পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তিকৰণ

অনুশীলনী-

 ১)  কাঠেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা ।

উত্তৰঃ টেবুল , চকী, ডেস্ক , বেঞ্চ,আলমাৰী ।

২) তলত দিয়া বস্তুবোৰৰ কোনবোৰৰ উজ্জ্বলতা আছে বাচি উলিওৱা :

কাচৰ বাতি , প্লাষ্টিকৰ পুতলা , ষ্টীলৰ চামোচ , কপাহী চোলা।

উত্তৰঃ ষ্টীলৰ চামুচ , কাচৰ বাটি ।

 ৩) তলত দিয়া বস্তুবোৰৰ লগত পদাৰ্থবোৰ মিলোৱা , যিবোৰৰ পৰা বস্তুটো নিৰ্মাণ কৰা হয়  । মনত ৰাখিবা যে বস্তু এটা এটাতকৈ বেছি পদাৰ্থৰে গঠন হব পাৰে আৰু পদাৰ্থটো বহুত বস্তু গঢ়িবলৈ ব্যৱহাৰ হব পাৰে ।

বস্তু

পদাৰ্থ

কিতাপ

কাঁচ

চকী

কাগজ

জোতা

প্লাষ্টিক

গামলা

কাঠ

উত্তৰঃ

বস্তু

পদাৰ্থ

কিতাপ

কাগজ

চকী

কাঠ আৰু প্লাষ্টিক

জোতা

চামৰা

গামলা

কাঁচ , প্লাষ্টিক

৪) তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা ।

ক) শিল স্বচ্ছ , কিন্তু কাঁচ অস্বচ্ছ ।

উত্তৰঃ অশুদ্ধ

খ) টোকাবহীৰ উজ্জ্বলতা ( ছ্যুতি ) আছে , কিন্তু ৰবৰৰ নাই ।

উত্তৰঃ অশুদ্ধ

গ) চক মাটি পানীত দ্ৰৱীভূত হয় ।

উত্তৰঃ অশুদ্ধ

ঘ) কাঠৰ টুকুৰা এটা পানীত ওপঙে ।

উত্তৰঃ শুদ্ধ

ঙ) চেনি পানীত দ্ৰৱীভূত নহয় ।

উত্তৰঃ অশুদ্ধ

চ) বালি পানীত তললৈ যায় ।

উত্তৰঃ শুদ্ধ 

ছ) তেল পানীত মিহলি হয় ।

উত্তৰঃ অশুদ্ধ

জ) ভিনেগাৰ পানীত দ্ৰৱীভূত হয় ।

উত্তৰঃ শুদ্ধ 

৫) তলত কিছুমান বস্তু আৰু পদাৰ্থৰ নাম দিয়া আছে ―

পানী , বাস্কেট বল , কমলা , চেনি , গোলক , আপেল , আৰু মাটিৰ কলহ । নিৰ্দেশনা মতে সেইবোৰ ভাগ কৰা ―

ক) গোলাকৃতি আৰু অন্য আকৃতি

উত্তৰঃ গোলাকৃতি : বাস্কেট বল , কমলা , গোলক , আপেল , আৰু মাটিৰ কলহ ।

অন্য আকৃতি : চেনি আৰু পানী ।

খ) খোৱাৰ উপযোগী আৰু খোৱাৰ অনুপযোগী বস্তু ।

উত্তৰঃ খোৱাৰ উপযোগী : পানী , কমলা , আপেল , আৰু চেনি।

খোৱাৰ অনুপযোগী : বাস্কেট বল , গোলক আৰু মাটিৰ কলহ।

৬) তুমি জনা পানীত উপঙা সকলো বস্তুৰ নাম লিখা। এইবোৰ তেল অথবা কেৰাচিন তেলত উপঙে নে ? নিৰীক্ষণ কৰা।

৭) তলত দিয়াবোৰৰ মাজৰ পৰা অমিলটো বাচি উলিওৱা :

ক) চকী , বিছনা , টেবুল , কেঁচুৱা , আলমাৰি ।

উত্তৰঃ কেঁচুৱা

খ) গোলাপ , খৰিকাজাই , নাও , নাৰ্জী , পদুম ।

উত্তৰঃ নাও

গ) এলুমিনিয়াম , লো , তাম , ৰূপ , বালি ।

উত্তৰঃ বালি

ঘ) চেনি , নিমখ , বালি , কপাৰ ছালফেট ।

উত্তৰঃ  বালি

Scroll to Top