্ষ গণতন্ত্ৰত জনসাধাৰণে নিজে সিদ্ধান্ত লয়।
পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণে প্ৰতিনিধি নির্বাচন কৰে যিয়ে সিদ্ধান্ত লয়।
(চ) তৃণমূল গণতন্ত্র কি?
উত্তৰঃ জনসাধাৰণে স্থানীয় প্রশাসনত প্রত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্র বুলি কোৱা হয়। প্ৰকৃততে, এই গণতন্ত্ৰত জনসাধাৰণৰ নিজস্ব মতামতৰ স্থান থাকে।