ৰোওঁগৈ বলা গছৰ পুলি

ক্ৰিয়া-কলাপ (পাঠভিত্তিক প্ৰশ্নোত্তৰ)

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

  • বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি?

উত্তৰ: (খ) পুথি অধ্যয়ন 

  • সংসাৰত উদ্‌গতি কৰিবলৈ কি লাগে?

উত্তৰ: (ঘ) মনৰ একাগ্ৰতা

২। শব্দজালৰ অৰ্থ মিলোৱা আৰু শব্দ নিৰ্ণয়:

(১) সুখ বা দুখ পোৱা কাৰ্য -> ভোগ

(২) উন্নত অৱস্থা -> উদ্‌গতি

(৩) যত্ন -> পুৰুষাৰ্থ

(৪) সাঁচি ৰখা কাৰ্য -> সঞ্চয়

(৫) বিদ্যুৎ -> বিজুলী

(৬) এবিধ বহুমূলীয়া মণি বা বাখৰ -> মাণিক

(৭) কোনো বিষয়ত আগ্ৰহেৰে লগা -> একাণপতীয়া

(৮) আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা -> একাগ্ৰতা

(৯) ক্ৰমান্বয় -> অনুক্ৰম

(১০) প্ৰক্ৰিয়া, বিধি -> প্ৰণালী

৩। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:

(ক) দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি?

উত্তৰ: দেশ-বিদেশৰ মহান পণ্ডিতসকলৰ ওচৰলৈ গৈ শিক্ষা গ্ৰহণ কৰাটো বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা। কিন্তু পুথি অধ্যয়নৰ জৰিয়তে আমি ঘৰত বহিয়েই সকলো দেশৰ পণ্ডিতসকলৰ বহুমূলীয়া জ্ঞান আৰু সজ উপদেশ অপ্ৰয়াসে লাভ কৰিব পাৰোঁ। এনেদৰেই পুথি পঢ়াৰ মাধ্যমেৰে দূৰৈৰ মাণিক হাততে পাব পাৰি।

(খ) পুথি এখনৰ আচল ভাব কেনেদৰে উদ্ধাৰ কৰিব পাৰি?

উত্তৰ: কোনো এখন পুথি ওপৰে ওপৰে চেলেংপেতেংকৈ নপঢ়ি, মনটোক আন সকলো কথাৰপৰা আঁতৰাই আনি একান্তভাৱে আৰু মনোযোগেৰে পঢ়িলেহে তাৰ আচল ভাব উদ্ধাৰ কৰিব পাৰি।

(গ) পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে?

উত্তৰ: পুথিৰ বিদ্যাক থুপাই থোৱা বা সঞ্চিত ধনৰ লগত তুলনা কৰা হৈছে।

(ঘ) পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি?

উত্তৰ: পৰলোকগামী পণ্ডিতসকলে ৰচনা কৰি থৈ যোৱা জ্ঞানগৰ্ভ পুথিসমূহ পাঠ কৰি আমি অপ্ৰয়াসে তেওঁলোকৰ বিদ্যা-বুদ্ধি লাভ কৰিব পাৰোঁ।

৪। ভাব বহলাই লিখা:

(ক) “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।”

উত্তৰ: পুথিৰ বিদ্যাক থুপাই বা সাঁচি থোৱা ধনৰ লগত তুলনা কৰা হৈছে। আনে কষ্ট কৰি সাঁচি থোৱা ধন হাতত পৰিলে যেনেকৈ ধন উপাৰ্জনৰ কষ্ট নকৰাকৈয়ে তাৰ ফল ভোগ কৰিব পাৰি, ঠিক সেইদৰে পুথি একোখনো হ’ল লেখকৰ সাধনা আৰু পৰিশ্ৰমৰ বিদ্যাৰ ভঁৰাল। লেখকে বহু কষ্ট কৰি সেই বিদ্যা পুথিত সাঁচি থৈ যায়। আমি মাত্ৰ পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত সকলো বিদ্যা সহজে লাভ কৰিব পাৰোঁ। সেয়েহে পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ নিচিনা বুলি কোৱা হৈছে।

(খ) “বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা।”

