আমাৰ চৌপাশৰ বস্তুবোৰ
1.শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণ পূৰ কৰা-
(i) দ্রব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয় ?
(a) পদার্থ
(b) ভৰ
(c) আয়তন
(d) কালি
উত্তৰঃ (c) আয়তন ।
(ii) তলৰ কোনবিধ স্বচ্ছ ?
(a) কাঠ
(b) কাচ
(c) লো
(d) কাগজ
উত্তৰঃ (b) কাচ ।
(iii) তলৰ কোনবিধ অর্ধস্বচ্ছ ?
(a) কাচৰ গিলাচ
(b) দাপোণ
(c) তেলসনা কাগজ
(d) ষ্টিলৰ গিলাচ
উত্তৰঃ (c) তেলসনা কাগজ ।
(iv) তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা।
(a) সোণ
(b) তাম
(c) এলুমিনিয়াম
(d) বাঁহ
উত্তৰঃ (d) বাঁহ ।
2. তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা।
(a) চেনি
(b) নাৰিকলৰ তেল
(c) বালি
(d) মৌ
(e) চকৰ গুড়ি
(f) পিঠাগুৰি
(g) নিমখ
উত্তৰঃ পানীত দ্ৰৱণীয়ঃ
(a) চেনি
(e) চকৰ গুড়ি
(f) পিঠাগুৰি
(g) নিমখ
পানীত অদ্ৰৱণীয়:
(b) নাৰিকলৰ তেল
(d) মৌ
(c) বালি
3. পদার্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা।
4. কি দুটা ধৰ্মৰ সহায়ত আমি ক’ব পাৰো যে শিল এবিধ পদার্থ?
5. চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি।
৬) জ্যোতি কি?
7. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।
(a) কাঠ স্বচ্ছ যদিও কাঁচ অস্বচ্ছ।
উত্তৰঃ অশুদ্ধ ।
(b) কাঠৰ গুড়ি পানীত দ্রবীভূত হয়।
উত্তৰঃ অশুদ্ধ ।
(c) পানীত নিমখ দ্ৰৱীভূত হয়।
উত্তৰঃ শুদ্ধ ।
(d) কাঠৰ টুকুৰা পানীত ওপঙে।
উত্তৰঃ শুদ্ধ ।
(e) নাৰিকলৰ তেল পানীত দ্রবীভূত হয় ।
উত্তৰঃ অশুদ্ধ ।
(f) গ্লিছাৰিন পানীত দ্রবীভূত হয়।
উত্তৰঃ শুদ্ধ ।
(g) তাম আৰু লো জ্যোতিমান দ্রব্য।
উত্তৰঃ শুদ্ধ ।
(h) বায়ু স্বচ্ছ।
উত্তৰঃ শুদ্ধ ।
8. তলত দিয়া বস্তুবোৰৰ লগত সঠিক দ্রব্যবোৰ মিলোৱা-
বস্তু | দ্রব্য |
টোকা বহী | কপাহ |
গজাল | কাঠ |
চকী | কাচ |
গিলাচ | কাগজ |
সূতা | লো |
উত্তৰঃ
বস্তু | দ্রব্য |
টোকা বহী | কাগজ |
গজাল | লো |
চকী | কাঠ |
গিলাচ | কাচ |
সূতা | কপাহ |
9. প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা।
10. খালী ঠাই পূৰ কৰা –
i) একেটা বস্তু বিভিন্ন ____________ ৰে গঠিত হ’ব পাৰে।
উত্তৰঃ একেটা বস্তু বিভিন্ন দ্ৰব্যৰে গঠিত হ’ব পাৰে।
ii) বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক ____________বুলি কোৱা হয়।
উত্তৰঃ বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক শ্রেণীবিভাজন বুলি কোৱা হয়।
iii) বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ ____________।
উত্তৰঃ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ’ল বস্তুটোৰ ভৰ।
iv) বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ ____________।
উত্তৰঃ বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ আয়তন।