বীৰুবালা ৰাভা

পাঠৰ মূল সাৰাংশ

‘বীৰুবালা ৰাভা’ পাঠটিত অসমৰ সমাজ সংস্কাৰৰ এগৰাকী মহীয়সী নাৰী, পদ্মশ্ৰী বীৰুবালা ৰাভাৰ অনুপম সংগ্ৰাম আৰু জীৱন-দৰ্শন বৰ্ণনা কৰা হৈছে। সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বিশেষকৈ ডাইনী হত্যাৰ দৰে অমানৱীয় প্ৰথাৰ বিৰুদ্ধে তেওঁ নিৰ্ভীকভাৱে যুঁজ দিছিল। বৰপুত্ৰৰ মানসিক অসুস্থতাত দেওধনীৰ ভুৱা ভৱিষ্যদ্বাণীক প্ৰত্যাহ্বান জনাই চিকিৎসালয়ত চিকিৎসা কৰাই সুস্থ কৰি তোলাৰ অভিজ্ঞতাই তেওঁক অন্ধবিশ্বাসৰ বিৰুদ্ধে থিয় দিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ ‘অসম মহিলা সমতা ছ’চাইটি’ৰ সৈতে লগ হৈ ২০১১ চনত ‘মিছন বীৰুবালা’ আৰম্ভ কৰে আৰু শতাধিক নিৰীহ মানুহৰ প্ৰাণ ৰক্ষা কৰে। তেওঁৰ বলিষ্ঠ নেতৃত্বৰ ফলতেই ২০১৫ চনত অসমে ডাইনী বিৰোধী কঠোৰ আইন লাভ কৰে। তেওঁৰ এই ত্যাগ আৰু সাহসৰ বাবে ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ সন্মানেৰে সন্মানিত কৰে।

বীৰুবালা ৰাভা: এক দৃষ্টিত (তথ্যকোষ) 

বিষয়

তথ্য

জন্ম

১৯৪৯ খ্ৰীষ্টাব্দৰ ৫ ফেব্ৰুৱাৰী

জন্মস্থান

ঠাকুৰবিলা গাঁও, গোৱালপাৰা জিলা

পিতৃৰ নাম

কলেয়াৰাম ৰাভা

মাতৃৰ নাম

সাগৰবালা ৰাভা

স্বামী

চণ্ডীচৰণ ৰাভা

শিক্ষাগত অৰ্হতা

ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে

প্ৰধান অভিযান

মিছন বীৰুবালা (২০১১)

মৃত্যু

২০২৪ খ্ৰীষ্টাব্দৰ ১৩ মে’

প্ৰধান সন্মানসমূহ:

  • শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন (২০০৫)

  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী (২০১৫)

  • সতী সাধনী বঁটা (২০১৭)

  • ভাৰত চৰকাৰৰ ‘পদ্মশ্ৰী’ সন্মান (২০ ২০২১)

  • ৰিয়েল হিৰো বঁটা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা

অনুশীলনীৰ প্ৰশ্নোত্তৰ (ক্ৰিয়া-কলাপ / পাঠভিত্তিক)

১। সঠিক উত্তৰ বাছি উলিওৱা:

(ক) কাৰ গাত পৰীয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল?

  • (ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত

  • (খ) কুমলী ৰাভাৰ গাত

  • (গ) বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত

  • (ঘ) দয়ালু ৰাভাৰ গাত
    উত্তৰ: (ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত।

(খ) ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ কেতিয়া প্ৰণয়ন কৰা হৈছিল?

  • (ক) ২০১১ খ্ৰীষ্টাব্দত

  • (খ) ২০১৭ খ্ৰীষ্টাব্দত

  • (গ) ২০১৫ খ্ৰীষ্টাব্দত

  • (ঘ) ২০২১ খ্ৰীষ্টাব্দত
    উত্তৰ: (গ) ২০১৫ খ্ৰীষ্টাব্দত।

২। চমু প্ৰশ্নৰ উত্তৰ লিখা:

(ক) বীৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল?
উত্তৰ: বীৰুবালা ৰাভাৰ অমায়িক, নম্ৰ আৰু সাহসী স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল।