উত্তৰ: ব্যৱসায়-বাণিজ্যত ধন উপাৰ্জন কৰিবলৈ যেনেকৈ মূলধনৰ প্ৰয়োজন হয় আৰু মূলধন বেছি থাকিলে অধিক ধন আৰ্জন কৰিব পাৰি, ঠিক সেইদৰে নতুন বিদ্যা আৰ্জন কৰিবলৈও পুৰণি বা মূল বিদ্যাৰ প্ৰয়োজন হয়। যাৰ মূল বিদ্যা বেছি, তেওঁ সহজে অধিক নতুন জ্ঞান আৰ্জন কৰিব পাৰে। পুথি পঢ়াৰ জৰিয়তে মানুহৰ মনত জ্ঞানৰ মজবুত ভেটি গঢ় লৈ উঠে। সেয়েহে বিদ্যা উপাৰ্জনের প্ৰক্ৰিয়া ধন উপাৰ্জনৰ প্ৰক্ৰিয়াৰ সৈতে একে।

(গ) “সৎসংগৰপৰা মানুহৰ সৎ স্বভাৱ জন্মে।”

উত্তৰ: মানুহৰ চৰিত্ৰ তেওঁৰ সংগৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। যিবিলাক ব্যক্তিৰ লগত সদায় উঠা-বহা কৰা যায়, আমাৰ স্বভাৱ-চৰিত্ৰও তেনেদৰেই গঢ় লয়। সৎ লোকৰ সান্নিধ্যত থাকিলে মানুহৰ মনত সজ গুণ, নৈতিকতা আৰু ভাল স্বভাৱ বিকশিত হয়। একেদৰে ভাল পুথি পঢ়াটোও সৎসংগত থকাৰ দৰেই ফলদায়ক।

৫। “ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।” – পাঠটোৰ আধাৰত বহলাই লিখা:

উত্তৰ: প্ৰত্যেকখন পুথিয়েই হ’ল তাৰ লেখকজনৰ চিন্তা, ব্যক্তিত্ব আৰু স্বভাৱ-চৰিত্ৰৰ প্ৰতিচ্ছবি। যেতিয়া আমি এখন পুথি পঢ়োঁ, তেতিয়া যেন আমি সেই পুথিৰ লেখকজনৰ সৈতেই কথা-বতৰা পাতিছোঁ। সেয়েহে যদি আমি মহান পণ্ডিত আৰু জ্ঞানী লোকৰ ভাল পুথি পঢ়োঁ, তেন্তে আমি যেন তেওঁলোকৰ সংগত থাকি সজ উপদেশ আৰু সৎ গুণৰাজি আহৰণ কৰিছোঁ। আনহাতে, বেয়া পুথি পঢ়িলে মনত কুপ্ৰবৃত্তি জাগ্ৰত হয় আৰু বেয়া সংগত থকাৰ দৰে চৰিত্ৰ কলুষিত হয়। সেয়েহে ভাল পুথি পঢ়িলে ভাল সংগৰ আৰু বেয়া পুথি পঢ়িলে বেয়া সংগৰ ফল পোৱা যায়।

ভাষা-অধ্যয়ন (ব্যাকৰণ)

৬। শব্দ ভাঙি লিখা (উপসৰ্গ):

  • উপকূল ⇒ উপ + কূল

  • বেদখল ⇒ বে + দখল

  • সুনাম ⇒ সু + নাম

  • বিখ্যাত ⇒ বি + খ্যাত

  • আওবাট ⇒ আও + বাট

৭। বাক্য ৰচনা কৰা:

  • থুপাই: পুথিভঁৰালত ছাত্ৰ-ছাত্ৰীৰ পঢ়িবৰ বাবে বহুতো মূল্যৱান কিতাপ থুপাই থোৱা থাকে।

  • পাৰ্গত: ৰবীন গণিত আৰু ব্যাকৰণ বিষয়ত অতি পাৰ্গত।

  • একাগ্ৰতা: পঢ়া-শুনাত উন্নতি কৰিবলৈ হ’লে মনের একাগ্ৰতা অতি প্ৰয়োজন।

  • পুৰুষাৰ্থ: কঠোৰ পুৰুষাৰ্থ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি।

