আঁহৰ পৰা কাপোৰলৈ
অনুশীলনী-
১) তলত দিয়া আঁহবোৰৰ প্ৰাকৃতিক নে কৃত্ৰিম শ্ৰেণীবিভাগ কৰা :
নাইলন , উল , কপাহী , পাট , পলিয়েষ্টাৰ , মৰাপাট
উত্তৰঃ প্ৰাকৃতিক আঁহ ― উল , কপাহী , পাট, মৰাপাট ।
কৃত্ৰিম আঁহ – নাইলন , পলিয়েষ্টাৰ ।
২) তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।
ক) আঁহৰ পৰা সূতা তৈয়াৰ কৰা হয় ।
উত্তৰঃ শুদ্ধ ।
খ) সূতা কটা হৈছে আঁহ তৈয়াৰ কৰাৰ এটা পদ্ধতি ।
উত্তৰঃ অশুদ্ধ ।
গ) মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।
উত্তৰঃ অশুদ্ধ ।
ঘ) কপাহৰ পৰা গুটি গুচোৱা পদ্ধতিটোক নেউঠনী বোলা হয়।
উত্তৰঃ শুদ্ধ ।
ঙ) কাপোৰ সূতা বৈ – কাটি তৈয়াৰ কৰা হয় ।
উত্তৰঃ শুদ্ধ ।
চ ) উদ্ভিদৰ কাণ্ডৰ পৰা পাটৰ আঁহ তৈয়াৰ কৰা হয় ।
উত্তৰঃ অশুদ্ধ ।
ছ ) পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আঁহ ।
উত্তৰঃ অশুদ্ধ ।
৩) খালী ঠাই পূৰ কৰা ।
ক) উদ্ভিদৰ আঁহ _______ আৰু _______পৰা আহৰণ কৰা হয় ।
উত্তৰঃ উদ্ভিদৰ আঁহ কপাহ আৰু মৰাপাটৰ পৰা আহৰণ কৰা হয় ।
খ) প্ৰাণীৰ আঁহ হৈছে _______ আৰু ______ ।
উত্তৰঃ প্ৰাণীৰ আঁহ হৈছে উল আৰু পাট ।
৪) কপাহ আৰু মৰাপাট উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ?
উত্তৰঃ কপাহ – কপাহৰ ফলৰ বৰ্হিভাগ ৰ পৰা ।
মৰাপাট – কাণ্ডৰ পৰা ।
৫) নাৰিকলৰ আঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ নাৰিকলৰ আঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ’ল- ৰছী আৰু বস্তা ।
৬) আঁহৰ পৰা সূতা তৈয়াৰ কৰা পদ্ধতিটো বৰ্ণনা কৰা ।