বৈচিত্ৰ্য়ৰ মাজত ঐক্যঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ জীৱন

অনুশীলনী – ১ 

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) বৈচিত্ৰ্যৰ অৰ্থ কি?

উত্তৰঃ মানুহৰ মাজত থকা জাতি, ধর্ম, ভাষা, খাদ্যাভ্যাস, আচাৰ-ব্যৱহাৰ, উৎসৱ-পাৰ্বণ আদিৰ ভিন্নতাক বৈচিত্র্য বোলা হয়

(খ) ঐক্য মানে কি?

উত্তৰঃ বিভিন্নতা সত্ত্বেও, একেলগে শান্তিতে, মিলা মিচা, পৰস্পৰক সন্মান জনাই থকাৰ মানে হৈছে ঐক্য।

(গ) বৈচিত্র্যৰ মাজত ঐক্য বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া ভিন্‌-ভিন্‌ ধৰণৰ মানুহে নিজৰ মাজত থকা পাৰ্থক্যবোৰক প্রাধান্য নিদি একেলগ হৈ থাকে তাকেই বৈচিত্র্যৰ মাজত ঐক্য বুলি কোৱা হ’য়।

২. ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈচিত্র্যৰ অন্তৰালৰ কাৰকসমূহ হৈছে-

(১) ভৌগোলিক ভিন্নতা

(২) গোষ্ঠীগত ভিন্নতা

(৩) ধর্মীয় ভিন্নতা

(৪) ভাষিক ভিন্নতা।

৩. ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া।

উত্তৰঃ উত্তৰে সুউচ্চ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ, পূবে অধিক বৰষুণৰ অঞ্চল, পশ্চিমে বিশাল মৰুভূমি পৰ্বত, সমতল, উপকূলীয় অঞ্চল, আৰু ঘন বনাঞ্চল।

অনুশীলনী – ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়?

উত্তৰঃ ভাৰতক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয় কাৰণ ইয়াত বিভিন্ন ধৰ্মৰ মানুহে শান্তিত একেলগে বাস কৰে।

(খ) মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম উল্লেখ কৰা।

উত্তৰঃ মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা দুটা উৎসৱৰ নাম হ’ল অসমৰ মাঘ বিহু, তামিলনাডুৰ পোংগল।

(গ) তুমি বাস কৰা অঞ্চলটোত কি কি ভাষা কোৱা মানুহ আছে।

উত্তৰঃ মই বাস কৰা অঞ্চলটোত অসমীয়া, বাংলা, হিন্দী, বড়ো আদি ভাষা কোৱা মানুহ আছে।

২. উৎসৱ-পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়?

উত্তৰঃ ভাৰতৰ বেছিভাগ উৎসৱ কৃষিৰ সৈতে জড়িত। মকৰ সংক্ৰান্তিৰ সময়ত অসমত মাঘ বিহু, তামিলনাডুত পোংগল, পঞ্জাৱত লোহৰী আদি পালন কৰা হয়। এই উৎসৱবোৰৰ উদ্দেশ্য আৰু খাদ্যৰ মিল থাকে।

Scroll to Top