  • স্বভাৱ: অমায়িক আৰু সৎ স্বভাৱৰ মানুহক সমাজৰ সকলোৱে শ্ৰদ্ধা কৰে।

জ্ঞান-সম্প্ৰসাৰণ

৮। পুথিভঁৰালত পঢ়া কিতাপৰ তালিকা (আৰ্হি):

১. বুঢ়ী আইৰ সাধু — লক্ষ্মীনাথ বেজবৰুৱা

২. মোৰ জীৱন সোঁৱৰণ — লক্ষ্মীনাথ বেজবৰুৱা

৩. সাধুকথাৰ দেশত — নৱকান্ত বৰুৱা

৪. উইংছ অৱ ফায়াৰ (অগ্নিৰ ডেউকা) — এ. পি. জে. আব্দুল কালাম

৫. কথা গুৰু চৰিত — সম্পাদনা: ড° উপেন্দ্ৰনাথ গোস্বামী

৯। প্ৰিয় গ্ৰন্থৰ পৰ্যালোচনা:

  • গ্ৰন্থৰ নাম: বুঢ়ী আইৰ সাধু

  • লেখকৰ নাম: ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

  • গ্ৰন্থখন ভাল লগাৰ কাৰণ: এই কিতাপখনত থকা তেজীমলা, চিলনীৰ জীয়েকৰ সাধু আদি সাধুবোৰ অতি মনোৰম, শিক্ষাপ্ৰদ আৰু অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰতিচ্ছবি।

  • গ্ৰন্থখনৰপৰা শিকিবলগীয়া: সাধুকথাবোৰৰপৰা অন্যায়ৰ পৰাজয়, সত্য আৰু নিষ্ঠাৰ জয়, জীৱ-জন্তুৰ প্ৰতি দয়া আৰু ধৈৰ্যৰ শিক্ষা লাভ কৰিব পাৰি।

১০। প’ষ্টাৰ পঢ়ি প্ৰশ্নৰ উত্তৰ:

(ক) অসম গ্ৰন্থমেলাখন কেতিয়াৰপৰা আৰম্ভ হ’ব?

উত্তৰ: অসম গ্ৰন্থমেলাখন ২০২৫ চনৰ ১৫ নৱেম্বৰৰপৰা আৰম্ভ হ’ব (১৫ ৰপৰা ২২ নৱেম্বৰ, ২০২৫ লৈকে)।

(খ) গ্ৰন্থমেলাখন ক’ত অনুষ্ঠিত হ’ব?

উত্তৰ: গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব।

(গ) গ্ৰন্থমেলাখন কেইবজাৰপৰা কেইবজালৈ খোলা থাকিব?

উত্তৰ: গ্ৰন্থমেলাখন পুৱা ১০ বজাৰপৰা নিশা ৯ বজালৈকে খোলা থাকিব।

(ঘ) গ্ৰন্থমেলাখন কিমান শতাংশ ৰেহাই দিছে?

উত্তৰ: সকলো গ্ৰন্থতে ১০% (দহ শতাংশ) ৰেহাই দিছে।

(ঙ) গ্ৰন্থমেলাখন কিমানখন বিপণীয়ে অংশ গ্ৰহণ কৰিব?

উত্তৰ: দুই শতাধিক (২০০ৰো অধিক) ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থ বিপণীয়ে অংশ গ্ৰহণ কৰিব।

পাঠ ৪ : ৰোওঁগৈ ব’লা গছৰ পুলি

নাট্যকাৰ : কেশদা মহন্ত

মূল উৎস : শিশুৰ মৌ-কোঁহ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:

  • নাটিকাখনৰ প্ৰথম দৃশ্যত গুগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল?

উত্তৰ: (গ) মননে

  • সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতোৰা লৈ আহিবলৈ কিয় কৈছিল?