(খ) বীৰুবালা কিয় শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল?
উত্তৰ: বীৰুবালাই বিদ্যালয়ত পঢ়ি থকা সময়ত পঢ়া-শুনাৰ উপৰিও বিদ্যালয়ৰ যিকোনো কাম-কাজতে সদায় আগৰণুৱা আছিল আৰু তেওঁৰ নেতৃত্বসুলভ গুণ আছিল, যাৰ বাবে তেওঁ শিক্ষকসকলৰ প্ৰিয়পাত্ৰ আছিল।

(গ) বীৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল?
উত্তৰ: সংগঠনটোৰ নাম আছিল ‘অসম মহিলা সমতা ছ’চাইটি’।

(ঘ) বীৰুবালা ৰাভাৰ ‘মিছন বীৰুবালা’ অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল?
উত্তৰ: ‘মিছন বীৰুবালা’ অভিযানক অসম চৰকাৰে ‘ৰাজ্যিক অভিযান’ হিচাপে স্বীকৃতি দিছিল।

(ঙ) ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল?
উত্তৰ: অসম চৰকাৰে ২০১৭ খ্ৰীষ্টাব্দত বীৰুবালা ৰাভালৈ ‘সতী সাধনী বঁটা’ আগবঢ়াইছিল।

(চ) ভাৰত চৰকাৰে বীৰুবালা ৰাভাক কি সন্মান যাচিছিল?
উত্তৰ: ভাৰত চৰকাৰে ২০২১ খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ সন্মান যাচিছিল।

৩। বহলাই উত্তৰ লিখা:

(ক) বীৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰপৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল?
উত্তৰ: বীৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰ মানসিক অসুস্থতাত ভোগাৰ সময়ত এজন দেওধনীয়ে মঙল চাই কৈছিল যে ধৰ্মেশ্বৰৰ গাত পৰীয়ে বাহ লৈছে আৰু কিছু দিনৰ ভিতৰতে তাৰ মৃত্যু হ’ব। কিন্তু বীৰুবালাই দেওধনীৰ কথাত বিশ্বাস নকৰি পুত্ৰক ডাক্তৰৰ ওচৰলৈ লৈ যায় আৰু উপযুক্ত চিকিৎসাত পুত্ৰ সম্পূৰ্ণ সুস্থ হৈ উঠে। এই ঘটনাই বীৰুবালাক উপলব্ধি কৰালে যে বেজ-দেওধনীৰ কথা আৰু ডাইনী আদি অন্ধবিশ্বাসবোৰ সম্পূৰ্ণ ভিত্তিহীন আৰু ভুৱা। আনকি স্বামীৰ মৃত্যুৰ পিছতো সমাজৰ একাংশ লোকে তেওঁক ডাইনী সজাব বিচাৰিছিল। এই অন্ধবিশ্বাসৰ বলি হৈ যাতে কোনো নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা নহয়, সেই উদ্দেশ্যেই তেওঁ সমাজখনক অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ পৰা মুক্ত কৰাৰ দৃঢ় পণ লৈছিল।

(খ) ‘মিছন বীৰুবালা’ অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল?
উত্তৰ: ২০১১ খ্ৰীষ্টাব্দত ‘অসম মহিলা সমতা ছ’চাইটি’ৰ সহযোগত আৰম্ভ হোৱা ‘মিছন বীৰুবালা’ অভিযানে সমাজ সংস্কাৰৰ দিশত এক বৈপ্লৱিক ভূমিকা পালন কৰিছিল:
১. গাঁৱে-ভূঞে সজাগতামূলক সভা-সমিতি অনুষ্ঠিত কৰি মানুহৰ মনৰ পৰা অন্ধবিশ্বাস আঁতৰাবলৈ প্ৰচেষ্টা চলাইছিল।
২. ডাইনীৰ অপবাদ পাই সমাজত নিৰ্যাতিত আৰু আক্ৰান্ত হোৱা লোকসকলক তৎকালীনভাৱে সুৰক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল।
৩. এই অভিযানৰ জৰিয়তে ৫০ জনতকৈও অধিক আৰু ব্যক্তিগতভাৱে ৩৫ গৰাকী নিৰীহ লোকৰ জীৱন ৰক্ষা কৰা হৈছিল।
৪. মিছন বীৰুবালাৰ নিৰন্তৰ আন্দোলনৰ ফলতেই ২০১৫ চনত অসম চৰকাৰে ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ প্ৰণয়ন কৰে।

