সবাতোকৈ আপোন
১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া।
২। কবিতাটি আবৃত্তি কৰা।
৩। কোৱা আৰু লিখা।
(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে ?
উত্তৰঃ কবিয়ে নিজৰ আইক, নিজৰ দেশখনক, আৰু নিজৰ মাতৃভাষাক আপোন বুলি কৈছে।
(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি গাওঁ-নগৰ, জান-জুৰীৰ কথা কৈছে।
(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে?
উত্তৰঃ নিজৰ মাতৃভাষাৰে।
(ঘ) কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?
উত্তৰঃ কবিয়ে জগতখন নিজৰ আই, দেশ আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে।
(ঙ) সুবিশাল পৃথিৱীত কাৰ স’তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?
উত্তৰঃ সুবিশাল পৃথিবীত সকলোৰে স’তে হাতে-হাতে ধৰা-ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে।
৪। কবিতাটিৰ মূলভাব লিখা।
৫৷ পাঠৰ পৰা অন্তjধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা ৷
উদাহৰণ: আই – চিনাই
উত্তৰঃ চহকী – চিনাকী
জগত – লগত
সুৰীয়া – কুমলীয়া
ভাষা – আশা
৬৷ নিৰ্দিষ্টতাবাছক প্ৰত্যয়টো, টি, জন, জনী, খন, খনি ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা ৷
(যেনে : মানুহ + জন = মানুহজন) তিৰোতা, ছাতি, কেঁচুৱা, ঘৰ, কিতাপ, ছোৱালী, ফুলনি, নৈ, পৰ্বত)
৭। বাক্য ৰচনা কৰা।
শুৱনি, সুৰীয়া, ধুনীয়া, চহকী, কুমলীয়া, সুবিশাল
উত্তৰঃ শুৱনী – পথাৰখন ধানেৰে শুৱনি হৈ পৰিছে ।
সুৰীয়া- বিহুৰ সন্ধিয়াত সুৰীয়া বাঁহীৰ সুৰে সকলোকে আনন্দিত কৰিছিল।
কুমলীয়া- ৰহিমে তাৰ মনৰ ভাৱ ৰাহুলৰ আগত কুমলীয়া ভাৱে প্ৰকাশ কৰিলে ।
ধুনীয়া- মোৰ বন্ধুটোৱে এটা ধুনীয়া ছবি আকিছিল।
চহকী- মানুহজন চহকী যদিওঁ অহংকাৰী নহয় ।
সুবিশাল- কবিয়ে সুবিশাল পৃথিৱীত সকলোৰে লগত হাতে – হাতে ধৰা – ধৰিকৈ যাৱলৈ ইচ্ছা কৰিছে ।
৮। কবিতাটিৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।
উদাহৰণ – জান-জুৰি।
৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা।
কৰোঁ নকৰোঁ খেলোঁ _____
ধোওঁ _____ যাম _____
শুনা _____ দিম ___
পাৰে _____ লিখোঁ _____