উত্তৰ: (গ) গছৰ পুলি ৰুবৰ বাবে

২। দ্বিতীয় প্ৰশ্নৰ উত্তৰৰ যুক্তি:

উত্তৰ: কোৰ, খন্তি আৰু হাতোৰা হ’ল মাটি খান্দি গছপুলি ৰোপণ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। মননহঁতে খেলপথাৰৰ চাৰিওকাষে গছৰ পুলি ৰোৱাৰ বাবে গাঁত খান্দিব লাগিব বাবেই সুমনাই সকলোকে এই সঁজুলিবোৰ লগত লৈ আহিবলৈ কৈছিল। সেয়েহে (গ) নম্বৰৰ বিকল্পটো শুদ্ধ।

৩। শব্দাৰ্থ:

  • ফেৰেঙণি: গছৰ মূল কাণ্ডৰপৰা দুফালে ওলাই যোৱা ডালৰ সংযোগস্থল বা ফাঁক।

  • প্ৰদৰ্শনী: মানুহক দেখুৱাবলৈ বিভিন্ন বস্তু সুন্দৰকৈ সজাই থোৱা অনুষ্ঠান বা মেলা।

  • জোপোহা: ওখ নোহোৱাকৈ ঘন ডাল-পাতেৰে থোপ খাই থকা গছ।

  • বন মহোৎসৱ: বৃক্ষৰোপণ আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে পালন কৰা বাৰ্ষিক উৎসৱ।

  • শীতল: ঠাণ্ডা, জুৰ বা আৰামদায়ক।

  • খন্তি: মাটি খন্দা বা চঁহোৱা এবিধ সৰু লোহাৰ সঁজুলি।

৪। চিত্ৰ পৰ্যালোচনা:

উত্তৰ: পাঠটোৰ দ্বিতীয় ছবিখনত নাটিকাখনৰ দ্বিতীয় দৃশ্যৰ কথা প্ৰকাশ পাইছে— য’ত মনন, সুমনা, ৰিতুপন, চায়েৰা, বুধুৱা, মনাইশ্ৰী আদি সকলো বন্ধুৱে মিলি হাতে হাতে গছপুলি, কোৰ-খন্তি, মগ-বাল্টি লৈ হাঁহি-মাতি আনন্দৰে সমদল কৰি খেলপথাৰলৈ গছপুলি ৰুবলৈ গৈছে।

৫। চমু উত্তৰ:

(ক) মননে ছবিখন কিয় আঁকিছিল?

উত্তৰ: বন মহোৎসৱ সপ্তাহ উপলক্ষে প্ৰদৰ্শনীত দিবৰ বাবে মননে ছবিখন আঁকিছিল।

(খ) গছে আমাক কি কি দিয়ে বুলি মননে কৈছে?

উত্তৰ: গছে আমাক ফল, ফুল আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছে।

(গ) আকাশীয়ে গছৰ মূঢ়াটোৰ গা-গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে?

উত্তৰ: আকাশীয়ে দিয়া ৰঙা ৰংটোৱে সূচাইছে যে গছ কাটিলে গছজোপাৰ বুকু ফাটি তেজ ওলাই আহে; অৰ্থাৎ গছৰো যে মানুহৰ দৰে প্ৰাণ আৰু দুখ-কষ্ট অনুভৱ কৰাৰ ক্ষমতা আছে, তাকে সূচাইছে।

(ঘ) বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাখন ক’ত অনুষ্ঠিত হ’ব?

উত্তৰ: জিলা পুথিভঁৰালত অনুষ্ঠিত হ’ব।

(ঙ) পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল?

উত্তৰ: কাম শেষ হোৱাৰ পাছত পৱন খুৰাই মননহঁতক বুট-নাৰিকল খুৱাব বুলি কৈছিল।

(চ) ‘যাওঁ ওলাই সকলোটি’- শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল?

উত্তৰ: ৰিতুপনে গাবলৈ আৰম্ভ কৰিছিল।

৬। বহলাই উত্তৰ লিখা:

(ক) মননে ছবিখনৰ জৰিয়তে কি ভাব ফুটাই তুলিব বিচাৰিছে?

উত্তৰ: মননে ছবিখনৰ জৰিয়তে গছ-গছনি যে আমাৰ অতি মৰমৰ আপোন মানুহৰ দৰে, সেই ভাবটো ফুটাই তুলিব বিচাৰিছে। গছে মানুহৰ দৰেই আমাক ফল, ফুল, শীতল ছাঁ আৰু নিৰ্মল বতাহ দিয়ে। সেয়েহে তেওঁ গছজোপাৰ ফেৰেঙণিত মানুহৰ মুখ আৰু ডাল দুটাক দুখন হাতৰ দৰে আঁকি গছ আৰু মানুহৰ মাজৰ নিবিড় সম্পৰ্ক প্ৰকাশ কৰিছে।

(খ) সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ’ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে, কেনেদৰে দূৰ হ’ব বুলি কৈছে?

