খাদ্য : আমি ক'ৰ পৰা পাওঁ

১) সকলো জীৱৰ বাবেই একে ধৰণৰ খাদ্যৰ প্ৰয়োজন বুলি তুমি ভাবানে ?

উত্তৰঃ সকলো জীৱকে একে ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয়। কিছুমান জীৱ-জন্তুৱে কেৱল উদ্ভিদজাত সামগ্ৰীহে খায় যাক তৃণভোজী বুলি কোৱা হয়। কিছুমান জীৱ-জন্তুৱে কেৱল আন জীৱ-জন্তুহে খায়। ইহঁতক মাংসভোজী বুলি কোৱা হয়। আন কিছুমান প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী উভয়কে খায় আৰু ইয়াক সৰ্বভোজী বুলি কোৱা হয়।

২) আমি খোৱা পাঁচবিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ আমি খোৱা ৫ বিধ উদ্ভিদ আৰু সিহঁতৰ অংশবোৰ হ’ল: ধান- বীজ, ঘেঁহু – বীজ, গাজৰ- মূল, কল- ফুল, ফল, পালং শাক- পাত ।

৩) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ

‘খ’ অংশ

১) গাখীৰ , দৈ , পনীৰ , ঘিউ

ক) আন প্ৰাণী ভক্ষণ কৰে

২) পালেং শাক , ফুলকবি , গাজৰ আদি

খ) উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায় 

৩) বাঘ আৰু সিংহই

গ) শাক পাচলি

৪) তৃণজাতীয় প্ৰাণীয়ে

ঘ) সকলোবোৰ উদ্ভিদজাত সামগ্ৰী

উত্তৰঃ  ১) গাখীৰ , দৈ , পীৰ , ঘিউ – ঘ) সকলোবোৰ উদ্ভিদজাত সামগ্ৰী।

২) পালেং শাক, ফুলকবি, গাজ আদি – গ) শাক পাচলি।

৩) সিংহ আৰু বাঘে – ক) আন প্ৰাণী খায়।

৪) তৃণভোজী প্ৰাণীয়ে – খ) উদ্ভিদ আৰু উদ্ভিদজাত সামগ্ৰী খায়।

৪) তলত দিয়া শব্দসমূহৰ খালী ঠাইবোৰ পূৰ কৰা :

তৃণভোজী , উদ্ভিদ , গাখীৰ , কুঁহিয়াৰ , মাংসভোজী।

ক) বাঘ এবিধ ― কাৰণ ই মাংস খায়।

খ) হৰিণাই কেৱল উদ্ভিদজাত সামগ্ৰী ভক্ষণ কৰে আৰু সেয়ে ইয়াক ― বোলা হয়।

গ) ভাটোৱে কেৱল ― সামগ্ৰী ভক্ষণ কৰে ।

ঘ) ― এবিধ পানীয় যাক গৰু , মহ আৰু ছাগলীয়ে উৎপাদন কৰে আৰু ই প্ৰাণীজাত সামগ্ৰী ।

ঙ) আমি চেনি পাওঁ ― পৰা।

Scroll to Top