৪। বীৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে দহটা বাক্য:

১. বীৰুবালা ৰাভা আছিল অসমৰ এগৰাকী প্ৰখ্যাত সমাজ সংস্কাৰক আৰু ডাইনী বিশ্বাস বিৰোধী আন্দোলনৰ বাটকটীয়া।
২. তেওঁৰ জন্ম হৈছিল ১৯৪৯ চনৰ ৫ ফেব্ৰুৱাৰীত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত।
৩. তেওঁৰ পিতৃৰ নাম আছিল কলেয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা।
৪. শৈশৱতে পিতৃৰ বিয়োগ ঘটাত তেওঁ ঠাকুৰবিলা প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিছিল।
৫. ১৯৬৪ চনত চণ্ডীচৰণ ৰাভাৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়।
৬. নিজৰ বৰপুত্ৰৰ চিকিৎসাজনিত অভিজ্ঞতাই তেওঁক অন্ধবিশ্বাস আৰু বেজ-বেজালীৰ বিৰুদ্ধে থিয় হ’বলৈ অনুপ্ৰাণিত কৰে।
৭. তেওঁ মহিলা সমিতি গঠন কৰি আৰু ‘অসম মহিলা সমতা ছ’চাইটি’ৰ সহযোগত সমাজত সজাগতা সৃষ্টিৰ কাম আৰম্ভ কৰে।
৮. ২০১১ চনত তেওঁ ‘মিছন বীৰুবালা’ আৰম্ভ কৰি বহু নিৰীহ মানুহৰ প্ৰাণ ৰক্ষা কৰে।
৯. সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক সন্মানীয় ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰে।
১০. ২০২৪ চনৰ ১৩ মে’ তাৰিখে এইগৰাকী মহীয়সী সমাজ সংস্কাৰকে শেষ নিশ্বাস ত্যাগ কৰে।

৫। অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়?

উত্তৰ: অন্ধবিশ্বাসে ব্যক্তি আৰু সমাজ জীৱনত নানান বিপদ আৰু অনিষ্ট সাধন কৰে:
১. স্বাস্থ্য আৰু জীৱনৰ হানি: বেমাৰ হ’লে উপযুক্ত ডাক্তৰী চিকিৎসা নলৈ বেজ-তান্ত্ৰিকৰ ওচৰলৈ যোৱাৰ ফলত বহু সময়ত ৰোগীৰ অকাল মৃত্যু ঘটে।
২. নিৰীহৰ ওপৰত নিৰ্যাতন: ডাইনীৰ দৰে কুসংস্কাৰৰ বাবে বহু নিৰীহ পুৰুষ-মহিলাক অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই হত্যা পৰ্যন্ত কৰা হয়।
৩. সামাজিক অশান্তি: অন্ধবিশ্বাসে মানুহৰ মাজত মিছা সন্দেহ, ভয় আৰু শত্ৰুতা সৃষ্টি কৰি সম্প্ৰীতি বিনষ্ট কৰে।
৪. আৰ্থিক শোষণ: অন্ধবিশ্বাসৰ সুযোগ লৈ ভণ্ড বেজ-বাবাই সাধাৰণ মানুহৰ পৰা ধন-সম্পত্তি লুটি লয়।
৫. প্ৰগতিত বাধা: অন্ধবিশ্বাসে সমাজৰ বৈজ্ঞানিক চিন্তাধাৰা আৰু যুক্তিবাদী মনোভাৱক স্তব্ধ কৰি উন্নতিৰ পথত হেঙাৰ সৃষ্টি কৰে।

ভাষা-অধ্যয়ন (সন্ধি আৰু ব্যাকৰণ)

৬। স্বৰসন্ধি ভাঙা:

  • খ্ৰীষ্টাব্দ = খ্ৰীষ্ট + অব্দ (অ + অ ⇒ আ)

  • হিমালয় = হিম + আলয় (অ + আ ⇒ আ)

  • অতীত = অতি + ইত (ই + ই ⇒ ঈ)

  • স্বেচ্ছা = স্ব + ইচ্ছা (অ + ই ⇒ এ)

  • নৱোদয় = নৱ + উদয় (অ + উ ⇒ ও)