উত্তৰ: সুমনাই শংকা কৰিছিল যে খেলপথাৰত ৰোৱা নতুন গছপুলিবিলাক গৰু-ছাগলীয়ে খাই পেলাব পাৰে। ৰিতুপনে তাইৰ এই শংকা দূৰ কৰি কয় যে তেওঁলোকৰ গাঁৱৰ ক্লাবৰ নবীনদা, দীপদা, বাবুল দাদাহঁতে পুলিবোৰৰ চাৰিওফালে জেওৰা দি সুন্দৰকৈ বেৰি ৰক্ষা কৰি দিব।

(গ) মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল?

উত্তৰ: মননহঁতে বন মহোৎসৱ উপলক্ষে চুবুৰিৰ খেলপথাৰৰ চাৰিওকাষে গছপুলি ৰোৱাৰ সিদ্ধান্ত লয়। তেওঁলোকে গছৰ তলৰপৰা আমলখি, শিলিখা, তেঁতেলী, বগৰী, কাঞ্চনফুল আদিৰ পুলি সংগ্ৰহ কৰে। ৰিতুপনে ঘৰৰপৰা শুকান গোবৰৰ গুড়ি, মননে খন্তি, সুমনাই সকলোকে কোৰ-হাতোৰা আৰু মগ-বাল্টি আনিবলৈ কয় যাতে পুলিত পানী দিব পাৰে। আবেলি ৩ বজাত সেন্দূৰী আমজোপাৰ তলত গোট খাই সকলোৱে মিলি খেলপথাৰলৈ গৈ পুলি ৰোৱাৰ সুন্দৰ পৰিকল্পনা কৰিছিল।

৭। কোনে, কাক আৰু কি প্ৰসংগত কৈছিল:

(ক) “আমাৰ মানুকণহঁতে, মানে ‘ক’ শ্ৰেণীৰ ল’ৰা-ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়।”

উত্তৰ: • কোনে ক’লে: সুমনাই। • কাক ক’লে: মনন আৰু ৰিতুপনক। • প্ৰসংগ: জিলা পুথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া বন মহোৎসৱ সপ্তাহৰ সামৰণী সভাৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা আলোচনা কৰোঁতে সুমনাই এই কথা কৈছিল।

(খ) “তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে, তাৰে এমোনা লৈ আহিবা।”

উত্তৰ: • কোনে ক’লে: মননে। • কাক ক’লে: ৰিতুপনক। • প্ৰসংগ: খেলপথাৰত গছপুলি ৰোৱাৰ সময়ত সাৰ হিচাপে ব্যৱহাৰ কৰিবৰ বাবে মননে ৰিতুপনক ঘৰৰপৰা শুকান গোবৰৰ গুড়ি আনিবলৈ কৈছিল।

৮। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা:

  • মালতী পেহীয়ে -> বিলাতী মধুৰিৰ পুলি কেইটামান দি পঠাইছে।

  • জোপোহা হৈ থকা পাতখিনি -> চুলিৰ নিচিনা লাগিছে।

  • ঘোষকে ক’ব -> মাননীয় ৰাইজ, আজিৰপৰা বন মহোৎসৱ আৰম্ভ হৈছে।

  • মাণিক বৰদেউতাই কথাটো শুনি -> খুব ভাল পাইছে।

  • জগত খুৰাৰ খুৰীয়ে -> পকাকল এথোকা পঠাই দিব।

৯। নাটিকাখনৰ চৰিত্ৰসমূহ (ভাৱৰীয়া):

১. ঘোষক ২. মনন ৩. সুমনা ৪. ৰিতুপন ৫. চায়েৰা ৬. বুধুৱা ৭. মনাইশ্ৰী ৮. ৰূপক ৯. আকাশী ১০. আকাশ ভাইটি ১১. মানুকণ (মানু ভণ্টি) ১২. চুকুমণি ১৩. লক্ষী ১৪. মনুবা

১০। নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ:

  • ছবি + -খন ⇒ ছবিখন • আঁহত + -জোপা ⇒ আঁহতজোপা • পুখুৰী + -টো ⇒ পুখুৰীটো • ছোৱালী + -জনী ⇒ ছোৱালীজনী • কাঠ + -চটা ⇒ কাঠচটা

