দ্রব্য পৃথকীকৰণ
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি?
(a) নিমখ আৰু বালি।
(b) কাঠৰ গুড়ি আৰু লোৰ গুড়ি।
(c) চাউল আৰু শিলগুটি।
(d) কপুৰ আৰু বালি।
উত্তৰঃ (c) চাউল আৰু শিলগুটি।
(ii) দাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰো?
(a) মৰণা মৰা।
(b) হাতেৰে বচা।
(c) চালনীৰে চলা।
(d) আস্ৰাৱণ।
উত্তৰঃ (d) আস্ৰাৱণ।
(iii) লো আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ’ল-
(a) বাষ্পীভৱন।
(b) মৰণা মৰা।
(c) চুম্বকীয় পৃথকীকৰণ।
(d) আস্ৰাৱণ।
উত্তৰঃ (c) চুম্বকীয় পৃথকীকৰণ।
(iv) চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়?
(a) মৰণা মৰা।
(b) হাতেৰে বছা।
(c) চালনীৰে চলা।
(d) পৰিস্ৰাৱণ।
উত্তৰঃ (d) পৰিস্ৰাৱণ।
2. তলত দিয়াবোৰ মিলোৱা:
উত্তৰঃ
|
(a) পানীত থকা বোকা |
(ii) জৰা বা ‘বাঁ’ দিয়া |
|
(b) বোকা পানীত থকা ফিটৰুকিবি |
(iv) পৰিস্রাবণ |
|
(c) উচ্চ বেগত মিশ্রটো ঘুৰোৱা |
(v) মঠন |
|
(d) বাদামৰ তেল আৰু পানী |
(vi) আস্ৰাৱণ |
|
(e) বালি আৰু লোৰ গুড়ি |
(i) চুম্বকীয় পৃথকীকৰণ |
|
(f) পানীত দ্রবীভূত নিমখ |
(vii) বাষ্পীভবন |
|
(g) চাউলত থকা তুঁহ |
(iii) পৰ্যৰ পৃথকীকৰণ |
3. খালী ঠাই পূৰ কৰা:
(a) জাৱৰৰ দ’মৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ _______________পদ্ধতি ব্যৱহাৰ কৰা হয়।
উত্তৰঃ জাৱৰৰ দ’মৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়।
(b) দুটা মিহলি নোহোৱা জুলীয়া দ্রব্য _______________ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি।
উত্তৰঃ দুটা মিহলি নোহোৱা জুলীয়া দ্রব্য আস্ৰাৱণ পদ্ধতিৰ সহায়ত পৃথক কৰিব
পাৰি।
(c) আটা আৰু তুঁহ _________________পদ্ধতিৰে পৃথক কৰিব পাৰি।
উত্তৰঃ আটা আৰু তুঁহ চালনীৰে চলা পদ্ধতিৰে পৃথক কৰিব পাৰি।
(d) _______________পদ্ধতিৰে খেৰৰ পৰা ঘেহু পৃথক কৰিব পাৰি।
উত্তৰঃ মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেহু পৃথক কৰিব পাৰি।
(e) বালি-পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে, পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ ____________ আৰু _____________বালিৰ কণিকাবোৰ _____________।
উত্তৰঃ বালি-পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে, পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় বালিৰ কণিকাবোৰ ডাঙৰ।
4. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
(a) নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা?
উত্তৰঃ প্রথমে নিমখখিনি পানীত দ্ৰৱীভূত কৰিম, তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি উলিয়াই লম। শেষত নিমখৰ দ্ৰৱৰ পৰা পানী বাষ্পীভৱন কৰি নিমখখিনি পৃথক কৰিম।
(b) নাৰিকল তেল আৰু পানীৰ মিশ্র – পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা।
উত্তৰঃ নাৰিকল তেল আৰু পানীৰ মিশ্ৰণ আস্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি।
(c) নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা?