৭। ব্যঞ্জনসন্ধি ভাঙা:

  • তদুপৰি = তৎ + উপৰি (ত্ + উ ⇒ দু)

  • সম্পূৰ্ণ = সম্ + পূৰ্ণ (ম্ + প ⇒ ম্পূ)

  • উদ্ধাৰ = উৎ + হাৰ (ত্ + হ ⇒ দ্ধ)

  • সংহতি = সম্ + হতি (ম্ + হ ⇒ ংহ)

  • চলচ্চিত্ৰ = চলৎ + চিত্ৰ (ত্ + চ ⇒ চ্চ)

৮। সন্ধি অনুযায়ী তালিকাভুক্তকৰণ:

স্বৰসন্ধি

ব্যঞ্জনসন্ধি

১. মহাশয় (মহা + আশয়)

১. সচ্চৰিত্ৰ (সৎ + চৰিত্ৰ)

২. প্ৰতীক্ষা (প্ৰতি + ঈক্ষা)

২. সংহাৰ (সম্ + হাৰ)

৩. দেৱালয় (দেৱ + আলয়)

৩. সজ্জন (সৎ + জন)

৪. নীলোৎপল (নীল + উৎপল)

৪. সংহতি (সম্ + হতি)

৫. চন্দ্ৰোদয় (চন্দ্ৰ + উদয়)

৫. সমিতি (সম্ + ইতি)

 

৬. সম্ভাৱ (সম্ + ভাৱ)

৯। অভিধানৰ দৰে বৰ্ণানুক্ৰমিকভাৱে সজোৱা:

  • ক বৰ্ণৰ শাৰী: কাৰণ, কিছু, কুটুম, কৃষি

  • দ বৰ্ণৰ শাৰী: দুখ, দূৰ, দেউতা, দেওধনী

  • ব বৰ্ণৰ শাৰী: বঁটা, বন্তি, বাট, বিশ্ব

  • স বৰ্ণৰ শাৰী: সমাজ, সাহস, সিঁচৰতি, সুলভ

১০। বাক্য ৰচনা কৰা:

  • হতাশ: কোনো পৰীক্ষা বা কামত বিফল হ’লেও কেতিয়াও হতাশ হ’ব নালাগে।

  • পাৰ্গত: ৰিণ্টু খেলা-ধূলা আৰু ছবি অঁকা কামত বৰ পাৰ্গত

  • অশিক্ষিত: আমাৰ দেশৰ গাঁওবোৰৰ বহু অশিক্ষিত লোক এতিয়াও অন্ধবিশ্বাসৰ বলি হৈ আছে।

  • গৌৰৱ: পদ্মশ্ৰী বীৰুবালা ৰাভা সমগ্ৰ অসমবাসীৰ বাবে এক চিৰন্তন গৌৰৱ

  • বিশ্বাস: অন্ধভাৱে কোনো কথাত বিশ্বাস নকৰি বিজ্ঞান আৰু যুক্তিৰ ওপৰত ভিত্তি কৰিহে বিশ্বাস কৰা উচিত।

  • প্ৰিয়পাত্ৰ: সৎ চৰিত্ৰ আৰু নম্ৰ স্বভাৱৰ বাবে দিগন্ত শিক্ষক আৰু সহপাঠী সকলোৰে প্ৰিয়পাত্ৰ

১১। লিংগ নিৰ্ণয় কৰি তালিকাভুক্তকৰণ:

পুংলিংগ

স্ত্ৰীলিংগ

১. পুৰুষ

১. মা

২. অধ্যাপক

২. ৰাণী

৩. দমৰা

৩. শিক্ষয়িত্ৰী

৪. বোন্দা

৪. আইতা

৫. ল’ৰা

৫. দেৱী

১২। খেলিমেলিকৈ থকা বৰ্ণ সজাই অৰ্থপূৰ্ণ শব্দ গঠন:

(ক) তাশহ → হতাশ
(খ) ৰাগ্যদুৰো (সহজে আৰোগ্য নোহোৱা) → দুৰাৰোগ্য
(গ) বোকুণ্ঠাধ (সংকোচ) → কুণ্ঠাবোধ
(ঘ) অয়িকমা (ভদ্ৰ, অহংকাৰ নথকা) → অমায়িক
(ঙ) ৱা আণুৰগ (কোনো কামত আগবঢ়া ব্যক্তি) → আগৰণুৱা
(চ) চেপ্ৰষ্টা (প্ৰয়াস, যত্ন) → প্ৰচেষ্টা
(ছ) সীময়হী (মহান নাৰী) → মহীয়সী