১১। পদ শ্ৰেণীবিভাজন:

  • বিশেষ্য: মনন, চকু, চুবুৰি, জেওৰা • বিশেষণ: ধুনীয়া, ভাল • সৰ্বনাম: তাই, মই, সিহঁত, আমি • অব্যয়: আৰু, যদি • ক্ৰিয়া: দিওঁ, আহা

১২। বাক্য ৰচনা:

  • প্ৰদৰ্শনী: আমাৰ বিদ্যালয়ৰ প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে নিজহাতে অঁকা ছবি প্ৰদৰ্শন কৰিছে।

  • খেলপথাৰ: আবেলি সময়ত গাঁৱৰ ল’ৰা-ছোৱালীবোৰ খেলপথাৰত একগোট হয়।

  • ধৰণী: গছ-গছনি ৰোপণ কৰি আমরা ধৰণীখন সেউজীয়া আৰু সুন্দৰ কৰি ৰাখিব লাগে।

  • পুথিভঁৰাল: পুথিভঁৰালত নিয়মীয়াকৈ কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি হয়।

  • গছপুলি: পৰিৱেশ সুৰক্ষাৰ বাবে আমি সকলোৱে মিলি গছপুলি ৰোৱা উচিত।

১৩। যুৰীয়া শব্দ:

১. চকু-মুখ ২. গছ-গছনি ৩. জীৱ-জন্তু ৪. হাঁহি-মাতি ৫. কোৰ-কটাৰী ৬. বুট-নাৰিকল ७. গৰু-ছাগলী ৮. ফুল-ফল

১৪। গীতৰ পৰিৱৰ্তিত ৰূপ (মানুকণৰ গীত):

(ক) বাদাম বহুৱাই:

বা-আ, বা-আ বুট নাৰিকল আৰু পকাকল কেনে মজা বাদাম ভজা।

(খ) আলু বহুৱাই:

বা-আ, বা-আ বুট নাৰিকল আৰু পকাকল কেনে মজা আলু ভজা।

১৫। সংলাপ সম্প্ৰসাৰণ:

ৰিতুপন: সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায়, নহয়? আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে, ‘গছৰ প্ৰাণ আছে?’

সুমনা: হয় ৰিতুপন, সেই মহান ভাৰতীয় বিজ্ঞানীগৰাকী আছিল ছাৰ জগদীশ চন্দ্ৰ বসু। তেওঁ গছৰো অনুভূতি আৰু প্ৰাণ থকা কথাটো প্ৰমাণ কৰিছিল।

মনন: সেইবাবেই আমি কেতিয়াও গছ-গছনিক আঘাত কৰিব নালাগে, বৰঞ্চ প্ৰতিজনে গছপুলি ৰুই মৰমেৰে লালন-পালন কৰা উচিত।

১৬। বন মহোৎসৱ সম্পৰ্কে চমু ৰচনা / দফা:

বন মহোৎসৱ

বন মহোৎসৱ হ’ল গছপুলি ৰোপণ আৰু পৰিৱেশ সংরক্ষণৰ বাবে উদযাপন কৰা এক পৱিত্ৰ আৰু বাৰ্ষিক উৎসৱ। ভাৰতবৰ্ষত প্ৰতি বছৰে জুলাই মাহত বন মহোৎসৱ সপ্তাহ পালন কৰা হয়। গছ-গছনি হৈছে আমাৰ প্ৰকৃতিৰ অমূল্য সম্পদ। গছে আমাক জীয়াই থাকিমলৈ প্ৰয়োজনীয় অম্লজান (অক্সিজেন) দিয়ে, বতাহ পৰিষ্কাৰ কৰে আৰু পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। তদুপৰি গছে বৰষুণ হোৱাত সহায় কৰে আৰু মাটিৰ খহনীয়া ৰোধ কৰে। গছ অবিহনে জীৱকুলৰ অস্তিত্ব অসম্ভৱ। সেয়েহে ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে বন মহোৎসৱৰ সময়ত গছপুলি ৰোপণ কৰি পৃথিৱীখনক সেউজীয়া আৰু সুন্দৰ কৰি গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰা উচিত।

Scroll to Top