ইতিহাস লিখনত সময় গণনা,উৎস আৰু ভাৰতবৰ্ষ

অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?

উত্তৰ: শঙ্কৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক শঙ্কৰাব্দ বুলি জনা যায়।

(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে?

উত্তৰ: ভাস্কৰাব্দ আৰম্ভণি ভাস্কৰ বর্মণৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছে।

(গ) মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জিখনৰ নাম কি?

উত্তৰ: মুছলমানসকলে ব্যৱহাৰ কৰা পৰম্পৰাগত বৰ্ষপঞ্জিখনৰ নাম হ’ল হিজৰী বৰ্ষপঞ্জি।

(ঘ) গ্রেগ’ৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?

উত্তৰ: গ্রেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীচু খ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয়।

(ঙ) এক দশক বুলিলে কি বুজা?

উত্তৰ: এক দশক মানে হ’ল দহটা বছৰৰ সময়ছোৱা।

(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?

উত্তৰ: ১০০০ বছৰক একেলগে বুজাবলৈ সহস্রাব্দ শব্দটো ব্যৱহাৰ কৰা হয়।

২) ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?

উত্তৰ: ইতিহাস হ’ল অতীতৰ ঘটনাৱলীৰ এক বস্তুনিষ্ঠ আৰু নিৰ্ভৰযোগ্য বিৱৰণ, যি প্ৰমাণ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। আনহাতে, কাহিনী হ’ল এক কাল্পনিক বা আধা-কাল্পনিক ৰচনা, যি মনোৰঞ্জন বা কোনো বিশেষ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যেৰে সৃষ্টি কৰা হয়।

৩) ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?

উত্তৰ: ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হৈছে সময় ৰেখা।

অনুশীলনী – ২

১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?

উত্তৰ: ইতিহাস অধ্যয়নৰ উৎস বুলিলে সেই সকলো সামগ্ৰী বা তথ্যকে বুজা যায়, যিবোৰৰ সহায়ত অতীতৰ বিষয়ে জানিব পাৰি।

(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।

উত্তৰ:ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ’ল- (১) শিলালিপি

(২) প্রাচীন মানুহৰ জিনীয় বৈজ্ঞানিক অধ্যয়ন ।

(গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?

উত্তৰ: এপিগ্ৰাফিষ্টসকলে শিলালিপি, তাম্রলিপি, মুদ্ৰা আদিৰ বিষয়ে অধ্যয়ন কৰে।

(ঘ) জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?

উত্তৰ: জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পূৰাজীৱবিজ্ঞানী বুলি জনা যায়।

(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?

উত্তৰ: নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।

২) ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?

উত্তৰ:ইতিহাসবিদসকলে অতীতৰ কোনো ব্যক্তি, যুদ্ধ, বিদ্ৰোহ আদিৰ তুলনা কৰি চায়। কেতিয়াবা এটা উৎসই আনটোৰ তথ্যক সমৰ্থন কৰে আৰু কেতিয়াবা সম্পূৰ্ণ বিপৰীত তথ্যও পোৱা যাব পাৰে। গতিকে কোনটো তথ্য অধিক নিৰ্ভৰযোগ্য তাক থিৰাং কৰিবলৈ ইতিহাসবিদসকলে সেই সময়ৰ অন্য উৎস বিচাৰিবলগীয়া হয়।

৩) ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা।

উত্তৰ:ইতিহাস লিখন বা প্রণয়ন হৈছে এক বৈজ্ঞানিক প্রক্রিয়া। নানা উৎসই ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। আদিম যুগৰ লোকসকলৰ বিষয়ে তথ্য উদ্‌ঘাটন কৰাত আগভাগ লয় প্ৰত্নতাত্ত্বিকসকলে। নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা শিল্পকৰ্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে। পৰাজীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে।

অনুশীলনী – ৩

১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?

উত্তৰ: সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল।

(খ) ভাৰত উপমহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?

উত্তৰ: ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান আৰু নেপালক একেলগে বুজাবলৈ ভাৰত উপমহাদেশ শব্দৰ ব্যৱহাৰ কৰা হয়।

(গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰ: অশোকে ভাৰতক বুজাবলৈ শিলালিপিত ‘জম্বুদ্বীপ’ শব্দ ব্যৱহাৰ কৰিছিল।

(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰ: প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ শব্দ ব্যৱহাৰ কৰিছিল।

(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?

উত্তৰ: প্ৰাচীন চীনাসকলে ভাৰতক ‘য়িন্তু’,’য়িন্দু’ আৰু ‘তিয়ানঝু’ বুলি কৈছিল।

(চ) ভাৰতৰ কোনটো অঞ্চলক ‘ভাৰতম’ বুলি কোৱা হৈছিল?

উত্তৰ: দক্ষিণ ভাৰতৰ অঞ্চলক ‘ভাৰতম’ বুলি কোৱা হৈছিল।

২) ‘ভাৰত’ শব্দটো কিদৰে আহিল বৰ্ণনা কৰা।

উত্তৰ: আমি ব্যৱহাৰ কৰি অহা আমাৰ দেশৰ ‘ভাৰত’নামটো হঠাতে সৃষ্টি হোৱা নাছিল। কোনো ব্যক্তি বিশেষে এই নাম দিয়াৰ তথ্যও পোৱা নাযায়। মহাভাৰতত সমগ্ৰ উপমহাদেশখনক বুজাবলৈ ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল। মহাভাৰতৰ সমগ্র উপমহাদেশখনক বুজাবলৈ পৌৰাণিক ৰজা ভৰতৰ নামেৰে ‘ভাৰতবৰ্ষ’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।

৩) ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা।

উত্তৰ: প্ৰাচীন গ্রীকসকলে অঞ্চলটোৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল। ‘হিন্দ’ ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়

Scroll to Top