১৩। জতুৱা ঠাঁচ ব্যৱহাৰ কৰি বাক্য ৰচনা:

(ক) আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা):
বাক্য: হাতে-কামে কষ্ট নকৰি কেৱল আকাশত চাং পাতি থাকিলে জীৱনত উন্নতি কৰিব নোৱাৰি।

(খ) মৃধা-ফুটা (অতি খ্যাতনামা):
বাক্য: লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য জগতৰ এজন মৃধা-ফুটা সাহিত্যিক আছিল।

(গ) সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক):
বাক্য: বিজিত বৰ চতুৰ আৰু সাত ঘাটৰ চেঙেলি মানুহ, তেওঁৰ মিঠা কথাত সহজে ভোল নাযাবা।

(ঘ) অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৈ শুনা):
বাক্য: গাঁৱত বিদ্যালয় এখন হ’ব বুলি কথাটো মই অহুকাণে-পহুকাণে শুনিবলৈ পাইছোঁ।

(ঙ) হিয়াৰ আমঠু (অতি মৰমৰ):
বাক্য: মাক-দেউতাকৰ বাবে নিজৰ সন্তান সদায় হিয়াৰ আমঠু স্বৰূপ।

জ্ঞান-সম্প্ৰসাৰণ আৰু প্ৰকল্প কাৰ্যাৱলী

১৪। অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয়ৰ ভূমিকা:

১. বিজ্ঞান মানসিকতাৰ প্ৰসাৰ: নিয়মীয়াকৈ বিজ্ঞান মেলা, প্ৰদৰ্শনী আৰু প্ৰশ্নোত্তৰ অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মনত যুক্তিবাদী চিন্তাৰ বিকাশ ঘটোৱা।
২. সাংস্কৃতিক সজাগতা: অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কুফলসমূহ দেখুৱাই বাটৰ নাট, একাঙ্কিকা নাটক আৰু সজাগতামূলক আলোচনা সভাৰ আয়োজন কৰা।
৩. শোভাযাত্ৰা আৰু সজাগতা অভিযান: বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে স্থানীয় অঞ্চলসমূহত সজাগতামূলক শ্ল’গান আৰু প’ষ্টাৰ লৈ পদযাত্ৰা কৰা।
৪. অভিভাৱক সজাগতা সভা: অভিভাৱকসকলৰ সৈতে নিয়মীয়া আলোচনা কৰি অন্ধবিশ্বাসৰ পৰা আঁতৰি থাকি বিজ্ঞানসন্মত চিকিৎসা গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰা।

১৫। প্ৰকল্প: অঞ্চলৰ এজন সমাজসেৱকৰ চমু তথ্য

  • সমাজসেৱকৰ নাম: শ্ৰীযুত ৰমেশ বৰুৱা

  • কাৰ্যক্ষেত্ৰ: গ্ৰাম্য শিক্ষা আৰু স্বাস্থ্য সজাগতা

  • প্ৰধান কাৰ্যাৱলী: তেওঁ গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা দান কৰে আৰু স্বাস্থ্য শিবিৰ পাতি মানুহক বিনামূলীয়া ঔষধ বিতৰণ কৰে।

১৬। অন্ধবিশ্বাস দূৰীকৰণৰ শ্ল’গান আৰু আৰ্হি প’ষ্টাৰ:

সজাগ হওক! মানৱতা ৰক্ষা কৰক!

★ অন্ধবিশ্বাস সমাজৰ এক মাৰাত্মক ব্যাধি ★

★ অন্ধবিশ্বাসেই অন্ধকাৰ, বিজ্ঞানেই পোহৰ ★

★ যুক্তিক আঁকোৱালি ল’ব, অন্ধবিশ্বাস দূৰ হ’ব ★

★ কুসংস্কাৰক কৰক বৰ্জন, সত্য-বিজ্ঞানক কৰক গ্ৰহণ ★

— প্ৰচেষ্টাত: বিদ্যালয়ৰ ছাত্ৰ একতা সভা

Scroll to Top