উত্তৰঃ বাষ্পীভৱন প্ৰক্ৰিয়াৰে নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়াত পানী বাষ্পীভৱন নোহোৱালৈকে দ্ৰৱটো গৰম কৰা হয় ফলত গোটা নিমখৰ অৱশিষ্ট থাকি যায়।
5. তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব?
(a) নিমখ আৰু চকৰ গুড়ি।
উত্তৰঃ পানীত দ্ৰৱণীয় ধৰ্ম।
(b) ধান আৰু খেৰ।
উত্তৰঃ জৰা বা বাঁ দিয়া ।
(c) চক আৰু কয়লা।
উত্তৰঃ হাতেৰে বচা বা জৰা।
(d) লোৰ টুকুৰা আৰু কাঠৰ গুড়ি।
উত্তৰঃ চুম্বকীয় পৃথকীকৰণ ।
(e) বালি আৰু চাউল।
উত্তৰঃ চালনীৰে চলা ।
6. সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়?
উত্তৰঃ সাগৰৰ পানীত আন কিছুমান দ্রব্যৰ সৈতে অধিক পৰিমাণে নিমখ দ্ৰৱীভূত হৈ থাকে। পুখুৰী সদৃশ বাম গাঁত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থ’লে সূৰ্যৰ তাপত পানীবোৰৰ লাহে লাহে বাষ্পীভৱন ঘটে। কিছুদিনৰ পিছত পানীভাগ সম্পূৰ্ণ উৰি যায়। অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায়। এই মিশ্ৰৰ সৈতে নিমখবোৰ তাতে থাকি যায়। এই মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পোৱা যায়।
7. মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰিব পাৰি?
উত্তৰঃ মিশ্ৰ এটাত থকা দ্ৰব্যবোৰ পৃথক কৰাৰ বাবে জানিবলগীয়া পদ্ধতিটো হ’ল দ্ৰব্যবোৰৰ ভৌতিক ধৰ্ম। এটা উপাদানৰ নিৰ্দিষ্ট ধৰ্ম ব্যৱহাৰ কৰা হয়। এনে ধৰ্ম যেনে- আকাৰ, আকৃতি, বৰণ, ভৌতিক অৱস্থা, ওজন, পানীত দ্ৰৱনীয় হয় নে নহয় বা চুম্বকে আকৰ্ষণ কৰে নে নকৰে ইত্যাদি হ’ব পাৰে। কোনো এটা উপাদান যিটো দ্ৰব্যৰ পৰা পৃথক কৰিব বিচৰা হৈছে সেইটো দ্ৰব্যৰ একে ধৰ্ম থাকিব নালাগিব।
৪. নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা।
উত্তৰঃ বোকাময় নদীৰ পানী বিশুদ্ধ কৰি পৰিষ্কাৰ পানী লাভকৰিবলৈ পৰিস্ৰাৱণ, অৱক্ষেপণ, আস্ৰাৱণ আৰু ৰাসায়নিক পৰিশোধনকে ধৰি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।
9. উপযুক্ত চিত্রসহ পৰিত্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা।
10. পাঠৰ ক্ৰিয়া-কলাপ 6.2 অনুসৰি, সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা।
উত্তৰঃ
ক্ৰ নংঃ | দুটা দ্রব্য লোৱা | সিহঁতৰ ভৌতিক অৱস্থা | দ্ৰৱণীয়/ অদ্ৰৱণীয় | পৃথকীকৰণ পদ্ধতি |
1 | নিমখ, পানী | গোটা, জুলীয়া | দ্ৰৱণীয় | বাষ্পীভৱন |
2 | বালি, পানী | গোটা, জুলীয়া | অদ্ৰৱণীয়, দ্ৰৱণীয় | পৰিস্ৰাৱণ, আস্ৰাৱণ |
3 | পানী, মিঠাতল | জুলীয়া, জুলীয়া | দ্ৰৱণীয়, অদ্ৰৱণীয় | আস্ৰাৱণ |