চুম্বকৰ সৈতে খেলোঁ আহা
1. খালী ঠাই পূৰণ কৰা-
(a) চুম্বকে আকৰ্ষণ কৰা পদার্থবোৰক________পদার্থ বোলে।
উত্তৰঃ চুম্বকে আকৰ্ষণ কৰা পদার্থবোৰক________পদার্থ বোলে।
(b) বিভিন্ন কামৰ বাবে কৃত্রিম ভাবে তৈয়াৰ কৰা চুম্বকক ________ চুম্বক বুলি কোৱা হয়।
উত্তৰঃ বিভিন্ন কামৰ বাবে কৃত্রিম ভাবে তৈয়াৰ কৰা চুম্বকক কৃত্রিম চুম্বক বুলি কোৱা হয়।
(c) ৰবৰ ________ পদার্থ নহয়।
উত্তৰঃ ৰবৰ চালক পদার্থ নহয়।
(d) এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ ________ দণ্ড চুম্বক পাম।
উত্তৰঃ এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুটা দণ্ড চুম্বক পাম।
(e) দুডাল চুম্বকৰ একে মেৰুৱে ________ কৰে।
উত্তৰঃ দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে।
(f) চুম্বকৰ সদায় ________ টা মেৰু থাকে।
উত্তৰঃ চুম্বকৰ সদায় দুটা মেৰু থাকে।
2. সত্য উক্তিবোৰত (✔) চিন দিয়া-
(a) চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।
উত্তৰঃ অসত্য ।
(b) চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়।
উত্তৰঃ সত্য ।
(c) ক’বাল্ট এবিধ চুম্বকীয় পদার্থ।
উত্তৰঃ সত্য ।
(d) দণ্ড চুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
উত্তৰঃ সত্য ।
(e) গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়।
উত্তৰঃ সত্য ।
3. ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলোৱা-
‘ক’ স্তম্ভ | ‘খ’ স্তম্ভ |
1. কম্পাছ যন্ত্ৰৰ শলা | (a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক |
2. লোৰ গজাল | (b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে |
3. মেগনেটাইট | (c) চুম্বকৰ দ্বাৰা আকর্ষিত হয় |
4. স্থায়ী চুম্বক | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
উত্তৰঃ
‘ক’ স্তম্ভ | ‘খ’ স্তম্ভ |
1. কম্পাছ যন্ত্ৰৰ শলা | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
2. লোৰ গজাল | (c) চুম্বকৰ দ্বাৰা আকর্ষিত হয়। |
3. মেগনেটাইট | (a) প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। |
4. স্থায়ী চুম্বক | (b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে। |
4. স্তম্ভ-1 ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ-2 ত প্রত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা।
স্তম্ভ-1 | স্তম্ভ-2 |
উত্তৰ-উত্তৰ উত্তৰ- দক্ষিণ-উত্তৰ – দক্ষিণ | ________ আকৰ্ষণ বিকৰ্ষণ |
উত্তৰঃ
স্তম্ভ-1 | স্তম্ভ-2 |
উত্তৰ – উত্তৰ উত্তৰ – দক্ষিণ দক্ষিণ – উত্তৰ দক্ষিণ – দক্ষিণ | বিকৰ্ষণ আকৰ্ষণ আকৰ্ষণ বিকৰ্ষণ |
5. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা ।
i) তলৰ কোনবিধ চুম্বকীয় পদার্থ?
(a) আলপিন
(b) ৰবৰ
(c) প্লাষ্টিকৰ খাৰু
(d) কাঠৰ স্কেল
ii) তলৰ কোনবিধ অচুম্বকীয় পদার্থ?
(a) লোৰ গজাল
(b) ৰাবাৰ বেণ্ড
(c) মুখ্য পিন
(d) আলপিন
iii) চুম্বকৰ কেইটা মেৰু থাকে?
(a) এটা
(b) দুটা
(c) তিনিটা
(d) চাৰিটা
6. দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব?
7. এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা ?
8. একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে ?
9. চুম্বকৰ যিকোনো দুটা ধর্ম লিখা।
10. লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা ?
11. মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ-দক্ষিণাকৈ থাকে ?
12. কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় ?
13. অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা ?
14. তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ’ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা ?
15. তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ’ল। দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা ?
16. তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্র দিয়া হ’ল। চুম্বকডালত মেৰু ত কিদৰে চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা ?
17. ষ্টীলৰ বেজি এটা মজিয়াত পৰি গ’ল, তুমি হাতেৰে উঠাব পৰা নাই। বেজিটো কি উপায়েৰে উঠাব পাৰিবা ?
18. ধৰা হ’ল, তুমি এখন নতুন ঠাইলৈ ফুৰিব গ’লা। তোমাৰ লগত এটা কম্পাছযন্ত্র আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা ?